বৃহস্পতিবাৰে কেবিনেট বৈঠকত মোডী চৰকাৰে এক দেশ এক নিৰ্বাচনত অনুমোদন জনাইছে।এতিয়া চৰকাৰে এই বিধেয়কখন সদনৰ মজিয়াত ৰাখিব পাৰে। এই বিধেয়কখন অহা সপ্তাহত শীতকালীন অধিৱেশনত উত্থাপন কৰাৰ সম্ভাৱনা আছে।
প্ৰথমে, জেপিচি সমিতি গঠন কৰা হ’ব আৰু সকলো পক্ষৰ পৰামৰ্শ লোৱা হ’ব। অৱশেষত, এই বিধেয়কখন সংসদত অনা হ’ব আৰু ইয়াক গৃহীত কৰা হ’ব।
ইয়াৰ পূৰ্বে, ৰামনাথ কোবিন্দৰ সমিতিয়ে চৰকাৰৰ ওচৰত এক দেশ এক নিৰ্বাচনৰ সৈতে সম্পৰ্কিত প্ৰতিবেদন দাখিল কৰিব।
জানিব পৰা মতে দীঘলীয়া আলোচনাৰ বাবে আৰু এক সহমত গঢ়ি তোলাৰ বাবে বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ (জেপিচি) প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে।
জেপিচিয়ে সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে বিতং আলোচনা কৰিব আৰু প্ৰস্তাৱটোৰ ওপৰত সামূহিক সহমতৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।
দৰাচলতে বৰ্তমান সময়ত দেশৰ বিভিন্ন ৰাজ্যত বিভিন্ন সময়ত নিৰ্বাচন অনুষ্ঠিত হয়। এই বিধেয়কখন আইনত পৰিণত হোৱাৰ পিছত, দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত হ’ব।
অৱশ্যে, চৰকাৰৰ এই পদক্ষেপৰ বিৰোধিতা কৰিছে কংগ্ৰেছ আৰু আপৰ দৰে বহুতো ইণ্ডিয়া ব্লক দলে। বিৰোধীয়ে অভিযোগ কৰিছে যে ই কেন্দ্ৰৰ শাসকীয় দলক লাভান্বিত কৰিব। এক দেশ এক নিৰ্বাচন আইনত পৰিণত হ’লেই একেলগে অনুষ্ঠিত হ’ব বিধানসভা আৰু লোকসভা নিৰ্বাচন।