সন্যাস ললে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী মমতা কুলকাৰ্ণীয়ে। বলীউডৰ অভিনেত্ৰীগৰাকী এতিয়া কিন্নৰ আখাৰাত এগৰাকী মহামণ্ডলেশ্বৰ হৈ পৰিছে।২৪ জানুৱাৰীৰ সন্ধিয়া, মমতাই সংগমত পিণ্ড দান কৰে।
ইয়াৰ পিছত, তেওঁক কিন্নৰ আখৰাত পাটঅভিষেক কৰা হৈছিল। মমতা আখৰাৰ আচাৰ্য মহামণ্ডলেশ্বৰ স্বামী ড০ লক্ষ্মী নাৰায়ণ ত্ৰিপাঠী মহাৰাজ, তেওঁ জুনা আখৰাৰ মহামণ্ডলেশ্বৰ স্বামী জয় অম্বানন্দ গিৰিৰ সৈতেও সাক্ষাৎ কৰিছিল।
চলচ্চিত্ৰ অভিনেত্ৰী মমতা কুলকাৰ্ণী বৃহস্পতিবাৰে মহাকুম্ভত উপস্থিত হৈ সন্ন্যাসৰ দীক্ষা লৈছিল। শুক্ৰবাৰে ৰাতিপুৱা, চেক্টৰ-১৬ সংগম নিম্ন মাৰ্গত অৱস্থিত কিন্নৰ আখাৰা শিবিৰত তেওঁ উপস্থিত হয়।
ইয়াৰ পিছত, তেওঁৰ সংস্কাৰ দীক্ষাকাৰ্য আৰম্ভ হয়। আচাৰ্য পুৰোহিতৰ উপস্থিতিত প্ৰায় দুঘণ্টা ধৰি সংস্কাৰ দীকদীক্ষা কৰা হৈছিল।

মহামণ্ডলেশ্বৰ গাৰ্গাচাৰ্য মুচকুণ্ড, পীথাধিশ্বৰ স্বামী মহেন্দ্ৰানন্দ গিৰি আৰু শ্ৰী পঞ্চদশনাম জুনা আখৰাৰ অন্যান্য সাধুসকলৰ উপস্থিতিত ধৰ্মীয় ৰীতি-নীতি পালন কৰা হৈছিল। ইয়াৰ পিছত সন্ধিয়া সংগমৰ পাৰত পিণ্ড দান কৰে।
দীক্ষা লোৱাৰ পিছত তেওঁৰ নাম সলনি কৰি শ্ৰিয়ামাই মমতানন্দ গিৰি ৰখা হয়। তেওঁক সংগমৰ পাৰত সংসদত দীক্ষা দিয়া হৈছিল।
হৰ-হৰ মহাদেৱৰ জয় ধ্বনিৰ সৈতে, আখৰাত ধৰ্মধ্বজাৰ তলত তেওঁৰ পাট্টাঅভিষেক কৰা হৈছিল।যোৱা ২ টা বছৰ ধৰি অভিনেত্ৰী গৰাকীয়ে কিন্নৰ আখাৰাৰ সৈতে সম্পৰ্কত আছিল।
সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কুলকাৰ্ণীয়ে কয়, “এয়া আছিল মহাদেৱ, মা কালী আৰু মোৰ গুৰুৰ আদেশ। এই সকলোবোৰ তেওঁ সিদ্ধান্ত লৈছিল। আজিৰ দিনটোও তেওঁয়েই থিক কৰিছিল।মই একো কৰা নাই”।
মমতা কুলকাৰ্ণীৰ চুলিও কাটি পেলোৱা হ’ব। তাৰ পিছত পিণ্ডদান হ’ব। কিন্নৰ আখাৰাৰ নিয়মৰ দৰেই, ইয়াতো একেই হ’ব।
বহুতে অভিযোগ কৰিছিল যে ২০১৩ চনত মমতা কুলকাৰ্ণীয়ে হিন্দী চলচ্চিত্ৰ উদ্যোগ ত্যাগ কৰে আৰু ডুবাইত ড্ৰাগ মাফিয়া বিকি গোস্বামীক বিয়া কৰায়।
এই সময়ছোৱাত, তেওঁ ২০০০ চনৰ পৰা ২০২৪ চনলৈ ভাৰতৰ পৰা আঁতৰি আছিল। অভিনেত্ৰী মমতা কুলকাৰ্ণী ২৪ বছৰৰ পিছত ভাৰতলৈ উভতি আহিছে।
অভিনেত্ৰীগৰাকীক ২০২৪ চনৰ ডিচেম্বৰত মুম্বাই বিমানবন্দৰত দেখা গৈছিল। বহু বছৰৰ পিছত তেওঁক ভাৰতত দেখি সকলোৱে আচৰিত হৈছিল।