পহলগাম আক্ৰমণৰ উপযুক্ত প্ৰত্যুত্তৰ দিছে ভাৰতে।দেশৰ তিনিটাও সেনা বাহিনীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰি পাকিস্তানত অৱস্থিত ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰা হৈছে।
ভাৰতে কৰা সিন্দুৰ অপাৰেচনে চলচ্চিত্ৰ জগতৰ তাৰকা সকলৰ হৃদয়ো উৎসাহেৰে ভৰাই তুলিছে।সকলোৱে এই বিমান আক্ৰমণৰ প্ৰশংসা কৰিছে।
অভিনেতা-ৰাজনীতিবিদ পৱন কল্যানে প্ৰধানমন্ত্ৰীৰ এই পদক্ষেপক প্ৰশংসা কৰি দীনকাৰৰ এটি কবিতা তেওঁৰ নামত উৎসৰ্গা কৰে।তেওঁ এক্সত পোষ্ট কৰি লিখিছে: য’ত শৌৰ্য্য নাই, তাতেই গুণৰ ক্ষতি হয়’।
‘য’ত সাহস নাথাকে তাত স্বাৰ্থপৰতাৰ প্ৰাধান্য। দশক দশক ধৰি সহনশীলতা… সহনশীলতা!বহুত সহ্য কৰাৰ পিছত সমগ্ৰ ভাৰতবৰ্ষই ‘অপাৰেচন সিন্দুৰ’ৰ জৰিয়তে পুনৰ শৌৰ্য্যৰ মনোভাৱেৰে ভৰাই তোলা তিনিওটা সশস্ত্ৰ বাহিনীৰ সাহসী নেতৃত্ব আৰু তেওঁলোকৰ সৈতে দৃঢ়তাৰে থিয় দিয়া প্ৰধানমন্ত্ৰী গৰাকীলৈ আন্তৰিক ধন্যবাদ!আমি আপোনালোকৰ লগত আছো, সদায়। জয় হিন্দ!’
দেশৰ এই সাহসী পদক্ষেপক ছুপাৰষ্টাৰ ৰজনীকান্তে প্ৰশংসা কৰি লিখিছে যে ‘যোদ্ধাৰ যুদ্ধ আৰম্ভ হৈছে।মিছন সম্পূৰ্ণ নোহোৱালৈকে ৰৈ নাথাকিব। গোটেই দেশ আপোনালোকৰ লগত আছে’।
জুনিয়ৰ এনটিআৰে সেনা বাহিনীসমূহৰ সুৰক্ষা কামনা কৰি লিখিছে-‘অপাৰেচন সিন্দুৰত আমাৰ ভাৰতীয় জোৱান সকলৰ সুৰক্ষা আৰু শক্তিৰ বাবে প্ৰাৰ্থনা। জয় হিন্দ!’