শ্ৰীলংকা ভ্ৰমণৰ বাবে টেষ্ট দল ঘোষণা, জাডেজাৰ প্ৰত্যাৱৰ্তন
সুদীৰ্ঘ বিৰতিৰ অন্তত ভাৰতীয় টেষ্ট দললৈ ঘূৰি আহিছে অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজা ।
নতুন-পুৰণি সংমিশ্ৰণেৰে শ্ৰীলংকা ভ্ৰমণৰ বাবে শুভমন গীলৰ নেতৃ্ত্বত ঘোষণা কৰা হৈছে ভাৰতীয় টেষ্ট দল । দললৈ বহু দিনৰ বিৰতিৰ অন্তত ঘূৰি আহিছে কেইবাজনো জ্যেষ্ঠ খেলুৱৈ ।
সুদীৰ্ঘ দিনৰ অন্তত জাতীয় টেষ্ট দললৈ প্ৰত্যাৱৰ্তন ঘটাইছে জেষ্ঠ্য খেলুৱৈ তথা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাই । লগতে দলত অন্তৰ্ভূক্ত হৈছে বেগী বলাৰ মহম্মদ ছিৰাজ আৰু উইপেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেল ।
ইফালে দলত স্পীড ষ্টাৰ যশপ্ৰীত বুমৰাহ আৰু ছাই সুদৰ্শনক অন্তৰ্ভূক্ত কৰা হৈছে যদিও তেওঁলোকৰ উপলব্ধতা বি চি চি আইৰ ফিটনেছ ক্লিয়াৰেন্সৰ ওপৰত নিৰ্ভৰ কৰিব ।
শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতীয় টেষ্ট দল-
শুভমন গীল (অধিনায়ক), কে এল ৰাহুল (সহ-অধিনায়ক), যশস্বী জয়ছোৱাল, ঋষভ পন্ট (উইকেটকীপাৰ), ছাই সুদৰ্শন, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), ৰবীন্দ্ৰ জাডেজা, কুলদীপ যাদৱ, মানৱ সুথাৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ, প্ৰসিদ্ধ কৃষ্ণা, গুৰনুৰ ব্ৰাৰ, দেৱদত্ত পাড্ডিকাল, সাৰাংশ জৈন ।
১৫ আগষ্টৰ পৰা ২৭ আগষ্টলৈ ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হব দুখন মেচৰ টেষ্ট শৃংখলা । এই শৃংখলাৰ পূৰ্বে ৭ আগষ্টৰ পৰা কলম্বোত চাৰিদিনীয়া এখন অনুশীলন মেচ খেলিব ভাৰতীয় দলে ।
লগতে পঢ়ক : নিজতকৈ ৯ বছৰ ডাঙৰ অভিনেত্ৰীক ডেট কৰিছে নেকি ক্ৰিকেটাৰ যশস্বীয়ে?