অপাৰেচন সিন্দূৰৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ অব্যাহত আছে। শুকুৰবাৰে সন্ধিয়াৰ পৰা পাকিস্তানে ভাৰতৰ ২৬খন চহৰৰ জনবসতিপূৰ্ণ অঞ্চলক লক্ষ্য কৰি ড্ৰোন আক্ৰমণ কৰে, যিবোৰ ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাই সম্পূৰ্ণৰূপে বিফল কৰে।
ইফালে পাকিস্তান সেনাই দাবী কৰিছে যে ভাৰতে ৬টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে। পাকিস্তানে ইয়াক ভাৰতৰ দায়িত্বহীন কাণ্ড বুলি অভিহিত কৰিছে।ইয়াৰ পিছত পাকিস্তানে এয়াৰবেছ বন্ধ কৰি NOTAM জাৰি কৰে।
অৱশ্যে এই আক্ৰমণ সন্দৰ্ভত এতিয়ালৈকে ভাৰত চৰকাৰে কোনো নিশ্চিত কৰা নাই।ভাৰতীয় ক্ষেপণাস্ত্ৰই পাকিস্তানৰ চাৰিটা বিমান ঘাটি – ৰাৱালপিণ্ডি, মুৰিদ চক্ৰৱাল, ছৰকোট আৰু নূৰখানক লক্ষ্য কৰি লৈছে।
পাকিস্তান সেনাৰ জনসংযোগ বিভাগৰ আই এছ পি আৰৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ভাৰতে ৬ টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে।