‘ইউনুছে বাংলাদেশত মোৰ মাক স্পৰ্শও কৰিব নোৱাৰে’; শ্বেখ হাছিনাৰ পুত্ৰই প্ৰধানমন্ত্ৰী মোদীক দিলে ধন্যবাদ
‘ইউনুছে বাংলাদেশত মোৰ মাক স্পৰ্শও কৰিব নোৱাৰে’
বাংলাদেশৰ পদচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণে প্ৰদান কৰা মৃত্যুদণ্ডক লৈ তেওঁ পুত্ৰ আৱামি লীগ দলৰ সদস্য সজীব ৱাজেদে এটা সাক্ষাৎকাৰত ডাঙৰ মন্তব্য কৰিছে।
ইয়াৰ মাজতে তেওঁ ইউনুছ চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলায় আৰু লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ধন্যবাদ জনায়।
ছাজিব ৱাজেদে কয়, ‘আইচিটিৰ সিদ্ধান্ত সম্পূৰ্ণ অবৈধ।এইটো এটা ধেমালি।আপোনাৰ ওচৰত এনে এখন চৰকাৰ আছে যি সম্পূৰ্ণ অনিৰ্বাচিত, অসাংবিধানিক, অবৈধ।
তেওঁ এই ন্যায়াধিকৰণৰ ১৭ জন ন্যায়াধীশক অপসাৰণ কৰি নতুন ন্যায়াধীশ নিযুক্তি দিয়ে যিজনৰ বিচাৰ বিচাৰপীঠৰ কোনো অভিজ্ঞতা নাই আৰু সকলোৰে সন্মুখত মাৰ বিষয়ে বহুত বেয়া কথা কৈছে।তেওঁ স্পষ্টভাৱে পক্ষপাত হয়।”
সাক্ষাৎকাৰটোত তেওঁ কয় যে,“নাই, সিহঁতে তেওঁক মাৰিব নোৱাৰে।তেওঁলোকে প্ৰকৃততে কেনেকৈ শাস্তি বলবৎ কৰিব? প্ৰথম কথা, সিহঁতে তেওঁক ধৰিব নোৱাৰে”।
“দ্বিতীয়তে, এবাৰ আইনৰ শাসন হাতলৈ আহিলেই এই সমগ্ৰ প্ৰক্ৰিয়া শেষ হৈ যাব। ইউনুছে মোৰ মাক চুব নোৱাৰে।”
শ্বেখ হাছিনাৰ পুত্ৰ ছাজিব ৱাজেদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰি কয়,”মই প্ৰধানমন্ত্ৰী মোদীৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম।তেওঁ মাৰ নিৰাপত্তা নিশ্চিত কৰিলে”।
” তেওঁ মোৰ মাৰ প্ৰাণ ৰক্ষা কৰিলে।এখন দেশৰ মুৰব্বী হিচাপে তেওঁক প্ৰাপ্য কটকটীয়া নিৰাপত্তা দিয়া হৈছে আৰু ইয়াৰ বাবে মই ভাৰত চৰকাৰ আৰু ভাৰতৰ জনসাধাৰণৰ প্ৰতি সদায় কৃতজ্ঞ হৈ থাকিম।”
লগতে পঢ়ক: মৃত্যুদণ্ডৰ ৰায়দানৰ পিছতে শ্বেখ হাছিনাই ক’লে এই কথা…