ভাৰতীয় নৌসেনাই চীনৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখিবলৈ শক্তিশালী ব্যৱস্থা কৰিবলৈ ওলাইছে।যদি চীনে সাগৰত কোনো ধৰণৰ অশান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰে তেনেহলে ভাৰতীয় নৌসেনালৈ যাব সতৰ্কবাণী আৰু লগে লগেই সাজু হ’ব তেওঁলোক।
গুৰুত্বপূৰ্ণ কথাটো হ’ল চীনে সাগৰত যিকোনো কাম কৰিলেই, ভাৰতে কেনেকৈ জানিব? ইয়াৰ সমাধান বিচাৰি উলিয়াইছে ভাৰতীয় নৌসেনা আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই।
তথ্য অনুসৰি, ভাৰতীয় নৌসেনা আৰু ডি আৰ ডি অ’ই ভাৰত মহাসাগৰৰ তলৰ বিভিন্ন অঞ্চলত চেন্সৰ নেটৱৰ্ক স্থাপনৰ পৰিকল্পনা কৰিছে।
এই পৰিকল্পনাৰ অধীনত নৌসেনা নব্বৈ ইষ্ট ৰিজলৈ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু বংগোপসাগৰৰ মূল অঞ্চলসমূহত পানীৰ তলত আধুনিক চেন্সৰৰ নেটৱৰ্ক স্থাপন কৰিবলৈ ওলাইছে।
ইয়াৰ জৰিয়তে যেতিয়াই চীনৰ ছাবমেৰিনে কোনো পদক্ষেপ ল’ব, তেতিয়াই এই চেন্সৰসমূহে ইয়াক ধৰা পেলাব।
হাইড্ৰ’একাউষ্টিক চেন্সৰ ব্যৱহাৰ কৰি ভাৰতীয় নৌসেনাই চীনৰ ছাবমেৰিনৰ কাৰ্যকলাপৰ সঠিক সময় জানিব পাৰিব।
এই চেন্সৰসমূহে সাগৰৰ তলত শব্দ তৰংগ ব্যৱহাৰ কৰি ছাবমেৰিন আৰু পানীৰ তলৰ আন বাহন ধৰা পেলাব। চেন্সৰসমূহে ছাবমেৰিনৰ পৰা অহা শব্দ স্বাক্ষৰ ধৰা পেলায়, ইয়াৰ জৰিয়তে তেওঁলোকে নিজৰ কাম-কাজৰ বিষয়ে জানিব পাৰে।