অনাইন গেমৰ ভয়ংকৰ পৰিণতি; ৰে’লপথত হেডফোন লগাই খেলি আছিল গেম, ৰে’লৰ খুন্দাত ৩ জনৰ মৃত্যু

মুজাফাপুৰ জিলাৰ মুফাচিল আৰক্ষী থানা এলেকাত এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। ইয়াত অনলাইন গেম খেলি থাকোতেই তিনিজনকৈ কিশোৰৰ মৃত্যু হৈছে। জানিব পৰা মতে তিনিজন কিশোৰে বৃহস্পতিবাৰে সন্ধিয়া ৰেলপথত বহি গেম খেলি আছিল। এই সময়ছোৱাত, তিনিওজনৰ কাণত ইয়াৰফোন আছিল। সেই সময়তে ডেমো যাত্ৰীবাহী ৰে’লখন মুজাফ্ফৰপুৰৰ পৰা

মুজাফাপুৰ জিলাৰ মুফাচিল আৰক্ষী থানা এলেকাত এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। ইয়াত অনলাইন গেম খেলি থাকোতেই তিনিজনকৈ কিশোৰৰ মৃত্যু হৈছে।

জানিব পৰা মতে তিনিজন কিশোৰে বৃহস্পতিবাৰে সন্ধিয়া ৰেলপথত বহি গেম খেলি আছিল। এই সময়ছোৱাত, তিনিওজনৰ কাণত ইয়াৰফোন আছিল।

সেই সময়তে ডেমো যাত্ৰীবাহী ৰে’লখন মুজাফ্ফৰপুৰৰ পৰা নৰকটিয়াগঞ্জলৈ গৈ আছিল। তিনিওজন কিশোৰে ইয়াৰফোন থকাৰ বাবে ৰে’লখন অহা গম নাপালে। যাৰ ফলত ৰে’লখনৰ খুন্দাত থিতাতে নিহত হয় তিনি কিশোৰ।

মৃত কিশোৰ তিনিওকে মুফাচিল আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত ৰে’লৱে গুমতি মানছা টোলাৰ বাসিন্দা ফুৰকান আলম, বাৰী টোলাৰ বাসিন্দা সমীৰ আলম আৰু হাবিবুল্লাহ আনছাৰী বুলি চিনাক্ত কৰা হৈছে। তিনিওটি শিশুৰ মৃত্যুত অঞ্জলজুৰী শোকৰ ছাঁ পৰিছে।   

শেহতীয়া প্ৰৱন্ধসমূহ