বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ মাজতে চৰকাৰ আৰু আৰক্ষীৰ মনোভাৱক লৈ প্ৰশ্ন উত্থাপন হৈছে । ইয়াৰ মাজতে বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ বাবে ইস্কনৰ চিন্ময় কৃষ্ণ দাস প্ৰভুক গ্ৰেপ্তাৰ কৰা হৈছে । বাংলাদেশৰ সংবাদ মাধ্যমত দাবী কৰা হৈছে যে চিন্ময় কৃষ্ণ দাস প্ৰভুক ঢাকা বিমানবন্দৰত আবদ্ধ কৰি ৰখা হৈছে । তথ্য অনুসৰি আৰক্ষীয়ে তেওঁক দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে ।
ইস্কনৰ চিন্ময় কৃষ্ণ দাস প্ৰভুৱে যোৱা ২২ নৱেম্বৰত বাংলাদেশৰ ৰংপুৰত হিন্দুসকলৰ সমৰ্থনত এক সভা অনুষ্ঠিত কৰিছিল । ইয়াৰ বাবেই চিন্ময় কৃষ্ণ প্ৰভুৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি ধাৰণা কৰা হৈছে । এই সমাৱেশত দেশখনত হিন্দুৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদ কৰা হৈছিল ।
ইস্কন কলকাতাৰ উপ-সভাপতি ৰাধাৰমণ দাসে কয়, মই এটা চাঞ্চল্যকৰ খবৰ পাইছো । এই কঠিন সময়ত হিন্দু সন্ন্যাসী তথা বাংলাদেশী সংখ্যালঘুৰ নেতা চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে ঢাকা আৰক্ষীয়ে । অচিনাকি ঠাইলৈ লৈ যোৱা হৈছে তেওঁক । ঢাকা আৰক্ষীৰ চোৰাংচোৱা শাখাই গ্ৰেপ্তাৰ কৰিছে তেওঁক ।
চৰকাৰৰ বিৰুদ্ধে হিন্দুসকলক বিভাজিত কৰাৰ অভিযোগ উত্থাপন-
বাংলাদেশৰ মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰে সংখ্যালঘু বিশেষকৈ হিন্দুসকলক অহৰহ হাৰাশাস্তি কৰি আহিছে । বি এন পিৰ সমৰ্থনত উগ্ৰ জামাত-ই-ইছলামীয়ে মুকলিকৈ ইস্কন আৰু ইস্কন ভক্তক হত্যা কৰাৰ ভাবুকি দিছে । ইয়াৰ বিপৰীতে বাংলাদেশ ইস্কনৰ চিন্ময় কৃষ্ণ দাস প্ৰভুৱে বাংলাদেশী হিন্দুৰ ওপৰত সংঘটিত হোৱা অত্যাচাৰ সন্দৰ্ভত চৰকাৰে হিন্দুসকলক নিজৰ মাজত বিভাজন কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল ।
উল্লেখ্য যে, বাংলাদেশত শ্বেখ হাছিনা চৰকাৰ উৎখাত হোৱাৰ পিছতো বন্ধ হোৱা নাই হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰ । চলিত মাহৰ প্ৰথম সপ্তাহত দক্ষিণ-পূব বন্দৰ চহৰ চিট্টাগংতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল । ইস্কন মন্দিৰৰ ওপৰত মন্তব্যৰ পিছত ইয়াত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । চহৰৰ কোনো কোনো ঠাইত সেনাবাহিনী মোতায়েন কৰা হৈছিল । এই ঘটনা সন্দৰ্ভত প্ৰকাশ পাইছে যে ইস্কনৰ বিৰুদ্ধে এজন মুছলমান দোকানীয়ে আপত্তিজনক মন্তব্য কৰিছিল । তেওঁ নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত পোষ্ট কৰিছিল । ইয়াৰ পিছতে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । ইয়াৰ ফলত বহু লোক আহত হয় ।
ৰাষ্ট্ৰসংঘই তদন্তৰ দাবী জনাইছে-
ভাৰতে ধাৰাবাহিকভাৱে হিন্দুসকলৰ নিৰাপত্তাৰ বিষয়টো উত্থাপন কৰি আহিছে । কেৱল এয়াই নহয়, বাংলাদেশত হিন্দুৰ ওপৰত হোৱা হিংসাৰ বিষয়টোক লৈ ৰাষ্ট্ৰসংঘয়ো প্ৰশ্ন উত্থাপন কৰিছে। অক্টোবৰ মাহত ৰাষ্ট্ৰসংঘই নিহত সংখ্যালঘুসকলৰ তদন্ত আৰু সুৰক্ষাৰ বাবে অনুৰোধ জনাইছিল । ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্ত ভলকাৰ তুৰ্কে কৈছিল যে সৰ্বাংগীন দৃষ্টিভংগী আগবঢ়াই নিবলৈ তদন্তৰ প্ৰয়োজন, য’ত শ্ৰেণী, লিংগ, জাতি, ৰাজনৈতিক মতাদৰ্শ বা ধৰ্ম নিৰ্বিশেষে প্ৰতিটো মাত শুনা যায় ।