ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীলৈ লিখিলে পত্ৰ
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখিছে।
প্ৰধানমন্ত্ৰী মোদীক এই পত্ৰৰ জৰিয়তে তেওঁ দাবী জনাইছে যে পাকিস্তানৰ গোলাবৰ্ষণৰ ফলত ক্ষতিগ্ৰস্ত জম্মু-কাশ্মীৰৰ সকলো অঞ্চলৰ বাবে সাহায্য আৰু পুনৰ্বাসনৰ পেকেজ দিব লাগে।
ৰাহুল গান্ধীয়ে কৰিছিল পুঞ্চ ভ্ৰমণ
যোৱা শনিবাৰে কংগ্ৰেছ সাংসদ গৰাকীয়ে জম্মু-কাশ্মীৰৰ পুঞ্চ ভ্ৰমণ কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে সময় কটায়।ইয়াত সেই সকলৰ পৰিয়ালো আছিল, যাৰ ৭ মে’ৰ পৰা ১০ মে’ৰ ভিতৰত সীমাত হোৱা আক্ৰমণত নিজৰ সদস্য সকলক হেৰুৱাইছে।
তেওঁ গুলীচালনাৰ ফলত ক্ষতিগ্ৰস্ত গুৰদ্বাৰা সিং সভা, মন্দিৰ গীতা ভৱন আৰু মাদ্ৰাছা জিয়া-উল-উলুমকো পৰিদৰ্শন কৰি ক্ৰাইষ্ট হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে।
চিঠিত কি লিখিছে
প্ৰধানমন্ত্ৰী মোদীলৈ লিখা পত্ৰত তেওঁ কয় যে তেওঁ শেহতীয়াকৈ পুঞ্চ ভ্ৰমণ কৰিছিল, য’ত পাকিস্তানৰ গোলাবৰ্ষণত ৪টা শিশুকে ধৰি ১৪ জন লোকৰ কৰুণ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হয়।
পত্ৰখনত বিৰোধী দলপতিগৰাকীয়ে কয় যে পাকিস্তানৰ গুলীচালনাত ৰাজহুৱা স্থানৰ ক্ষতিসাধন হৈছে।শ শ ঘৰ-দুৱাৰ, দোকান-পোহাৰ, বিদ্যালয়, ধৰ্মীয় স্থান বেয়াকৈ ধ্বংস হৈছে।
পুঞ্চ আৰু অন্যান্য সীমান্ত অঞ্চলৰ জনসাধাৰণে দশক দশক ধৰি শান্তি আৰু ভাতৃত্ববোধেৰে জীৱন নিৰ্বাহ কৰি আহিছে।
আজি যেতিয়া তেওঁলোকে এই গভীৰ সংকটৰ মাজেৰে পাৰ হৈ গৈছে,গতিকে তেওঁলোকৰ যন্ত্ৰণা বুজি তেওঁলোকৰ জীৱন পুনৰ নিৰ্মাণৰ বাবে সকলো সম্ভৱ সহায় আগবঢ়োৱাটো আমাৰ কৰ্তব্য।
মই ভাৰত চৰকাৰক আহ্বান জনাইছো যে পাকিস্তানৰ গোলাবৰ্ষণত ক্ষতিগ্ৰস্ত হোৱা সকলো অঞ্চলৰ বাবে পুনৰ্বাসনৰ পেকেজ প্ৰস্তুত কৰক।
লগতে পঢ়ক: কোৱালিফায়াৰত আৰচিবিৰ দুৰ্দান্ত প্ৰদৰ্শন; ১০১ ৰানত অল আউট পঞ্জাৱ কিংছ