আজি মহাসপ্তমী; ঢাকৰ সলনি মণ্ডপে মণ্ডপে বাজিছে মায়াবিনী
ঢাকৰ সলনি মণ্ডপে মণ্ডপে বাজিছে মায়াবিনী
আজি মহাসপ্তমী।কালৰাত্ৰি ৰূপত পূজিত হ’ব দেৱী দশভুজা।ধাৰ্মিক ৰীতি-নীতি ঢাক-ঢোলৰ শব্দৰে মুখৰিত হৈছে মণ্ডপ সমূহ। দুৰ্গাপূজা বুলি ক’লেই চৌদিশে এক ব্যস্ততাপূৰ্ণ আৰু আনন্দময় পৰিৱেশে বিৰাজ কৰে।
কিন্তু এইবাৰৰ পৰিৱেশ কিছু পৃথক। কাৰণ অসমীয়াৰ হিয়াৰ আমঠু বিহীন প্ৰথমটো পূজা। চাৰিওফালে কেৱলউকা উকা।
এবুকু যন্ত্ৰণা বুকুত বান্ধি সকলো পূজা কমিটি মা দুৰ্গাৰ আৰাধনাৰ বাবে সাজু হৈছে। প্ৰিয় শিল্পী গৰাকীৰ অনাকাংক্ষিত বিয়োগত সকলো ম্ৰিয়মাণ হৈ আছে সমগ্ৰ ৰাজ্য।
পূৰ্বতে দেখা পূজা সমিতি সমূহৰ মাজত থকা ব্যস্ততা যেন এইবাৰ স্তিমিত হৈ পৰিছে। মণ্ডপে মণ্ডপে ঢাক বা মন্ত্ৰপাঠৰ সলনি শুনিবলৈ পোৱা গৈছে জুবিনৰ মায়াবিনী। চৌদিশে নাই কোনো আনন্দ নাই দুর্গোৎসবৰ উছাহ।
লগতে পঢ়ক: বলীউডত দুৰ্গা পূজাৰ উসাহ; খুড়াকলৈ মনত পেলাই উচুপি উঠিল ৰাণী-কাজল