BTCত ধূলিস্যাৎ কংগ্ৰেছ; এটা সমষ্টিটো কংগ্ৰেছক ভোট নিদিলে সংখ্যালঘুৱে

BTCত ধূলিস্যাৎ কংগ্ৰেছ

BTCত যেন ধূলিস্যাৎ হোৱাৰ পথত কংগ্ৰেছ। এটা সমষ্টিটো কংগ্ৰেছক ভোট নিদিলে সংখ্যালঘুৱে। গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ আশাত চেঁচাপানী ঢালিলে BTC বাসীয়ে।

সংখ্যালঘু এলেকাত নিৰ্বাচনী প্ৰচাৰ চলায়ো মুখ থেকেচা কংগ্ৰেছৰ। ইফালে BJP, UPPLক পিছ পেলাই BPFয়ে লৈছে অগ্ৰগতি।

বৰ্তমানলৈ ৮খন কৈ আসনত BJP আৰু UPPLৰ অগ্ৰগতি লাভ কৰিছে। আনহাতে ২৩ খনকৈ আসনত আগবাঢ়ি আছে হাগ্ৰামা মহিলাৰীৰ BPF।বৰ্তমানলৈ ওদালগুৰিত BJP প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্মৰ ১০৯টা ভোটত অগ্ৰগতি লাভ কৰিছে।

লগতে পঢ়ক: ‘বিহাৰত এতিয়াও খেল বাকী আছে…’; নিৰ্বাচনক লৈ আছাদ্দুদিন ওৱেইছিৰ ডাঙৰ মন্তব্য

BTC ত কোনে মাৰিব শেষ হাঁহি?আজি ৪০ টা সমষ্টিত নিৰ্ণয় হ’ব প্ৰাৰ্থীৰ ভাগ্য

BTC ত কোনে মাৰিব শেষ হাঁহি?

কিছুসময়ৰ পিছতেই আৰম্ভ হ’ব BTCৰ পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা। ৮ বজাৰ লগে লগে আৰম্ভ হ’ব ভোটগণনা প্ৰক্ৰিয়া।

৪০ সমষ্টিত নিৰ্ণয় হ’ব ৩১৬ জন প্ৰাৰ্থীৰ ভাগ্য। ইতিমধ্যে সাজু হৈছে কাউন্টিং টেবুল। ভোটগণনাৰ বাবে কটকটীয়া নিৰপত্তা বেষ্টনী গঢ়ি তোলা হৈছে।

লগতে পঢ়ক: ‘উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আমাৰ বাবে অষ্টলক্ষ্মীৰ দৰে…’ অৰুণাচল প্ৰদেশক ৫১০০ কোটি টকা উপহাৰ প্ৰধানমন্ত্ৰী মোদীৰ