দাৰ্জিলিংত প্ৰকৃতিৰ তাণ্ডৱ; বৰষুণ আৰু ভূমিস্খলনত ৬০ জনৰ মৃত্যত

দাৰ্জিলিংত প্ৰকৃতিৰ তাণ্ডৱ

প্ৰবল বৰষুণ আৰু ভূমিস্খলনে পশ্চিম বংগৰ দাৰ্জিলিঙৰ পৰা নেপালৰ মাউণ্ট এভাৰেষ্টলৈকে ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰিছে।দাৰ্জিলিঙৰ ১৮ আৰু নেপালত ৪৭ জনকে ধৰি এই পৰ্যন্ত ৬০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে।

শ শ লোক  ইতিমধ্যে আৱদ্ধ হৈ আছে, পথবন্ধ হৈ পৰাৰ লগতে, অসংখ্য দলং ভাঙি গৈছে।ইফালে বহু পৰ্যটকক খালী কৰা হৈছে।

আই এম ডিৰ তথ্য অনুসৰি দাৰ্জিলিং আৰু ইয়াৰ আশে-পাশে থকা হিমালয় অঞ্চলত অস্বাভাৱিকভাৱে প্ৰচণ্ড বৰষুণৰ ফলত এই বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি হয়। অঞ্চলটোৰ বৰ্তমানৰ পৰিস্থিতিৰ বাবেই এই ভূমিস্খলনৰ সূচনা হয়।

হিমালয় অঞ্চলত জলবায়ু পৰিৱৰ্তনৰ বাবে কম সময়ৰ ভিতৰতে বৰষুণৰ তীব্ৰতা বৃদ্ধি পাইছে।৪-৫ অক্টোবৰত দাৰ্জিলিঙত মাত্ৰ ১২ ঘণ্টাত ৩০০ মিলিমিটাৰতকৈ অধিক বৰষুণৰ ৰেকৰ্ড কৰা হয়।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পৰ্যটকসকলক ধৈৰ্য্য বজাই ৰাখিবলৈ আহ্বান জনাইছে আৰু নিৰাপদে ঘূৰি অহাৰ আশ্বাস দিছে।স্থানীয় লোকে কয় যে বিগত ২৭ বছৰত এনে বৰষুণ আৰু ধ্বংসলীলা দেখা নাই।

লগতে পঢ়ক: ৯ টা শিশুৰ মৃত্যুৰ পিছত মধ্যপ্ৰদেশত নিষিদ্ধ কল্ডিফ কফ চিৰাপৰ বিক্ৰী…