ইতিহাসত এনে বহু ঘটনা আছে যিবোৰ পাহৰিবলৈ বহু শতিকা লাগে । ১৯৪৫ চনৰ ৫ ডিচেম্বৰ এনে এটা তাৰিখ যিটো ইতিহাসৰ পৃষ্ঠাত এক অমীমাংসিত ৰহস্য হিচাপে লিপিবদ্ধ কৰা হৈছে । আমেৰিকাৰ নৌসেনাৰ পাঁচখন এভেঞ্জাৰ টৰ্পেডো বোমাৰু বিমানে ফ্ল’ৰিডাৰ ফ’ৰ্ট ল’ডাৰডেল এয়াৰ ষ্টেচনৰ পৰা নিয়মীয়া প্ৰশিক্ষণ অভিযানত উৰা মাৰিছিল । এই অভিযানৰ নাম আছিল ফ্লাইট ১৯ । কিন্তু সেইদিনা এই বিমানবোৰে যি যাত্ৰা আৰম্ভ কৰিছিল, তাৰ কেতিয়াও শেষ নহ’ল । এই পাঁচখন বিমান আৰু ইয়াৰ ১৪ জন ক্ৰু মেম্বাৰ সাগৰত অন্তৰ্ধান হৈ পৰে ।
এই সকলোবোৰ কেনেকৈ আৰম্ভ হ’ল..
দৰাচলতে আমেৰিকাৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই অভিযানৰ সময়ত দুঘণ্টাৰ পাছত স্কোৱাড্ৰন লীডাৰে তেওঁলোকৰ কম্পাছৰ কাম বন্ধ হোৱা বুলি জনাইছিল । লাহে লাহে আন বিমানৰ সঁজুলিবোৰো বিকল হৈ পৰিল । ৰেডিঅ’যোগে তেওঁলোকৰ সৈতে যোগাযোগ কৰিবলৈ কেইবাবাৰো চেষ্টা কৰা হৈছিল যদিও তেওঁলোকৰ অৱস্থান জানিব পৰা হোৱা নাছিল । শেষবাৰৰ বাবে সন্ধিয়া ৬:২০ বজাত বিকৃত বাৰ্তা শুনা গৈছিল যে বিমানৰ ইন্ধন শেষ হৈ গৈছে । ইয়াৰ পিছত ফ্লাইট ১৯ৰ বিষয়ে কোনো তথ্য পোৱা নগ’ল ।
অনুসন্ধান আৰু উদ্ধাৰ অভিযান..
যেতিয়া অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ হৈছিল, তেতিয়া ১৩ জন লোকৰ সৈতে এখন মেৰিনাৰ বিমানো প্ৰেৰণ কৰা হৈছিল । কিন্তু কেইমিনিটমানৰ পিছত এই বিমানখনো অদৃশ্য হৈ যায় । ফ্ল’ৰিডাৰ উপকূলৰ পৰা কিছু দূৰৈত বিস্ফোৰণৰ খবৰ আহিছিল যদিও অনুসন্ধান বিমানখনৰ কোনো লেখ-জোখ পোৱা নগ’ল । এই ঘটনাৰ পিছত আৰম্ভ হ’ল আটাইতকৈ ডাঙৰ অনুসন্ধান, য’ত শ শ জাহাজ আৰু বিমান জড়িত হৈ পৰে । কিন্তু কোনো ধ্বংসাৱশেষ বা কোনো মৃতদেহ পোৱা নগ’ল ।
বাৰ্মুডা ত্ৰিভুজৰ গভীৰ ৰহস্য..
এই ঘটনাই বাৰ্মুডা ত্ৰিভুজৰ ৰহস্য আৰু গভীৰ কৰি তুলিলে । মিয়ামি, প’ৰ্ট’ ৰিকো আৰু বাৰ্মুডাৰ মাজত অৱস্থিত এই ত্ৰিকোণীয় অঞ্চলটো হেৰাই যোৱা জাহাজ আৰু বিমানৰ বহু কাহিনীৰ বাবে কুখ্যাত । ২০ শতিকাৰ ভিতৰত ইয়াৰ পৰা ১০০ৰো অধিক জাহাজ আৰু বিমান নিৰুদ্দেশ হৈছে । কোনো কোনোৱে ইয়াক প্ৰাকৃতিক কাৰণৰ ফল বুলি গণ্য কৰে, আন কোনোৱে ইয়াক কোনো অলৌকিক শক্তিৰ সৈতে জড়িত বুলি বিশ্বাস কৰে । আজিও সেই ঠাইলৈ কোনো বিমান অহা-যোৱা নকৰে ।