বিশিষ্ট অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসানত মুখ্যমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ জনপ্ৰিয় অভিনেত্ৰী পূৰৱী শৰ্মা । জনপ্ৰিয় অভিনেত্ৰীগৰাকীক হেৰুৱাই শোকাহত ৰাজ্যবাসী । বিশিষ্ট অভিনেত্ৰীগৰাকীৰ বিয়োগত শোকপ্ৰকাশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ।

পৰিয়াল তথা ৰাজ্যবাসীক শোকৰ সাগৰত পেলাই ইহ সংসাৰৰ পৰা চিৰ বিদায় ল’লে জনপ্ৰিয় অভিনেত্ৰী পূৰৱী শৰ্মাই । ১৪ জুলাই, মঙলবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত গুৱাহাটীত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অভিনেত্ৰীগৰাকীৰ আকস্মিক দেহাৱসান ঘটে ।

আজি সন্ধিয়া শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ লগে লগে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৬৮ বছৰ ।

কেইবা দশক ধৰি আঞ্চলিক চলচ্চিত্ৰ উদ্যোগলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা বলিষ্ঠ অভিনেত্ৰীগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰিী ড০ হিমন্ত বিশ্ব শৰ্মাই । বিশিষ্ট অভিনেত্ৰীগৰাকীৰ প্ৰয়াত হোৱাৰ বাতৰি লাভ কৰাৰ পিছতে সামাজিক মাধ্যমযোগে শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ফেচবুকযোগে মুখ্যমন্ত্ৰী ড০ শৰ্মাই শোক প্ৰকাশ কৰি লিখিছে- “অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী পূৰৱী শৰ্মা ডাঙৰীয়ানীৰ আকস্মিক আৰু অকাল বিয়োগৰ বাতৰিয়ে মোক গভীৰভাৱে মৰ্মাহত কৰিলে৷ অসমীয়া চলচ্চিত্ৰ, ভ্ৰাম্যমাণ থিয়েটাৰ, দূৰদৰ্শন আৰু আকাশবাণীৰ জগতখনত নিজৰ অনন্য প্ৰতিভাৰে উজ্জ্বল স্বাক্ষৰ ৰাখি যোৱা পূৰৱী শৰ্মাই কেইবাটাও দশক ধৰি স্বকীয় অভিনয়শৈলীৰে অগণন দৰ্শক-শ্ৰোতাৰ হৃদয় জয় কৰিছিল। ৰূপালী পৰ্দাত তেখেতে জীৱন্ত কৰি তোলা অসংখ্য চৰিত্ৰ, বিশেষকৈ নায়িকাৰূপে তেখেতৰ অনবদ্য অভিনয়, অসমীয়া চলচ্চিত্ৰপ্ৰেমীৰ মনত চিৰদিন সজীৱ হৈ থাকিব।“

তেওঁ আৰু লিখিছে- “তেখেতৰ প্ৰয়াণে অসমীয়া শিল্প-সংস্কৃতি জগতখনত এক শূন্যতাৰ সৃষ্টি কৰিলে। এগৰাকী গুণী শিল্পী হিচাপে তেখেতে এৰি যোৱা সৃষ্টিৰাজি, শিল্পসাধনা চিৰদিন চলচ্চিত্ৰপ্ৰেমীক অনুপ্ৰাণিত কৰিব।

বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ লগতে তেখেতৰ স্বামী, বিশিষ্ট অভিনেতা শ্ৰীতপন দাস ডাঙৰীয়া তথা শোকসন্তপ্ত পৰিয়ালবৰ্গ, আত্মীয়-স্বজন, সহশিল্পী আৰু অগণন অনুৰাগীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ।

ওঁম শান্তি”

উল্লেখ্য যে, জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে ৰাজ্যৰ শিল্পী, কলা-কুশলীৰ লগতে অসংখ্য অনুৰাগী তেখেতৰ বাসগৃহত শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : অসমীয়া বোলছবিজগতৰ বিশিষ্ট অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান

অসমীয়া বোলছবিজগতৰ বিশিষ্ট অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান

কেইবা দশক ধৰি আঞ্চলিক চলচ্চিত্ৰ উদ্যোগলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা পূৰৱী শৰ্মাই নিজৰ বলিষ্ঠ আৰু মনপৰশা অভিনয়েৰে দৰ্শকৰ মন জয় কৰি থৈ গৈছে

অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এক অত্যন্ত দুখবৰ । ৰাজ্যৰ চলচ্চিত্ৰ আৰু ধাৰাবাহিকৰ অন্যতম পৰিচিত তথা জনপ্ৰিয় মুখ, বিশিষ্ট অভিনেত্ৰী পূৰৱী শৰ্মা আৰু নাই । মঙলবাৰ, ১৪ জুলাইৰ সন্ধিয়া প্ৰায় ৭:৩০ বজাত গুৱাহাটীত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অভিনেত্ৰীগৰাকীৰ আকস্মিক দেহাৱসান ঘটে ।

প্ৰকাশিত খবৰ অনুসৰি, শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ লগে লগে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৬৮ বছৰ । বৰ্তমান তেওঁৰ নশ্বৰ দেহ গুৱাহাটীৰ শান্তিপুৰস্থিত বাসগৃহলৈ অনা হৈছে । প্ৰিয় অভিনেত্ৰীগৰাকীক শেষ বিদায় জনাবলৈ তথা অন্তিম শ্ৰদ্ধা নিৱেদন কৰিবলৈ তেওঁৰ বাসগৃহত পৰিয়ালৰ সদস্য, আত্মীয়-স্বজন, চলচ্চিত্ৰ জগতৰ সতীৰ্থ আৰু অগণন গুণমুগ্ধৰ সমাৱেশ ঘটিছে ।

চিনেমাৰ পৰা টেলিভিছনলৈ: এক সোণালী যাত্ৰা

কেইবা দশক ধৰি আঞ্চলিক চলচ্চিত্ৰ উদ্যোগলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা পূৰৱী শৰ্মাই নিজৰ বলিষ্ঠ আৰু মনপৰশা অভিনয়েৰে দৰ্শকৰ মন জয় কৰি থৈ গৈছে ।

তেওঁ বিখ্যাত অসমীয়া ছবি ‘আজলী নবৌ’ৰ জৰিয়তে অভিনয় জগতত ভৰি দিছিল । তেওঁৰ কেৰিয়াৰৰ প্ৰাৰম্ভিক সময়ৰ ছবি ‘ৰাগিনী’য়ে লাভ কৰিছিল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, যিটো তেওঁৰ অভিনয় জীৱনৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি আছিল ।

শেহতীয়াকৈ ২০২২ চনৰ সমাদৃত ছবি ‘প্ৰভাত’ আদিকে ধৰি কেইবাখনো ছবিত তেওঁ অভিনয় কৰিছিল । কেৱল চিনেমাতেই নহয়, ২০০৬ চনৰ অত্যন্ত জনপ্ৰিয় ধাৰাবাহিক ‘গেটৱে’ৰ জৰিয়তে তেওঁ টেলিভিছন জগতৰো ঘৰে ঘৰে এক পৰিচিত নাম হৈ পৰিছিল ।

কুলাদা কুমাৰ ভট্টাচাৰ্যৰ দৰে অসমীয়া চিনেমাৰ কেইবা গৰাকীও আগশাৰীৰ ব্যক্তিত্বৰ সৈতে তেওঁ স্ক্ৰীণ শ্বেয়াৰ কৰিছিল । ইয়াৰ উপৰিও কণ্ঠশিল্পী জুবিন গাৰ্গৰ সৈতে কৰা ‘যোৱা বছৰে’ নামৰ ৰোমাণ্টিক মিউজিক ভিডিঅ’টোত অভিনয় কৰি তেওঁ নতুন প্ৰজন্মৰ দৰ্শকৰ মাজতো জনপ্ৰিয় হৈ পৰিছিল । ‘ফিল্মফেয়াৰ এৱাৰ্ডছ আছামীজ’ আৰু ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ দৰে বহু গুৰুত্বপূৰ্ণ সাংস্কৃতিক মঞ্চৰ সৈতেও তেওঁ সক্ৰিয়ভাৱে জড়িত আছিল ।

তপন দাসৰ সৈতে সাংস্কৃতিক যুগলবন্দী

অভিনয় জীৱনৰ সমান্তৰালভাৱে, পূৰৱী শৰ্মাই অসমৰ বিশিষ্ট অভিনেতা, নাট্যকাৰ তথা পৰিচালক তপন দাসৰ সৈতে এক দীৰ্ঘদিনীয়া আৰু প্ৰশংসনীয় যুটী বান্ধিছিল । অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা চিৰস্থায়ী অৱদান আৰু ইজনে সিজনৰ সৃষ্টিশীল প্ৰয়াসক জনোৱা সমৰ্থনৰ বাবে এই দম্পতীটো চলচ্চিত্ৰ প্ৰেমীৰ মাজত অত্যন্ত সন্মানীয় আছিল ।

সংস্কৃতিক মহলত শোকৰ ছাঁ

পূৰৱী শৰ্মাৰ এই আকস্মিক বিয়োগে অসমীয়া চলচ্চিত্ৰৰ এক গৌৰৱোজ্জ্বল অধ্যায়ৰ অন্ত পেলালে । তেওঁৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক জগতত এক গভীৰ শূন্যতাৰ সৃষ্টি হৈছে । ৰাজ্যৰ শিল্পী, কলা-কুশলী তথা অনুৰাগীয়ে অভিনেত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে । তেওঁ এৰি থৈ যোৱা চহকী উত্তৰাধিকাৰ আৰু কলাত্মক সৃষ্টিসমূহ অসমীয়া সমাজত সদায় স্মৰণীয় হৈ থাকিব ।

লগতে পঢ়ক : চিৰদিনৰ বাবে মৌন হ’ল কোটি কোটি হৃদয় জয় কৰা সুৰীয়া কণ্ঠ