আজিকালি সকলো লোকেই এটিএম ব্যৱহাৰ কৰে। এনে পৰিস্থিতিত সেইসকল লোকৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ আহিছে। ১ মে’ ২০২৫ ৰ পৰা এটিএমৰ নিয়ম সলনি হ’বলৈ গৈ আছে।
অৰ্থাৎ এতিয়া এটিএমৰ চাৰ্জত কিছু সাল সলনি হৈছে।ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমৰ প্ৰস্তাৱত আৰ বি আইয়ে অনুমোদন জনোৱাৰ পিছত আন বেংকৰ এটিএমৰ পৰা ধন উলিওৱাটো এতিয়া ব্যয়বহুল হৈ পৰিব।
২০২৫ চনৰ ১ মে’ৰ পৰা, নিৰ্দিষ্ট সীমাৰ পিছত আন বেংকৰ এটিএমৰ পৰা ধন উলিয়াবলৈ আগতে ১৭ টকা খৰচ হৈছিল, এতিয়া খৰচ হ’ব ১৯ টকা।লগতে বেলেঞ্চ চেক কৰাৰ চাৰ্জো ৭ টকাৰ পৰা ৯ টকালৈ বৃদ্ধি কৰা হৈছে।
বেংকৰ গ্ৰাহকে মাহত এবাৰকৈ অন্য এটিএমলৈ এমাহত মেট্ৰ’ চহৰত ৫টা বিনামূলীয়া লেনদেন আৰু নন-মেট্ৰ’ত ৩টা বিনামূলীয়া লেনদেনৰ সীমা দিয়ে।ইয়াৰ উপৰিও এই বৰ্ধিত চাৰ্জ লেনদেনৰ ওপৰত আৰোপ কৰা হ’ব।
এতিয়াৰে পৰা গ্ৰাহক সকলে নন-হোম বেংক এমটিএৰ পৰা ধন উলিয়াবলৈ বা বেলেঞ্চ চেক কৰাৰ বাবে অধিক চাৰ্জ দিব লাগিব।
এই বৃদ্ধি পোৱা চাৰ্জৰ পিছত যি সকল লোকে এটিএম বেছি ব্যৱহাৰ কৰে তেওঁলোকে হয়টো অতিৰিক্ত চাৰ্জৰ পৰা হাত সাৰিবলৈ নিজৰ ঘৰুৱা বেংকৰ এটিএম ব্যৱহাৰ কৰক অথবা ডিজিটেল পেমেণ্ট বিকল্প ব্যৱহাৰ কৰিব লাগিব।