প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডেৰাডুনৰ ৰায়পুৰৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলপথাৰত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শুভাৰম্ভ কৰে । ইয়াৰ মাজতে তেওঁ ষ্টেডিয়ামত ফ্লেচ লাইট জ্বলাই ৰাষ্ট্ৰীয় ক্ৰীড়া আৰম্ভ হোৱাৰ কথা ঘোষণা কৰে । লগতে যুৱ প্ৰজন্মক ফিট ইণ্ডিয়া আন্দোলনৰ বাবে আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি মই এনে এটা প্ৰত্যাহ্বানৰ কথা ক’ব বিচাৰিছো, আমাৰ দেশত মেদবহুলতাৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে । সকলো বয়সৰ লোক, যুৱক-যুৱতী ইয়াৰ দ্ধাৰা প্ৰভাৱিত হৈছে । ইয়াৰ বাবেই ডায়েবেটিছ আৰু হৃদৰোগ বাঢ়িছে । দেশ ফিট ইণ্ডিয়া আন্দোলনৰ বিষয়ে অৱগত হৈছে । ৰাষ্ট্ৰীয় খেলেও ফিট আৰু বেলেন্স লাইফ শিকায় । গতিকে কিছু সময় উলিয়াই নিজকে আৰু দেশখনক ফিট কৰি ৰাখক ।
ভাষণত কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে-
-প্ৰধানমন্ত্ৰী মোদীয়ে যুৱ প্ৰজন্মক ফিট ইণ্ডিয়া মুভমেণ্টৰ বাবে আহ্বান জনায় ।
-প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে উত্তৰাখণ্ডে ইয়াৰ উন্নয়নৰ বাবে অধিক পথ সৃষ্টি কৰিব লাগিব । উত্তৰাখণ্ডত শীতকালীন পৰ্যটনক উৎসাহিত কৰাটো গুৰুত্বপূৰ্ণ ।
-UCC ৰূপায়ণ কৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে উত্তৰাখণ্ড । ইউ চি চিয়ে গণতন্ত্ৰক শক্তিশালী কৰিব । ক্ৰীড়াইও আমাক বৈষম্যৰ অনুভূতিৰ পৰা মুক্ত কৰে । ইউ চি চিৰো একেই আৱেগ । কাৰো বিৰুদ্ধে কোনো বৈষম্য নাই, ইউ চি চিৰ বাবে সকলো সমান ।
-প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে ২০৩৬ চনৰ অলিম্পিকৰ বাবে পূৰ্ণ প্ৰচেষ্টা হাতত লৈছে । ই কেৱল ক্ৰীড়া অনুষ্ঠান নহয়, য’তেই নহওক কিয় ই বহু ক্ষেত্ৰত গতি প্ৰদান কৰে ।
-প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে হকীৰ পুৰণি গৌৰৱময় দিন ঘূৰি আহিছে ।
-প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মই আপোনালোকৰ সমৰ্থন বৃদ্ধিৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছো । ১০ বছৰৰ আগৰ ক্ৰীড়া বাজেট আজি তিনিগুণ বৃদ্ধি পাইছে ।
-প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ খেলুৱৈসকলে মোক পি এম অৰ্থাৎ পৰম মিত্ৰ বুলি গণ্য কৰে । আপোনাৰ এই বিশ্বাসেই মোক শক্তি প্ৰদান কৰে ।
-দেশ তৃতীয় অৰ্থনৈতিক শক্তি হ’বলৈ আগবাঢ়িছে । ইয়াৰ আঁৰত ক্ৰীড়া অৰ্থনীতিও আছে ।
-উত্তৰাখণ্ডত আয়োজিত এই অনুষ্ঠানে খেলুৱৈসকলক উপকৃত কৰাই নহয়, অন্যান্য খণ্ডসমূহৰো বৃদ্ধিত সহায় কৰিব ।
-মোৰ সংসদীয় সমষ্টি কাশীৰ ডেৰ লাখ যুৱকে প্ৰতি বছৰে খেল খেলাৰ সুযোগ পায় । আমি ক্ৰীড়াক ভাৰতৰ বিকাশৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি গণ্য কৰোঁ ।