মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ বৈঠকৰ অন্তত সংবাদমেলযোগে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে ৩০ মাৰ্চত প্ৰদান কৰা হ’ব অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান।
এইবাৰ অসম বৈভৱ বঁটা অৱসৰ প্ৰাপ্ত ৰাণা প্ৰতাপ কলিতাক প্ৰদান কৰা হ’ব। আনহাতে অসম সৌৰভ বঁটাৰ বাবে টি চি এছ ৰ প্ৰাক্তন শ্বেয়াৰ মেন ড০ এছ ৰামদুৰাই, ভাটনাগড় বাপী পাল, দ্বীপেন বৰুৱা, হেমন্ত দত্ত, উমা চেত্ৰীক প্ৰদান কৰা হ’ব।
ইফালে শগুন সংৰক্ষণৰ বাবে কাম কৰি থকা ফুলেশ্বৰী দত্ত, মটৰ বাইকাৰ মিনাক্ষা দাস, ISL খেলুৱৈ পাৰ্থ সুন্দৰ গগৈ, ধীৰন্দ্ৰ নাথ পাল, সৰ্থেবাৰীৰ হৰিদাস দাস, শ্ৰী বিনং টেৰঙ, যোৰহাটৰ কৃষক বিশ্বজিত বৰা, চাহ জনজাতীয় নৃত্যৰ শিল্পী ৰাম চাচনিকে ধৰি কেইবাগৰাকী লোকলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা।
অসমৰ ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্ই ৩০ মাৰ্চত আগবঢ়াৱ এই বঁটা সমূহ।উল্লেখ্য যে অসম বৈভৱ বঁটাত থাকে নগদ পাঁচ লাখ টকা, লগতে অন্যান্য চৰকাৰী সুবিধা,অসম সৌৰভ বঁটাত থাকে নগদ চাৰি লাখ টকা, লগতে অন্যান্য চৰকাৰী সুবিধা আৰু অসম গৌৰৱ বঁটাত থাকে নগদ তিনি লাখ টকা লগতে অন্যান্য চৰকাৰী সুবিধা সমূহ থাকিব।