সংকটকালত মানৱতাৰ হাত: বানপীড়িতৰ কাষত ষ্টাৰ চিমেণ্ট

দুৰ্যোগৰ সময়ত ৰাইজৰ কাষত ষ্টাৰ চিমেণ্ট: শিৱসাগৰ-যোৰহাটত ব্যাপক সাহায্য অভিযান

অসমৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ বানপানীয়ে সৃষ্টি কৰা তীব্ৰ সংকটৰ সময়তে দুৰ্গম অঞ্চলৰ ক্ষতিগ্ৰস্ত ৰাইজৰ কাষত থিয় দিছে অগ্ৰণী চিমেণ্ট উৎপাদনকাৰী প্ৰতিষ্ঠান ‘ষ্টাৰ চিমেণ্ট লিমিটেড‘ । প্ৰতিষ্ঠানটোৱে নিজৰ সামাজিক দায়বদ্ধতা (CSR) কাৰ্যসূচীৰ অধীনত ৰাজ্যখনৰ শিৱসাগৰ আৰু যোৰহাট জিলাৰ প্ৰায় ২,০০০ টা বানপীড়িত পৰিয়ালৰ মাজত জৰুৰীকালীন খাদ্য সামগ্ৰী বিতৰণ কৰে ।

ঘৰ-দুৱাৰৰ ক্ষতিসাধন, জীৱিকাৰ পথ ব্যাহত আৰু যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ ফলত দৈনিক প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহৰ ক্ষেত্ৰত তীব্ৰ সমস্যাৰ সন্মুখীন হোৱা পৰিয়ালসমূহৰ বাবে এই সাহায্য অভিযান চলোৱা হয় । এই কাৰ্যসূচীৰ জৰিয়তে দুৰ্যোগৰ মুহূৰ্তত আশ্ৰয়হীন আৰু বিপন্ন লোকসকলৰ তাৎক্ষণিক সুৰক্ষা নিশ্চিত কৰাৰ প্ৰচেষ্টা হাতত লয় প্ৰতিষ্ঠানটোৱে ।

ষ্টাৰ চিমেণ্ট লিমিটেডৰ চিফ অপাৰেটিং অফিচাৰ (COO) শ্ৰী প্ৰদীপ পুৰোহিতে এই সন্দৰ্ভত কয়— “অসমৰ বানপানী কেৱল এক ঋতুভিত্তিক সমস্যা নহয়; বহু পৰিয়ালৰ বাবে ই ক্ষন্তেকৰ ভিতৰতে বাসস্থান, উপাৰ্জন আৰু স্বাভাৱিক জীৱনযাত্ৰা কাঢ়ি নিয়া এক নিৰ্দয় অভিজ্ঞতা । এনে সংকটকালত প্ৰদান কৰা সৰু সৰু সহযোগিতায়েও দুৰ্গোতসকলৰ মনত আশাৰ সঞ্চাৰ কৰিব পাৰে ।”

প্ৰতিষ্ঠানটোৰ অসমৰ সৈতে থকা দীৰ্ঘদিনীয়া আৱেগিক আৰু সামাজিক সম্পৰ্কৰ কথা উল্লেখ কৰি তেওঁ আৰু কয়- “অসম ষ্টাৰ চিমেণ্টৰ বিকাশ আৰু পৰিচয়ৰ মূল ভেটি । কেৱল উন্নতি বা ব্যৱসায়িক সফলতাৰ সময়তে নহয়, দুৰ্যোগৰ মুহূৰ্ততো ৰাইজৰ কাষত থিয় দিয়াটো আমাৰ কৰ্তব্য । এই পদক্ষেপৰ জৰিয়তে শিৱসাগৰ আৰু যোৰহাটৰ বানপীড়িতসকলক জৰুৰী সাহায্য আগবঢ়োৱাৰ লগতে এই কঠিন সময়ত তেওঁলোক যে অকলশৰীয়া নহয়, সেই বাৰ্তা প্ৰেৰণ কৰিবলৈ চেষ্টা কৰা হৈছে ।”

উল্লেখযোগ্য যে, কেৱল ঔদ্যোগিক বিকাশতে সীমাৱদ্ধ নাথাকি ষ্টাৰ চিমেণ্টে পূৰ্বৰ পৰাই স্বাস্থ্যসেৱা, শিক্ষা, জীৱিকা উন্নয়ন আৰু পৰিৱেশ সুৰক্ষাৰ দৰে খণ্ডসমূহত নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে । প্ৰাকৃতিক দুৰ্যোগৰ সময়ত চৰকাৰী সংস্থা আৰু নাগৰিক সমাজৰ সৈতে সমন্বয় ৰাখি ভৱিষ্যতেও অসমৰ ৰাইজৰ কল্যাণ আৰু পুনৰ সংস্থাপনৰ বাবে প্ৰতিষ্ঠানটোৱে কাম কৰি যাব বুলি উল্লেখ কৰে ।

লগতে পঢ়ক : বানাক্ৰান্তলৈ অসম ৰাজ্যিক বিজেপিৰ ১২ কোটি টকাৰ সাহাৰ্যৰ অভিযান