সৌন্দৰ্যৰ লগতে ঔষধি গুণেৰেও সমৃদ্ধ শেৱালি ফুল স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানেনে…
শেৱালি ফুল স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানেনে
এয়া শেৱালি ফুলাৰ বতৰ। শেৱালি ফুল সাধাৰণতে আহিন মাহৰ পৰা ফুলে, এই ফুলৰ সৌন্দৰ্যৰ লগতে আছে যথেষ্ট ঔষধি গুণ। বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ শেৱালি ফুল মহৌষধ।
প্ৰকৃতিয়ে আমাক এনে বহু উপহাৰ দিছে যিবোৰে কেৱল পৰিৱেশ সেউজীয়া কৰি ৰখাই নহয়, স্বাস্থ্যৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয়। ঔষধি গুণেৰে ভৰপূৰ বুলি গণ্য কৰা শেৱালি ফুলৰ উপকাৰিতাৰ বিষয়ে জানো আহক—
প্ৰায়ে বতৰৰ পৰিৱৰ্তনৰ বাবে ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়, যাৰ বাবে চৰ্দি-কাহৰ সমস্য়া সৃষ্টি হয়। ইয়াৰ পৰা হাত সাৰিবলৈ শেৱালি ফুলৰ প্ৰায় ১০ পাহ ফুল লৈ এগিলাচ পানীৰ লগত মিহলাই লওক। এই মিশ্ৰণটো আপুনি এঘণ্টা ধৰি গুন্ধিব পাৰে।
শেৱালিৰ ফুলৰ পাত আৰু গা-গছৰ ছাল ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। জ্বৰ-কাহ শেৱালি ফুলৰ কুমলীয়া পাত মৌৰ লগত সেৱন কৰিলে সোনকালে উপশম পোৱা যায় ।
শেৱালি ফুলৰ পাতৰ ৰস নিয়মীয়াকৈ সেৱন কৰিলে তেজ পৰিষ্কাৰ হয়।শেৱালি গছ ঘৰৰ চৌহদত থাকিলে ইয়াৰ ফুল আৰু পাতে বায়ু পৰিষ্কাৰ কৰে ।
(ইয়াত দিয়া তথ্য সমূহ সাধাৰণ পৰামৰ্শৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)
লগতে পঢ়ক: কণী খোৱাৰ উপকাৰিতা সমূহ জানেনে আপুনি?