২০২৫ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ঘোষণা

২০২৫ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ঘোষণা

ৰসায়ন বিজ্ঞানত ২০২৫ বৰ্ষৰ নোবেল বঁটা ঘোষণা কৰা হৈছে । বুধবাৰে (০৮ অক্টোবৰ) ছুইডেনৰ ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে এই ঘোষণা কৰিছে । এই বছৰ তিনিগৰাকী বিজ্ঞানী চুছুমু কিটাগাৱা (জাপান), ৰিচাৰ্ড ৰবছন (অষ্ট্ৰেলিয়া) আৰু ওমৰ এম য়াঘী (আমেৰিকা)য়ে এই সন্মান লাভ কৰিছে ।

ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সে চুছুমু কিটাগাৱা, ৰিচাৰ্ড ৰবছন আৰু ওমৰ এম য়াঘীক “Metal organic framework”ৰ বিকাশৰ বাবে ২০২৫ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে । এই বঁটা বিজয়ীসকলক ১ কোটি ১০ লাখ ছুইডিছ ক্ৰ’না (ভাৰতীয় টকাত ১০.৩ কোটি), সোণৰ পদক আৰু প্ৰমাণপত্ৰ দিয়া হ’ব ।

গৱেষকসকলক ১০ ডিচেম্বৰত আলফ্ৰেড নোবেলৰ পুণ্যতিথি অনুষ্ঠানত ষ্টকহোমত এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব । উল্লেখ্য যে ১৯০১ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ১৯৫ গৰাকী নোবেল বঁটা বিজয়ীক ৰাসায়ন বিজ্ঞানৰ বাবে ১১৬ বাৰ এই সন্মান প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক : ঘোষণা কৰা হ’ল ২০২৫ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা