সুস্থ আৰু ফিট হৈ থাকিব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই শাক-পাচলি

খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই শাক-পাচলি

সুস্থ আৰু ফিট হৈ থাকিবলৈ সুষম খাদ্য অতি প্ৰয়োজনীয়।কিন্তু আমি প্ৰায়ে আমাৰ খাদ্যত শাক-পাচলিৰ পৰিমাণৰ প্ৰতি গুৰুত্ব নিদিওঁ।

শাক-পাচলি কেৱল পেট আৰু যকৃতৰ বাবেই উপকাৰী নহয়,ইয়াৰ উপৰিও তেজত চেনি, বিপাকীয় ক্ৰিয়া, হৃদৰোগ, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। কিছুমান এনে শাক-পাচলি আছে যাক প্ৰতিদিনে খালে বহুতো বেমাৰক নিয়ন্ত্ৰণত ৰখা হয়।

ব্ৰকলি– ব্ৰকলিয়ে প্ৰদাহ কমোৱাত সহায় কৰে।ইয়াত থকা ছালফ’ৰাফেন লিভাৰ ডিটক্স আৰু সুস্থ আন্ত্ৰিক মাইক্ৰ’বায়’মৰ বাবে উপকাৰী।

বীট– বীটত নাইট্ৰেট থাকে যিয়ে তেজৰ সোঁত উন্নত কৰে আৰু ইয়াত পোৱা বিটেইনে যকৃত আৰু হজম শক্তি সুস্থ কৰি ৰখাত সহায় কৰে।

মিঠা আলু– মিঠা আলুত ফাইবাৰ আৰু এন্টিঅক্সিডেন্ট থাকে, যিয়ে ভাল বেক্টেৰিয়াক খাদ্য যোগান ধৰে আৰু হজম শক্তি সুস্থ কৰি ৰাখে।

সেউজীয়া শাক-পাচলি– পালেঙৰ দৰে সেউজীয়া শাক-পাচলিত মেগনেছিয়াম, ফ’লেট আৰু প্ৰিবায়’টিক ফাইবাৰ প্ৰচুৰ পৰিমাণে থাকে, যিয়ে আন্ত্ৰিক অংশত সুস্থ বেক্টেৰিয়াক প্ৰসাৰিত কৰে।

লগতে পঢ়ক: দৈৰ উপকাৰিতাৰ বিষয়ে জানেনে? পাব ফলাফল