স্পেচএক্স ষ্টাৰশ্বিপৰ সফল উৎক্ষেপণ
বুধবাৰে পুৱা স্পেচএক্সে নিজৰ ষ্টাৰশ্বিপ ছুপাৰ হেভি ৰকেটৰ নৱম পৰীক্ষামূলক উৎক্ষেপণ কৰে । এই উৎক্ষেপণ দক্ষিণ টেক্সাছৰ বোকা চিকা বীচ্চৰ ওচৰত অৱস্থিত কোম্পানীটোৰ ‘ষ্টাৰবেছ’ লঞ্চ ছাইটৰ পৰা কৰা হৈছিল । ভাৰতীয় সময় অনুসৰি পুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা এই অভিযানত সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছিল ।
ৰকেটটো সফলভাৱে উৎক্ষেপণ কৰা হয় যদিও উৎক্ষেপণৰ কিছু সময়ৰ পাছত ষ্টাৰশ্বিপে নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই । ইয়াৰ বাবে পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ লগে লগে স্পেচএক্স ষ্টাৰশ্বিপ ধ্বংস হৈ পৰে । এই সমগ্ৰ পৰীক্ষাটো ১.০৬ ঘণ্টা ধৰি চলিছিল । স্পেচএক্সে নিশ্চিত কৰিছে যে ষ্টাৰশ্বিপৰ ৰকেটটো পৃথিৱীলৈ উভতি অহাৰ সময়তে টুকুৰা টুকুৰ হৈ পৰিছিল । ই ভাৰত মহাসাগৰত অৱতৰণ কৰিবলৈ সাজু হৈ আছিল ।
স্পেচএক্সে কয় যে এই যাত্ৰাত মহাকাশযানখনে এই বছৰৰ তুলনাত অধিক মাইলৰ খুঁটি অতিক্ৰম কৰিছিল যদিও এইবাৰো কিছু সমস্যাৰ সৃষ্টি হৈছিল, যাৰ ফলত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰিকৰী প্ৰদৰ্শনত ব্যাঘাত জন্মিছিল । কি ভুল হ’ল আমি তদন্ত কৰিম । তথাপিও সামগ্ৰিক ফলাফল ভাল হ’ব কাৰণ পূৰ্বৰ দুটা পৰীক্ষা টেক অফৰ ১০ মিনিটতকৈও কম সময়ৰ ভিতৰতে বিফল হৈছিল ।
As if the flight test was not exciting enough, Starship experienced a rapid unscheduled disassembly. Teams will continue to review data and work toward our next flight test.
— SpaceX (@SpaceX) May 28, 2025
With a test like this, success comes from what we learn, and today’s test will help us improve Starship’s…
কি বিশেষ আছিল এই উৎক্ষেপণত ?
এই অভিযানৰ নাম ৰখা হৈছিল ‘ষ্টাৰশ্বিপ ফ্লাইট ৯’ । ইয়াত ছুপাৰ হেভি বুষ্টাৰ আৰু শ্বিপ ৩৫ ব্যৱহাৰ কৰা হৈছিল । ইয়াৰ পূৰ্বেও ছুপাৰ হেভি বুষ্টাৰে ফ্লাইট ৭ৰ উৰণত আছিল আৰু এইটো আছিল ইয়াৰ দ্বিতীয়টো উৎক্ষেপণ । পূৰ্বৰ কিছু উৎক্ষেপণত কাৰিকৰী ত্ৰুটিৰ বাবে অভিযান সফল নহ’ল যদিও এইবাৰৰ উৎক্ষেপণে বহু গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিলে ।
ইঞ্জিন, ষ্টেজ পৃথকীকৰণ আৰু উৰণৰ অভিজ্ঞতা-
এই ৰকেটত ৩৩টা ৰেপ্টৰ ইঞ্জিন আছে, ইয়াৰে ২৯টা ইঞ্জিন এই উৰণত সফলতাৰে আৰম্ভ কৰা হৈছিল । ইয়াৰ উপৰিও ষ্টাৰশ্বিপে “হট-ষ্টেজিং” নামৰ এটা গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াও সফলতাৰে সম্পূৰ্ণ কৰে । এইটো হৈছে ষ্টেজ পৃথকীকৰণৰ নতুন কৌশল অৰ্থাৎ প্ৰথম আৰু দ্বিতীয় পৰ্যায় পৃথক কৰা, যিটো ভৱিষ্যতৰ অভিযানত অতি গুৰুত্বপূৰ্ণ হ’ব ।
এই উৰণৰ বাবে স্থানীয় প্ৰশাসনে নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ২৯ মে’লৈকে পথসমূহ বন্ধ কৰি দিছিল । এই অভিযানে আমেৰিকাৰ এফ এ এ (ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচন)ৰ পৰা উৰণৰ অনুমতি লাভ কৰিছিল । এফ এ এয়ে ব্ৰিটেইন, টাৰ্কছ এণ্ড কেকোছ দ্বীপপুঞ্জ, বাহামা, মেক্সিকো আৰু কিউবাৰ দৰে দেশৰ সৈতে সমন্বয়ত এই অনুমতি দিছিল, কাৰণ ৰকেটৰ উৰণ এই দেশসমূহৰ ওপৰেৰে পাৰ হৈ যায় । এফ এ এয়ে বিমানৰ বিপদজনক অঞ্চল অৰ্থাৎ উৰণৰ পথত বিপজ্জনক আকাশমাৰ্গৰ সীমা ১৬০০ নটিকেল মাইললৈ বৃদ্ধি কৰিছিল, যাতে কোনো দুৰ্ঘটনা নহয় ।
লগতে পঢ়ক : কঠোৰ ইছৰো… PSLV-C61 মিছন বিফলতাৰ তদন্তৰ বাবে গঠন ৰাষ্ট্ৰীয় সমিতি; আৰম্ভ ৰকেট অডিট