বিদ্যালয়তে ছাত্ৰৰ ভয়ংকৰ কাণ্ড ; অধ্যক্ষৰ মূৰত গুলী চালনা

মধ্যপ্ৰদেশৰ ছত্ৰপুৰৰ ধামোৰাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে।এখন চৰকাৰী বিদ্যালয়ৰ অধ্যক্ষজনক গুলীয়াই হত্যা কৰে এজন ছাত্ৰই। ঘটনাটো ধামোৰাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছিল। জানিব পৰা মতে ছাত্ৰজনে বাথৰুমলৈ গৈ অধ্যক্ষজনৰ মূৰত গুলীয়াইছিল। অধ্যক্ষজন ৫৫ বছৰীয়া সুৰেন্দ্ৰ কুমাৰ চাক্সেনা বুলি চিনাক্ত কৰা হৈছে। গুলীৰ শব্দ

মধ্যপ্ৰদেশৰ ছত্ৰপুৰৰ ধামোৰাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে।এখন চৰকাৰী বিদ্যালয়ৰ অধ্যক্ষজনক  গুলীয়াই হত্যা কৰে এজন ছাত্ৰই। ঘটনাটো ধামোৰাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছিল।

জানিব পৰা মতে ছাত্ৰজনে বাথৰুমলৈ গৈ অধ্যক্ষজনৰ মূৰত গুলীয়াইছিল। অধ্যক্ষজন ৫৫ বছৰীয়া সুৰেন্দ্ৰ কুমাৰ চাক্সেনা বুলি চিনাক্ত কৰা হৈছে।

গুলীৰ শব্দ পোৱাৰ পিছতেই বিদ্যালয়খনত আতংকৰ সৃষ্টি হয়। প্ৰথম অৱস্থাত কোনেও বুজি পোৱা নাছিল যে সেইটো কিহৰ শব্দ আছিল। পিছত যেতিয়া বাথৰুমত অধ্যক্ষৰ মৃতদেহটো মাটিত পৰি থকাত হে জানিব পাৰে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও হত্যাৰ আঁৰৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই।

শেহতীয়া প্ৰৱন্ধসমূহ