সন্ত্ৰাসবাদ

‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজ বন্ধ হোৱা নাই…;’অপাৰেচন সিন্দূৰক লৈ প্ৰধানমন্ত্ৰীৰ মন্তব্য  

‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজ বন্ধ হোৱা নাই’ আজি অৰ্থাৎ শুকুৰবাৰে বিহাৰৰ কাৰাকাটত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিহাৰত প্ৰধানমন্ত্ৰী গৰাকীয়ে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।প্ৰধানমন্ত্ৰী মোদীৰ বিহাৰ ভ্ৰমণৰ এইটো দ্বিতীয় দিন। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ

‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজ বন্ধ হোৱা নাই’

আজি অৰ্থাৎ শুকুৰবাৰে বিহাৰৰ কাৰাকাটত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিহাৰত প্ৰধানমন্ত্ৰী গৰাকীয়ে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।প্ৰধানমন্ত্ৰী মোদীৰ বিহাৰ ভ্ৰমণৰ এইটো দ্বিতীয় দিন।

এই সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ সৈতে কাৰাকাটত ৰোড শ্ব’ কৰে। তাৰ পিছতে ৰাজহুৱা সভাত ভাষণ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে।

কাৰাকাটৰ জনসাধাৰণক সম্বোধন কৰি নৰেন্দ্ৰ মোদীয়ে কয়, “বিহাৰৰ প্ৰেমক মই সদায় উচ্চ সন্মান কৰো।মাতৃ ভগ্নী সকলক বিশেষ শ্ৰদ্ধা জনাইছো।পহলগামত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলালে।

ইয়াৰ পিছত আমি তেওঁলোকৰ চকুলৈ চাই ক’লোঁ যে সন্ত্ৰাসবাদীৰ আত্মগোপন কৰা ঠাইবোৰ ভাঙি পেলোৱা হ’ব।মই বিহাৰৰ মাটিত কৈছিলোঁ যে তেওঁলোকে কল্পনা কৰাতকৈও ডাঙৰ শাস্তি পাব।

আজি যেতিয়া বিহাৰলৈ আহিছো, তেতিয়া মই মোৰ প্ৰতিশ্ৰুতি পূৰণ কৰি আহিছো।আমাৰ সেনাই তেওঁলোকৰ ঘাটিবোৰ ধ্বংসাৱশেষলৈ ৰূপান্তৰিত কৰিছে।”

প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, “আজি মই বিহাৰৰ মাটিৰ পৰা পুনৰ ক’ব বিচাৰিছো যে শত্ৰুৱে অপাৰেচন সিন্দুৰত ভাৰতৰ শক্তি দেখিছে কিন্তু শত্ৰুৱে বুজিব লাগে যে এয়া আমাৰ চৰকাৰৰ মাত্ৰ এডাল হে কাঁড় মাথোঁ।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজ বন্ধ হোৱা নাই, স্তব্ধ হোৱা নাই।যদি পুনৰ সন্ত্ৰাসৰ উত্থান ঘটে তেন্তে ভাৰতে ইয়াক গাঁতৰ পৰা উলিয়াই থেতেলিয়াই পেলাব।”

লগতে পঢ়ক:শুভমান গীল নে হাৰ্ডিক পাণ্ডিয়া? আজি এলিমিনেটৰত জিলিকিব কাৰ ভাগ্য

শেহতীয়া প্ৰৱন্ধসমূহ