ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱক লৈ হোৱা আলোচনাৰ সময়ত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় । বৃহস্পতিবাৰে (৬ ফেব্ৰুৱাৰী, ২০২৫) প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সবকা সাথ, সবকা বিকাশ তেওঁৰ চৰকাৰৰ মূল মন্ত্ৰ, আনহাতে কংগ্ৰেছৰ মূল মন্ত্ৰ হৈছে পৰিয়াল প্ৰথম । কংগ্ৰেছে এনেধৰণৰ ৰাজনীতিৰ আৰ্হি সৃষ্টি কৰিছে, য’ত মিছা, প্ৰতাৰণা, দুৰ্নীতি, নেপটিজিম আৰু তুষ্টিকৰণৰ মিশ্ৰণ ঘটিছিল বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদিয়ে ।
প্ৰধানমন্ত্ৰীয়ে কয় যে পাঁচ-ছয় দশক ধৰি মানুহৰ হাতত বিকল্প মডেল নাছিল, কিন্তু ২০১৪ চনৰ পিছত দেশে নতুন মডেল দেখা পালে, যিটো তুষ্টিকৰণৰ ওপৰত নহয়, সন্তুষ্টিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, কংগ্ৰেছে ৰাইজক মূৰ্খ সজাই ৰাজনীতি চলাইছিল । বিজেপি নেতৃত্বাধীন চৰকাৰে সম্পদৰ সৰ্বাধিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।
প্ৰধানমন্ত্ৰীয়ে কয় যে জীৱন্ত সংবাদ মাধ্যম আৰু গণতন্ত্ৰ থকা এখন দেশে তেওঁক তৃতীয়বাৰৰ বাবে দেশৰ সেৱা কৰাৰ সুযোগ দিছে আৰু সেয়া সম্ভৱ হৈছে কাৰণ জনসাধাৰণে তেওঁৰ উন্নয়নৰ আৰ্হিক পৰীক্ষা কৰি বুজি পাইছে আৰু সমৰ্থন কৰিছে । কংগ্ৰেছক আক্ৰমণ কৰি মোদীয়ে কয় যে তেওঁলোক আনৰ লাইন চুটি কৰাত ব্যস্ত । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰীয়ে নিজৰ চৰকাৰৰ নীতি আৰু জৰুৰীকালীন অৱস্থাৰ বিষয়ত কংগ্ৰেছক আক্ৰমণ কৰে ।
‘বাধ্যত পৰি জয় ভীম কৈছে কংগ্ৰেছে’
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “কংগ্ৰেছৰ ৰাজপৰিয়ালৰ অৰ্থনৈতিক দুৰ্নীতি আৰু ভুল নীতিৰ বাবে সমগ্ৰ বিশ্বতে সমগ্ৰ দেশক দোষাৰোপ আৰু বদনাম কৰা হৈছিল । কংগ্ৰেছৰ সময়ছোৱাত বিলম্ব কৰাটো তেওঁলোকৰ সংস্কৃতিত পৰিণত হৈছিল । সবকা সাথ সবকা বিকাশ কংগ্ৰেছৰ সৈতে সম্ভৱ নহয় । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “বাবা চাহেবক কংগ্ৰেছে কেতিয়াও ভাৰতৰত্নৰ যোগ্য বুলি গণ্য কৰা নাছিল । এই দেশৰ জনসাধাৰণে, সমগ্ৰ সমাজে বাবা চাহেবৰ আৱেগক সন্মান কৰিছিল । তাৰ পিছত আজি কংগ্ৰেছে জয় ভীম বুলি ক’বলৈ বাধ্য হৈছে ।”
প্ৰধানমন্ত্ৰীয়ে মোদীয়ে কয়, “কংগ্ৰেছে বাবা চাহেব আম্বেদকাৰক ইমানেই ঘৃণা কৰিছিল, তেওঁৰ বিৰুদ্ধে কংগ্ৰেছত ইমানেই ক্ষোভ আছিল যে তেওঁৰ (বাবা চাহেব) প্ৰতিটো কথাতে বিৰক্ত হৈছিল । ইয়াৰ সকলো নথি-পত্ৰ উপলব্ধ । এই ক্ষোভৰ বাবেই বাবা চাহেবক দুবাৰকৈ পৰাস্ত কৰিবলৈ কি কৰা নহ’ল । নিৰ্বাচনত বাবা চাহেবক পৰাস্ত কৰিবলৈ কি কৰা নাছিল ।”
কংগ্ৰেছৰ পৰা বন্ধু পলাইছে- প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি কংগ্ৰেছে জাতিবাদৰ বিষ বিয়পাবলৈ চেষ্টা কৰিছে । প্ৰধানমন্ত্ৰীয়ে কয়, “কংগ্ৰেছৰ ৰাজনীতিৰ মন্ত্ৰ সদায় আনৰ সাফল্য চুটি কৰা । ইয়াৰ বাবেই তেওঁলোকে চৰকাৰক অস্থিৰ কৰি তুলিছিল । কোনো ৰাজনৈতিক দলে যদি ক’তো চৰকাৰ গঠন কৰিছিল তেন্তে চৰকাৰক অস্থিৰ কৰি পেলাইছিল । তেওঁলোকে (কংগ্ৰেছে) বাছি লোৱা পথৰ বাবে লোকসভা নিৰ্বাচনৰ পিছত তেওঁলোকৰ লগত থকাসকলো পলাই গৈছে ।”
জৰুৰীকালীন অৱস্থাক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰীয়ে-
ভাষণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে জৰুৰীকালীন অৱস্থাৰ কথাও উল্লেখ কৰি কংগ্ৰেছক লক্ষ্য কৰি কয় যে এই সময়ছোৱাত ক্ষমতাৰ স্বাৰ্থত সংবিধান পদদলিত কৰা হৈছিল । তেওঁ কয় যে জৰুৰীকালীন সময়ত বিখ্যাত অভিনেতা দেৱ আনন্দক ৰাজহুৱাভাৱে সমৰ্থন কৰিবলৈ কোৱা হৈছিল যদিও তেওঁ নাকচ কৰাৰ সময়ত তেওঁৰ সকলো ছবি দূৰদৰ্শনত নিষিদ্ধ কৰা হৈছিল । তেওঁ কয় যে যেতিয়া কিশোৰ কুমাৰে কংগ্ৰেছৰ হৈ গান গাবলৈ অস্বীকাৰ কৰিছিল তেতিয়া তেওঁৰ সকলো গীত অল ইণ্ডিয়া ৰেডিঅ’ত নিষিদ্ধ কৰা হৈছিল ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘জৰুৰীকালীন অৱস্থাত জৰ্জ ফাৰ্নাণ্ডেজকে ধৰি দেশৰ বহু মহান ব্যক্তিক হেণ্ডকাফ লগাই শিকলিৰে বান্ধি ৰখা হৈছিল । সংসদৰ সদস্য আৰু দেশৰ বিশিষ্ট নেতাসকলক হাত শিকলিৰে বান্ধি ৰখা হৈছিল । সংবিধান শব্দটো কংগ্ৰেছৰ মুখত খাপ নাখায় । ক্ষমতাৰ স্বাৰ্থত আৰু ৰাজপৰিয়ালৰ অহংকাৰৰ বাবে লাখ লাখ পৰিয়াল ধ্বংস কৰি দেশখন কাৰাগাৰলৈ পৰিণত হৈছিল ।“