দুগৰাকী ভাৰতীয় শান্তিৰক্ষীক মৰণোত্তৰভাৱে সন্মান জনাব ৰাষ্ট্ৰসংঘই...

দুগৰাকী ভাৰতীয় শান্তিৰক্ষীক মৰণোত্তৰভাৱে সন্মান জনাব ৰাষ্ট্ৰসংঘই… অভিযানৰ সময়ত দিছিল সৰ্বোচ্চ বলিদান

দুগৰাকী ভাৰতীয় শান্তিৰক্ষীক মৰণোত্তৰভাৱে সন্মান জনাব ৰাষ্ট্ৰসংঘই… মৰণোত্তৰভাৱে দুগৰাকী ভাৰতীয় শান্তিৰক্ষীক সন্মান জনাব ৰাষ্ট্ৰসংঘই । ভাৰতীয় শান্তিৰক্ষী দুয়োজনেই কৰ্তব্য পালন কৰি থকা অৱস্থাত শ্বহীদ হৈছিল । ২৯ মে’ত আন্তঃৰাষ্ট্ৰীয় শান্তিৰক্ষী দিৱস উপলক্ষে অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত সন্মানিত হ’বলগীয়া ভাৰতীয় শান্তিৰক্ষী দুগৰাকীৰ ভিতৰত আছে ব্ৰিগেডিয়াৰ জেনেৰেল

দুগৰাকী ভাৰতীয় শান্তিৰক্ষীক মৰণোত্তৰভাৱে সন্মান জনাব ৰাষ্ট্ৰসংঘই…

মৰণোত্তৰভাৱে দুগৰাকী ভাৰতীয় শান্তিৰক্ষীক সন্মান জনাব ৰাষ্ট্ৰসংঘই । ভাৰতীয় শান্তিৰক্ষী দুয়োজনেই কৰ্তব্য পালন কৰি থকা অৱস্থাত শ্বহীদ হৈছিল । ২৯ মে’ত আন্তঃৰাষ্ট্ৰীয় শান্তিৰক্ষী দিৱস উপলক্ষে অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত সন্মানিত হ’বলগীয়া ভাৰতীয় শান্তিৰক্ষী দুগৰাকীৰ ভিতৰত আছে ব্ৰিগেডিয়াৰ জেনেৰেল অমিতাভ ঝা আৰু হাবিলদাৰ সঞ্জয় সিং ।

এই দুগৰাকী ভাৰতীয় জোৱানক মৰণোত্তৰভাৱে সন্মান জনোৱা হ’ব-

ব্ৰিগেডিয়াৰ জেনেৰেল অমিতাভ ঝা, ৰাষ্ট্ৰসংঘৰ বিচ্ছিন্নতা পৰ্যবেক্ষক বাহিনী আৰু হাবিলদাৰ সঞ্জয় সিঙক কংগোৰ ৰাষ্ট্ৰসংঘৰ স্থিতিশীলতা অভিযানত নিযুক্তি দিয়া হৈছিল । দুয়োকে মৰণোত্তৰভাৱে ডেগ হামাৰস্কজল্ড পদক প্ৰদান কৰা হ’ব । ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীত ভাৰত চতুৰ্থ বৃহত্তম অৰিহণা যোগোৱা দেশ । বৰ্তমান ৫৩০০ ভাৰতীয় সামৰিক আৰু আৰক্ষী জোৱান ৰাষ্ট্ৰসংঘৰ বিভিন্ন শান্তিৰক্ষা অভিযানত নিয়োজিত হৈ আছে । এই সৈনিকসকল আবেই, মধ্য আফ্ৰিকান ৰিপাব্লিক, কংগো গণতান্ত্ৰিক ৰিপাব্লিক, লেবানন, ছোমালিয়া, দক্ষিণ চুডান আৰু পশ্চিম চাহাৰাৰ দৰে দেশত নিয়োজিত হৈ আছে ।

২৯ মে’ত অনুষ্ঠিত হ’বলগীয়া এই সন্মান অনুষ্ঠানত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিয়া গুটেৰেছে ১৯৪৮ চনৰ পৰা ৰাষ্ট্ৰসংঘৰ অভিযানত প্ৰাণ আহুতি দিয়া ৪৪০০ শান্তিৰক্ষী বাহিনীৰ স্মৃতিত মাল্যাৰ্পণ কৰিব । সন্মান অনুষ্ঠানত মুঠ ৫৭ গৰাকী সামৰিক, আৰক্ষী আৰু অসামৰিক শান্তিৰক্ষীক মৰণোত্তৰভাৱে সন্মান জনোৱা হ’ব । এই ৫৭ গৰাকী শান্তিৰক্ষী সৈন্যই যোৱা বছৰ ৰাষ্ট্ৰসংঘৰ বিভিন্ন অভিযানত প্ৰাণ আহুতি দিছিল ।

যোৱা বছৰ ভাৰতীয় সেনাৰ মেজৰ ৰাধিকা সেনক ‘২০২৩ ইউ এন মিলিটাৰী জেণ্ডাৰ এডভোকেট অব দ্য ইয়েৰ’ প্ৰদান কৰা হৈছিল । ২০২৪ চনৰ মিলিটাৰী এডভোকেট বঁটা ঘানাৰ স্কোয়াড্ৰন লিডাৰ শ্বেৰন মিনছ’টে আৰু ছিয়েৰা লিয়নৰ ৰাষ্ট্ৰসংঘৰ মহিলা আৰক্ষী বিষয়া অধীক্ষক জৈনাব গাবালাক প্ৰদান কৰা হ’ব ।

২০০২ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰসংঘ শান্তিৰক্ষী দিৱস আৰম্ভ কৰা হয় । শান্তি অভিযানৰ সময়ত সেৱা আগবঢ়োৱা সৈনিকসকলৰ সন্মানত এই দিৱস পালন কৰা হয় । ১৯৪৮ চনত পশ্চিম এছিয়াৰ ইজৰাইল আৰু আৰব দেশৰ যুদ্ধত প্ৰথমবাৰৰ বাবে শান্তিৰক্ষী বাহিনী নিয়োগ কৰা হৈছিল ।

তাৰ পিছৰে পৰা সমগ্ৰ বিশ্বতে প্ৰায় ২০ লাখ শান্তিৰক্ষীয়ে ৭১টা অভিযানত সেৱা আগবঢ়াইছে । ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীত ৬৮ হাজাৰ পুৰুষ আৰু মহিলা সৈনিক আছে, যিসকল আফ্ৰিকা, এছিয়া, ইউৰোপ আৰু পশ্চিম এছিয়াৰ ১১টা সংঘাতপূৰ্ণ অঞ্চলত নিয়োজিত হৈ আছে । বৰ্তমান বিশ্বৰ ১১৯খন দেশৰ সৈন্যই ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীত সেৱা আগবঢ়াই আছে ।

লগতে পঢ়ক : সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতক সমৰ্থন গোয়ানাৰ… বহু বিষয়ৰ ওপৰত হ’ল আলোচনা

শেহতীয়া প্ৰৱন্ধসমূহ