সলনি হ’ল প্রধানমন্ত্রীৰ কার্যালয়ৰ নাম; ৰাজভৱনৰো নতুন নামকৰণ

সলনি কৰা হ’ল প্রধানমন্ত্রীৰ কার্যালয়ৰ নাম । এতিয়াৰে পৰা সেৱা তীৰ্থ নামেৰে জনা যাব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক ।

সলনি কৰা হ’ল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নাম । এতিয়াৰে পৰা প্রধানমন্ত্রীৰ কার্যালয়ক ‘সেৱা তীৰ্থ’ নামেৰে জনা যাব । ইফালে সলনি কৰা হৈছে কেন্দ্ৰীয় সচিবালয়ৰ নামো । সচিবালয়ৰ নাম সলনি কৰা হৈছে কৰ্তব্য ভৱন । এই পৰিৱৰ্তনৰ সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ ৰাজভৱনসমূহৰ নাম লোকভৱন হিচাপে সলনি কৰাৰ কথাও ঘোষণা কৰিছে । ইয়াৰ পূৰ্বে দিল্লীৰ ৰাজপথৰ নাম কৰ্তব্য পথ ৰখা হৈছিল । প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ নাম এতিয়া লোক কল্যাণ মাৰ্গ হিচাবে জনা যায় ।

এই পৰিৱৰ্তনৰ মাজতে উত্তৰাখণ্ড, পশ্চিম বংগ, তামিলনাডুকে ধৰি আঠখন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলে নিজৰ ৰাজভৱনৰ নাম সলনি কৰিছে । গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক নিৰ্দেশনাৰ পিছতে এই পৰিৱৰ্তন কৰা হৈছে । যোৱা বছৰ ৰাজ্যপালৰ এখন সন্মিলনত হোৱা আলোচনাৰ উদ্ধৃতি দি মন্ত্ৰালয়ে কয় যে ৰাজভৱন নামটোৱে ঔপনিৱেশিক মানসিকতাৰ প্ৰতিফলন ঘটায় ।

ৰাজ্যসমূহৰ ৰাজ্যপাল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফটেনেন্ট গৱৰ্ণৰৰ মুখ্য সচিবলৈ লিখা এখন পত্ৰত গৃহ মন্ত্ৰালয়ে যোৱা বছৰৰ ৰাজ্যপাল সন্মিলনত দিয়া পৰামৰ্শৰ কথা উল্লেখ কৰি কৈছে যে ৰাজভৱনৰ নাম সলনি কৰি লোকভৱন কৰা হওক, কিয়নো “ৰাজ ভৱন” শব্দটোৱে ঔপনিৱেশিকতাবাদক বুজায় । গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশত কোৱা হৈছে যে, ‘সেয়েহে অনুৰোধ কৰা হৈছে যে সকলো চৰকাৰী কামৰ বাবে ৰাজ্যপাল আৰু লেফটেনেন্ট গৱৰ্ণৰৰ কাৰ্যালয়ৰ নাম ‘লোক ভৱন’ আৰু ‘লোক নিৱাস’ ৰখা হওক ।

গৃহ মন্ত্ৰালয়ৰ এই নিৰ্দেশ অনুসৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে নিজৰ কাৰ্যালয়ৰ পৰা “ৰাজ” শব্দটো আঁতৰাবলৈ আৰম্ভ কৰিছে । পশ্চিম বংগ, তামিলনাডু, কেৰালা, অসম, উত্তৰাখণ্ড, ওড়িশা, গুজৰাট আৰু ত্ৰিপুৰাই “ৰাজ ভৱন”ৰ নাম সলনি কৰি “লোক ভৱন” কৰিছে । লাডাখৰ ৰাজভৱনৰ নাম সলনি কৰা হৈছে “লোক নিৱাস”। আন এখন ৰাজ্যই এই তালিকাত যোগদান কৰিছে- ৰাজস্থানেও নিজৰ ৰাজভৱনৰ নাম সলনি কৰাৰ কথা ঘোষণা কৰিছে ।

লগতে পঢ়ক : সংসদত হ’ব বন্দে মাতৰমৰ চৰ্চা; প্ৰধানমন্ত্ৰী মোদীয়েও কৰিব অংশগ্ৰহণ