অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী মোদীঃ মুখ্যমন্ত্ৰীয়ে জনালে ধন্যবাদ
ৰাজ্যৰ বান পৰিস্থিতিক লৈ দিল্লীত অসমৰ সাংসদসকলেৰে বৈঠকত বহিল প্ৰধানমন্ত্ৰী মোদী
ৰাজ্যৰ বিভীষিকাময় বান পৰিস্থিতিৰ সম্পূৰ্ণ উদ্বিগ্নতা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । মঙলবাৰে সংসদ ভৱনৰ চৌহদত অসমৰ বান পৰিস্থিতিক লৈ এক জৰুৰী বৈঠকত বহিল প্ৰধানমন্ত্ৰী মোদী । বৈঠকত ৰাজ্যৰ বানপীড়িত ৰাইজৰ সহায়-সহাৰ্যৰ বাবে ৰাজ্যৰ চৰকাৰৰ সৈতে নিৰন্তৰ কাম কৰি আছে বুলি আশ্বাস প্ৰদান কৰে ।
মঙলবাৰে সংসদ ভৱনত অসমৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপিৰ সাংসদসকলক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰিস্থিতিৰ বিতং বুজ লয় । বৈঠকৰ পিছতে ছ’চিয়েল মিডিয়া ‘এক্স’ (টুইটাৰ)-ত পোষ্ট কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰি আছে । ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় কৰিবলৈ কেন্দ্ৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু তেওঁ সকলোৰে কুশল প্ৰাৰ্থনা কৰে ।
এই গুৰুত্বপূৰ্ণ বৈঠকত সাংসদসকলৰ সৈতে উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া:
প্ৰধানমন্ত্ৰীৰ এই তৎপৰতাক লৈ সামাজিক মাধ্যমত ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ জনায় যে প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই সমগ্ৰ পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে ।
বৰ্তমান ৰাজ্য চৰকাৰে বানাক্ৰান্ত লোকসকলৰ সহায়-সহাৰ্যৰ আৰু পুৰ্বাসনৰ বাবে ‘যুদ্ধকালীন ক্ষিপ্ৰতাৰে’ কাম কৰি থকা বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰত্যেকখন বানাক্ৰান্ত গাঁৱলৈ সাহায্যকাৰী দলসমূহ প্ৰৱেশ কৰিছে । যিবোৰ অঞ্চলত পানীৰ বাবে বিদ্যুৎ সেৱা ব্যাহত হৈছিল, বেছিভাগ ঠাইতে যোগান পুনৰ আৰম্ভ কৰা হৈছে ।
ইফালে বানাক্ৰান্ত লোকসকলক আশ্ৰয় শিৱিৰত ৰাখি খাদ্য আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে । শিশুসকলৰ বাবে শিৱিৰসমূহত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে ।
লগতে পঢ়ক : উজনিৰ বানপীড়িত বাবে ডাঙৰ পদক্ষেপ, ১২৬ গৰাকী বিধায়কে আগবঢ়াব এমাহৰ দৰমহা