আজি ভেলেণ্টাইন ডে’; প্ৰেমৰ দিনটো প্ৰেমাস্পদৰ সৈতে এনেদৰে কৰক বিশেষ

ভেলেণ্টাইন ডে’ৰ আজিৰ এই দিনটোত প্ৰেমময় দম্পতীয়ে বিশেষভাৱে উদযাপন কৰা দেখা যায়। প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীত পালন কৰা ভেলেণ্টাইন ডে’ক ‘প্ৰেমৰ উৎসৱ’ বুলি কোৱা হয়। সমগ্ৰ বিশ্বতে আজি সুৱৰিছে ছেণ্ট ভেলেণ্টাইনক। আজিৰ দিনটোত, প্ৰেমিকসকলে ইজনে সিজনৰ প্ৰতি তেওঁলোকৰ অনুভূতি প্ৰকাশ কৰে আৰু এই দিনটো বিশেষ

ভেলেণ্টাইন ডে’ৰ আজিৰ এই দিনটোত প্ৰেমময় দম্পতীয়ে বিশেষভাৱে উদযাপন কৰা দেখা যায়। প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীত পালন কৰা ভেলেণ্টাইন ডে’ক ‘প্ৰেমৰ উৎসৱ’ বুলি কোৱা হয়।

সমগ্ৰ বিশ্বতে আজি সুৱৰিছে ছেণ্ট ভেলেণ্টাইনক।  আজিৰ দিনটোত, প্ৰেমিকসকলে ইজনে সিজনৰ প্ৰতি তেওঁলোকৰ অনুভূতি প্ৰকাশ কৰে আৰু এই দিনটো বিশেষ কৰি তুলিবলৈ সকলোৱে প্ৰচেষ্টা কৰে।

আজিৰ দিনটোত, প্ৰিয়জনক উপহাৰ দিয়ে, ডেটত যায়, চকলেট, ৰঙা গোলাপ আদি উপহাৰ দিয়ে।

প্ৰেম হৈছে এক স্বৰ্গীয় অনুভূতি ৷ প্ৰেমে কঢ়িয়াই আনে মনত হাজাৰটা আশাৰ সঞ্চাৰ ৷ প্ৰেমেই দিয়ে জীয়াই থকাৰ প্ৰেৰণা ৷ প্ৰেমিক যুগলৰ বাবে এই দিনটো অতি বিশেষ হয় ৷

ৰ’জ ডে’ৰ পৰা আৰম্ভ হোৱা ভেলেণ্টাইন উইক আজি ভেলেণ্টাইন ডে’ৰ জৰিয়তে অন্ত পৰিব ৷ বহুতো দম্পতীয়ে এই দিনটোত ৰঙা ৰং পিন্ধে কিয়নো ই ছেইণ্ট ভেলেণ্টাইনৰ সৈতে সম্পৰ্কিত আৰু ইয়াক প্ৰেম আৰু আবেগৰ ৰং বুলি গণ্য কৰা হয়। ভেলেণ্টাইন কেলেণ্ডাৰত, ভেলেণ্টাইন ডে’ সপ্তম দিনত পৰে আৰু ইয়াৰে এই ৰোমাণ্টিক সপ্তাহৰ সমাপ্তি হয়।  

ভেলেণ্টাইন ডে’ৰ উৎপত্তি হৈছে ৰোমান উৎসৱৰ পৰা ৷প্ৰেমৰ দিৱস হিচাপে উদযাপন কৰা ভেলেণ্টাইন দিৱস আচলতে চেইণ্ট ভেলেণ্টাইন নামৰ এজন ৰোমান সাধুৰ মৃত্যুবাৰ্ষিকী হিচাপে পালন কৰা হয়।

ইয়াৰ সৈতে কিছুমান ৰোমৰ লোক কাহিনী জড়িত হৈ আছে। এই দিনটো প্ৰেম আৰু ৰোমাঞ্চৰ বাবে উৎসৰ্গিত। ২৬৯ খ্ৰীঃ ত ১৪ ফেব্ৰুৱাৰীত ৰোমৰ চেইণ্ট ভেলেণ্টাইন শ্বহীদ হৈছিল।

৪৯৬ চনত বিশ্বত প্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছিল ভেলেণ্টাইন ডে’ ৷ ইয়াৰ পিছত পঞ্চম শতিকাত ৰোমৰ পোপ গেলাছিয়াছে ১৪ ফেব্ৰুৱাৰীক ভেলেণ্টাইন ডে’ হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰে ৷তেতিয়াৰে পৰা এই দিৱস পালন কৰি অহা হৈছে।

শেহতীয়া প্ৰৱন্ধসমূহ