নতুন শ্ৰম সংহিতা : মহিলাৰ বাবে নাইট শ্বিফ্ট ৰেহাইৰ পৰা ১ বছৰৰ ভিতৰত গ্ৰেচুইটিলৈকে… কি কি ডাঙৰ পৰিৱৰ্তন ?
নতুন শ্ৰম সংহিতা ৰ বিশেষত্ব
পাঁচ বছৰ পূৰ্বে সংসদে গৃহীত কৰা চাৰিখন নতুন শ্ৰম সংহিতা কাৰ্যকৰী কৰি শ্ৰম সংস্কাৰৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । এই চাৰিখন শ্ৰম সংহিতা— মজুৰি সংহিতা, ঔদ্যোগিক সম্পৰ্ক সংহিতা, সামাজিক সুৰক্ষা সংহিতা আৰু বৃত্তিগত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম পৰিস্থিতি সংহিতা— কাৰ্যকৰী কৰি ২৯খন পুৰণি শ্ৰম আইন বাতিল কৰা হয় । চৰকাৰে কয় যে এই সংস্কাৰসমূহে শ্ৰমিকসকলক অধিক নিৰাপত্তা, স্পষ্ট নিয়ম আৰু উন্নত সামাজিক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত ঐতিহাসিকভাৱে তাৎপৰ্যপূৰ্ণ ।
নতুন শ্ৰম আইনৰ বিশেষত্ব কি ?
নতুন শ্ৰম সংহিতাৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ পৰিছে গ্ৰেচুইটিৰ নিয়মৰ ওপৰত । পূৰ্বে এজন কৰ্মচাৰীক গ্ৰেচুইটি লাভ কৰিবলৈ পাঁচ বছৰৰ অবিৰত সেৱাৰ প্ৰয়োজন হৈছিল যদিও এতিয়া এই সময়সীমা মাত্ৰ এবছৰলৈ হ্ৰাস কৰা হৈছে । ইয়াৰ দ্বাৰা নিৰ্দিষ্ট ম্যাদ আৰু ঠিকাভিত্তিক কৰ্মচাৰী প্ৰত্যক্ষভাৱে লাভৱান হ’ব । তদুপৰি মহিলাসকলক সুৰক্ষা ব্যৱস্থাৰে নৈশ শ্বিফটত কাম কৰিবলৈ দিয়া হৈছে আৰু অতিৰিক্ত সময়ৰ বাবে পুৰুষতকৈ দুগুণ দৰমহা লাভ কৰিব । লগতে সপ্তাহত ৪৮ ঘণ্টা কামৰ সময় নিৰ্ধাৰণ কৰা হৈছে, দৈনিক ৮ৰ পৰা ১২ ঘণ্টাৰ সীমা নিৰ্ধাৰণ কৰা হৈছে । অতিৰিক্ত সময়ৰ বাবে কোম্পানীসমূহে দুগুণ মজুৰি দিব লাগিব ।
নতুন শ্ৰম আইন কাৰ্যকৰী হোৱাৰ লগে লগে নূন্যতম মজুৰি সকলো শ্ৰমিকৰ বাবে আইনী অধিকাৰত পৰিণত হৈছে । কোনো খণ্ডৰ কোনো কৰ্মচাৰীক নূন্যতম মজুৰিতকৈ কম দৰমহা দিয়া নহ’ব । এতিয়া নিযুক্তিৰ সময়ত প্ৰতিজন কৰ্মচাৰীক নিযুক্তি পত্ৰ প্ৰদান কৰাটো বাধ্যতামূলক, যাৰ ফলত নিয়োগৰ পৰিস্থিতিত স্বচ্ছতা নিশ্চিত কৰা হয় । চিকিৎসা আৰু বীমা সুৰক্ষাৰ পৰিসৰ বৃদ্ধিৰ বাবে সৰু আৰু বিপজ্জনক কৰ্মক্ষেত্ৰকে ধৰি সমগ্ৰ দেশতে ই এছ আই চি কভাৰেজ বাধ্যতামূলক কৰা হৈছে ।
অতিৰিক্ত সময়ৰ বাবে দুগুণ দৰমহা-
তাৎপৰ্যপূৰ্ণভাৱে, প্ৰথমবাৰৰ বাবে নতুন শ্ৰম সংহিতাত আনুষ্ঠানিক শ্ৰমিক সুৰক্ষাৰ পৰিসৰৰ ভিতৰত ইলেক্ট্ৰনিক মিডিয়াৰ সাংবাদিক, ডিজিটেল আৰু দৃশ্য-শ্ৰাব্য মাধ্যমৰ কৰ্মী, বাগিচাৰ কৰ্মী আৰু ডাবিং শিল্পীক অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ দ্বাৰা এই খণ্ডসমূহৰ লাখ লাখ শ্ৰমিকক নিয়মীয়াকৈ নিয়োগ সুৰক্ষা আৰু স্পষ্ট শ্ৰমৰ অধিকাৰ প্ৰদান কৰা হ’ব । নতুন আইনসমূহ কাৰ্যকৰী হ’লে শ্ৰমিকসকলক অধিক সুৰক্ষা প্ৰদান কৰা, কৰ্মসংস্থাপনৰ ক্ষেত্ৰত স্বচ্ছতা বৃদ্ধি কৰা, কৰ্ম পৰিস্থিতি উন্নত হোৱাৰ আশা কৰা হৈছে ।
লগতে পঢ়ক : ভাৰতীয় ষ্টেট বেংকে বন্ধ কৰিব এই বিশেষ সেৱা; কি প্ৰভাৱ পৰিব ?