ৰাজ কাপুৰৰ ১০০ সংখ্যক জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰী মোডীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ;বিশেষ পোষ্টৰ জৰিয়তে কৰিলে প্ৰশংসা

হিন্দী চলচ্চিত্ৰত শ্বমেন নামেৰে জনাজাত প্ৰয়াত অভিনেতা, পৰিচালক আৰু প্ৰযোজক ৰাজ কাপুৰৰ ১০০ তম জন্ম জয়ন্তী উদযাপন কৰা হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েও সামাজিক মাধ্যমৰ জৰিয়তে চিনেমাৰ এই প্ৰবীণ অভিনেতাজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁক হিন্দী চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনেতা হিচাপে অভিহিত কৰে।

ৰাজ কাপুৰৰ প্ৰতিভাৰ কথা স্মৰণ কৰি নৰেন্দ্ৰ মোদীয়ে তেওঁক প্ৰশংসা কৰিছে। তেওঁ কৈছিল যে ৰাজ কাপুৰে বিশ্বজুৰি ভাৰতীয় চলচ্চিত্ৰক বিশেষ স্বীকৃতি দিয়াত যথেষ্ট অৱদান আগবঢ়াইছে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে লিখিছে যে “আজি আমি ৰাজ কাপুৰৰ ১০০ তম জন্ম জয়ন্তী উদযাপন কৰিছো।তেওঁৰ প্ৰতিভা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বৃদ্ধি হৈ থাকিব… তেওঁ ভাৰতীয় আৰু বিশ্ব চলচ্চিত্ৰত এক ছাপ ৰাখি থৈ গৈছে”।

“বহুতো বিখ্যাত চৰিত্ৰৰ বাবে তেওঁ এতিয়াও দৰ্শকৰ হৃদয়ত আছে। ৰাজ কাপুৰ কেৱল এজন চলচ্চিত্ৰ নিৰ্মাতা নাছিল, তেওঁ এজন ৰাষ্ট্ৰদূতৰ চৰিত্ৰতো আছিল”।

তেওঁ আৰু লিখিছে “আজিৰ চলচ্চিত্ৰ নিৰ্মাতাসকলে তেওঁৰ লগতে তেওঁৰ চলচ্চিত্ৰসমূহৰ পৰাও বহুতো শিকিব পাৰে যিবোৰ আহিবলগীয়া প্ৰজন্মৰ বাবে স্মৰণীয় হৈ থাকিব”।

“মই আকৌ এবাৰ তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছো আৰু সৃষ্টিশীল পৃথিৱীলৈ তেওঁৰ অৱদানক প্ৰশংসা কৰিছো। ৰাজ কাপুৰৰ চলচ্চিত্ৰসমূহৰ আইকনিক চৰিত্ৰ আৰু স্মৰণীয় সুৰ সমগ্ৰ বিশ্বতে সদায় জনপ্ৰিয় হৈ থাকিব। তেওঁৰ চলচ্চিত্ৰৰ প্ৰতিটো সংগীত আজিও বহুত জনপ্ৰিয়”।

উল্লেখ্য যে  যোৱা সপ্তাহৰ আৰম্ভণিতে, কৰীণা কাপুৰ খান, ৰণবীৰ কাপুৰ, আলিয়া ভট্ট, কৰিশ্মা কাপুৰ আৰু নীতু কাপুৰকে ধৰি কাপুৰ পৰিয়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক নতুন দিল্লীস্থিত তেওঁৰ ঘৰত সাক্ষাৎ কৰিছিল আৰু ৰাজ কাপুৰৰ ১০০ তম জন্ম জয়ন্তী উদযাপন কৰিবলৈ এক বিশেষ আমন্ত্ৰণ জনাইছিল।

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কাপুৰ পৰিয়ালৰ, ফটো শ্বেয়াৰ কৰিলে কৰীনা কাপুৰে

১৪ ডিচেম্বৰত বলীউডৰ মহান অভিনেতা ৰাজ কাপুৰৰ ১০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ৰাজ কাপুৰ চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে । এই চলচ্চিত্ৰ মহোৎসৱৰ নিমন্ত্ৰণ দিবলৈ সমগ্ৰ কাপুৰ পৰিয়ালে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে । এই সাক্ষাতৰ ছবি পোহৰলৈ আহিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কাপুৰ পৰিয়ালৰ সাক্ষাতৰ ভিতৰৰ ছবি শ্বেয়াৰ কৰিছে কৰীনা কাপুৰ খানে । ইয়াৰ মাজতে সমগ্ৰ কাপুৰ পৰিয়ালে প্ৰধানমন্ত্ৰী মোডীৰ সৈতে গ্ৰুপ ফটো ক্লিক কৰিছিল । ফটোত ছেইফ, কৰীনা, কৰিশ্মা, ৰণবীৰ কাপুৰ, আলিয়া ভাটকে ধৰি সমগ্ৰ কাপুৰ পৰিয়ালে ভংগীমা দিয়া দেখা গৈছে ।

ফটোত প্ৰধানমন্ত্ৰী মোদীয়ে কাপুৰ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰি থকা দেখা গৈছে । এখন ফটোত কৰিশ্মা কাপুৰ, ছৈফ আলী খান, নীতু সিং আৰু কৰীনা কাপুৰে প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ জনোৱা দেখা গৈছে ।