১৬ কোটি টকাৰ বান সাহাৰ্য লৈ উজনিলৈ বিজেপিৰ প্ৰতিনিধি দল
উজনিৰ বানাক্ৰান্তৰ ৰাজ্যিক বিজেপি । প্ৰায় ১৬ কোটি টকাৰ সাহাৰ্য বন্যাৰ্তৰ মাজত বিতৰণ কৰিব দলটোৱে ।
উজনিৰ তিনি জিলাত বানে চলোৱা ধ্বংসলীলাত সকলো হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে বন্যাৰ্ত । সংহাৰী বানে চলোৱা তাণ্ডৱত সকলো হেৰুৱাই এতিয়া আৰ্তনাদ কৰিছে বানাক্ৰান্তই । বান পৰিস্থিতি শেহতীয়াকৈ কিছু উন্নত হৈছে যদিও শেষ হোৱা নাই বন্যাৰ্তৰ দুদৰ্শা । এই অন্তহীন দুখৰ মাজতে বানাক্ৰান্তৰ কাষত থিয় দিছে হৃদয়ৱান অলেখজন । সকলোৱে সাধ্যনুসাৰে বানাক্ৰান্তলৈ আগবঢ়াইছে সাহাৰ্য ।
ইয়াৰ মাজতে অসম ৰাজ্যিক বিজেপিয়েও গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । দুদৰ্শাগ্ৰস্ত বানাক্ৰান্তক সহায়ৰ বাবে আগবাঢ়ি আহিছে ৰাজ্যিক বিজেপি । ১, ২ কোটি নহয়, বিজেপিয়ে ১৬ কোটি টকাৰ বান সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰিছে ।
মঙলবাৰে অসম বিধানসভাৰ মজিয়াত মন্ত্ৰী পীযুষ হাজৰীকাই উল্লেখ কৰা অনুসৰি কাইলৈ ১৬ কোটি টকাৰ বান সাহাৰ্য লৈ উজনিলৈ ৰাওনা হ’ব বিজেপিৰ প্ৰতিনিধি দল । চৰাইদেউ, শিৱসাগৰ, যোৰহাটৰ বানপীড়িতক সাহাৰ্য প্ৰদান কৰিব বিজেপিয়ে । দলটোৱে কাপোৰ-কানি, শিশু খাদ্য, খাদ্য সামগ্ৰী, পশু খাদ্য প্ৰদান কৰিব বন্যাৰ্তক ।
ইতিমধ্যে বিজেপিৰ কাৰ্যকৰ্তাসকলে প্ৰায় ১৬ কোটি টকাৰ সাহাৰ্য সংগ্ৰহ কৰিছে বুলি উল্লেখ কৰে তেওঁ । বাজপেয়ী ভৱনত পূৰ্ণগতিত চলিছে বানপীড়িত ৰাইজৰ সাহাৰ্যৰ কাম ।
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি-
-বন্যাৰ্তৰ বাবে ১ লাখ ৭০ হাজাৰ যোৰ চাদৰ-মেখেলা প্ৰেৰণ কৰা হ’ব ।
-১ লাখ ৭০ হাজাৰ টী চাৰ্ট বন্যাৰ্তৰ বাবে প্ৰেৰণ কৰা হ’ব ।
-লগতে বানাক্ৰান্তলৈ ডেৰলাখ আঠুৱাও প্ৰেৰণ কৰা হ’ব
লগতে পঢ়ক : উজনিৰ বানপীড়িত বাবে ডাঙৰ পদক্ষেপ, ১২৬ গৰাকী বিধায়কে আগবঢ়াব এমাহৰ দৰমহা