হাতত ট্ৰফী,ডিঙিত পদক; বিশ্ব চেম্পিয়ন ভাৰতীয় মহিলা দলক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ
বিশ্ব চেম্পিয়ন ভাৰতীয় মহিলা দলক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ
ভাৰতীয় মহিলা দলে বিশ্বকাপ ২০২৫ খিতাপ দখল কৰাৰ পাছত হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত থকা টিম ইণ্ডিয়াই প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে।
তেওঁলোকক লগ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে মহিলাসকলক প্ৰশংসা কৰাৰ লগতে খিতাপ জয়ৰ বাবে অভিনন্দন জনায়।
মঙলবাৰে মুম্বাইৰ পৰা দিল্লীত উপস্থিত হয় ভাৰতীয় মহিলা দলটো। কটকটীয়া নিৰাপত্তাৰ মাজতে দলটো তাজ হোটেলৰ পৰা প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত হয়।

এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় দলৰ সকলো খেলুৱৈৰ সৈতে এগৰাকী এগৰাকীকৈ বাৰ্তালাপ কৰে।ভাৰতীয় মহিলা দলৰ এই সাফল্যত প্ৰধানমন্ত্ৰী মোদীক অতি সুখী যেন লাগিল। এই বৈঠকত টিম ইণ্ডিয়াৰ সকলো খেলুৱৈয়ে নমো টি-চাৰ্টত অটোগ্ৰাফ দি পি এম মোদীক উপহাৰ দিয়ে।
ভাৰতীয় মহিলা দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ আৰু উপ-অধিনায়ক স্মৃতি মান্ধনাইও প্ৰধানমন্ত্ৰী গৰাকীৰ হাতত বিশ্বকাপৰ ট্ৰফী প্ৰদান কৰে।
অধিনায়ক হৰমনপ্ৰীত কৌৰে ২০১৭ চনত প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ কথা মনত পেলাইছে, যেতিয়া তেওঁ ট্ৰফী অবিহনে প্ৰধানমন্ত্ৰীগৰাকীক লগ পাইছিল। এতিয়া পুনৰ ট্ৰফীৰ সৈতে প্ৰধানমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰিছে।

অধিনায়ক স্মৃতি মান্ধনাই দলটোক প্ৰেৰণা যোগোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই জয়ৰ কৃতিত্ব দিয়ে।অধিনায়ক গৰাকীয়ে কয় যে তেওঁ সকলোৰে বাবে প্ৰেৰণা।
লগতে তেওঁ কয় যে আজি মহিলা খেলুৱৈ সকলে সকলো ক্ষেত্ৰতে ভাল ফলাফল দেখুৱাইছে, আৰু ইয়াৰ কাৰণ হৈছে প্ৰধানমন্ত্ৰী গৰাকী।
লগতে পঢ়ক: দক্ষিণ আফ্ৰিকা টেষ্ট শৃংখলাৰ বাবে টিম ইণ্ডিয়াৰ ঘোষণা; শ্বামীয়ে পুনৰ নাপালে সুযোগ