কলাগুৰুৰ আদৰ্শৰে প্ৰগতিশীল অসম গঢ়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰীগৰাকীয়ে কলাগুৰুক অসমীয়া সমাজৰ এজন অন্যতম প্ৰভাৱশালী ব্যক্তিত্ব হিচাপে স্মৰণ কৰে
অসমৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ইতিহাসৰ অন্যতম পুৰোধা ব্যক্তিত্ব, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ পবিত্ৰ স্মৃতি দিৱস উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে । শুকুৰবাৰে ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত ‘বিষ্ণু ৰাভা দিৱস’ৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কলাগুৰুৰ চৰণত ভক্তিপূৰ্ণ প্ৰণিপাত জনায় ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কলাগুৰুক অসমীয়া সমাজৰ এজন অন্যতম প্ৰভাৱশালী ব্যক্তিত্ব হিচাপে স্মৰণ কৰে । ৰাভাক এজন মহান স্বাধীনতা সংগ্ৰামী আৰু বহুমুখী প্ৰতিভাধৰ ব্যক্তি হিচাপে বৰ্ণনা কৰি তেওঁ কয়, “কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ অৱদান কেৱল শিল্প আৰু সংস্কৃতিৰ ক্ষেত্ৰখনতে আৱদ্ধ নাছিল, বৰঞ্চ তেওঁৰ কৰ্মৰাজিয়ে ৰাজ্যখন আৰু ইয়াৰ জনসাধাৰণৰ প্ৰতিটো গুৰুত্বপূৰ্ণ বিষয়কে স্পৰ্শ কৰিছিল ।” মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ৰাভাই সদায় সমাজৰ শোষিত-বঞ্চিত শ্ৰেণীৰ অধিকাৰৰ হকে মাত মাতিছিল আৰু এখন শক্তিশালী তথা প্ৰগতিশীল অসমৰ সপোন বাস্তৱায়িত কৰাৰ দিশত কাম কৰিছিল ।
প্ৰদান কৰা হ’ল বিষ্ণু ৰাভা বঁটা, সতী সাধনী বঁটা আৰু আজান পীৰ বঁটা
এই বিশেষ উপলক্ষে অসম চৰকাৰৰ তৰফৰ পৰা কলা, সাহিত্য, সংস্কৃতি আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ ক্ষেত্ৰত অনন্য অৱদান আগবঢ়োৱা ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক চৰকাৰীভাৱে সন্মানিত কৰা হয় । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত আনুষ্ঠানিকভাৱে সন্মানীয় বিষ্ণু ৰাভা বঁটা, সতী সাধনী বঁটা আৰু আজান পীৰ বঁটা প্ৰদান কৰে । বঁটা প্ৰাপকসকলক উষ্ম আদৰণি জনাই তেওঁ কয় যে এইসকল মনিষীৰ সাধনাই অসমৰ সাংস্কৃতিক তথা বৌদ্ধিক জগতখনক অধিক চহকী কৰি তুলিছে ।
লগতে পঢ়ক : গুৱাহাটীত চুতীয়া ছাত্ৰ সন্থাৰ নতুন কাৰ্যালয় আৰু ছাত্ৰাবাস উদ্বোধন মুখ্যমন্ত্ৰীৰ