বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰৌটেলা প্ৰায়ে তেওঁৰ অভিনয়ৰ বাবে শিৰোনামত থাকে।বলীউডৰ বহু ছবিত অভিনয় কৰা অভিনেত্ৰী উৰ্বশী ৰৌটেলাই শেহতীয়াকৈ এক আচৰিত মন্তব্য দিছে।
য’ত উৰ্বশীয়ে কৈছিল যে তেওঁৰ নামৰ এটা মন্দিৰ উত্তৰাখণ্ডত নিৰ্মাণ কৰা হৈছে।কেৱল এয়াই নহয়, এই মন্দিৰটো কোনো সাধাৰণ স্থানত অৱস্থিত নহয় বৰঞ্চ বদ্ৰীনাথ মন্দিৰৰ ওচৰতে নিৰ্মাণ কৰা হৈছে।
এটা সাক্ষাৎকাৰত উৰ্বশী ৰৌটেলাই কয় যে, ‘ইতিমধ্যে উত্তৰাখণ্ডত মোৰ নামত উৰ্বশী নামেৰে এটা মন্দিৰ আছে।বদ্ৰীনাথ মন্দিৰ দৰ্শন কৰিবলৈ গ’লে, তাৰ ঠিক কাষতে এটা মন্দিৰ আছে।
যাৰ নাম উৰ্বশী আৰু সেইটো মোৰ বাবে উৎসৰ্গিত।মই মাথোঁ কামনা কৰোঁ যে ঠিক যেনেকৈ মই প্ৰায় ডেৰ বছৰৰ ব্যৱধানত মেগা ষ্টাৰ চিৰঞ্জীৱীৰ সৈতে অভিষেক ঘটালোঁ।তাৰ পিছত পৱন কল্যাণ গাৰুৰ লগত কাম কৰিলোঁ।
তাৰ পিছত মই বালা বাবুৰ লগত কাম কৰিলোঁ।এতিয়া মোৰ একমাত্ৰ ইচ্ছা যে তেওঁলোকৰো যদি মন্দিৰ আছে, তেনেহলে দক্ষিণৰ মোৰ অনুৰাগীসকলৰ বাবেও একেধৰণৰ কিবা এটা হ’ব লাগে।
সাক্ষাৎকাৰটোত অভিনেত্ৰী গৰাকীক প্ৰশ্ন সোধা হৈছিল যে তেওঁ নিজকে ঈশ্বৰ বুলি গণ্য কৰে নেকি? এই প্ৰশ্নৰ উত্তৰত কয় যে তেওঁ প্ৰতিগৰাকী ছোৱালীকেই ভগৱানৰ ৰূপ হিচাপে গণ্য কৰে।তেওঁ ক’লে, ‘যিকোনো ছোৱালীয়ে দেৱী হ’ব পাৰে।’