বিশ্বব্ৰহ্মাণ্ডৰ সুন্দৰী হৈ মঞ্চ কঁপালে তমন্না ভাটিয়াই; ফেশ্বন আৰু গ্লেমাৰে লগালে জুই

মঞ্চ কঁপালে তমন্না ভাটিয়াই

বিখ্যাত ফেশ্বন ডিজাইনাৰ ৰাহুল মিশ্ৰই অনুৰাগীৰ সৈতে তেওঁৰ ধুনীয়া কালেকচনৰ  আভাস শ্বেয়াৰ কৰে।বুধবাৰে নিশা নতুন দিল্লীৰ তাজ পেলেচত ৰাহুল মিশ্ৰই ইণ্ডিয়া ক্যুট্যুৰ উইক ২০২৫ উদ্বোধন কৰে ।

ইয়াৰ লগে লগে তেওঁ উপস্থাপন কৰিলে তেওঁৰ সংকলন ‘বিকিমিং লাভ’। এই অনুষ্ঠানত ফেশ্বন জগতৰ বিখ্যাত ব্যক্তিত্বৰ উপৰিও বলীউডৰ অভিনেত্ৰী তমন্না ভাটিয়াইও ৰেম্পত খোজ কাঢ়িছিল।

ৰাহুল মিশ্ৰৰ ধুনীয়া ডিজাইনাৰ সাজ-পোছাক পৰিধান কৰি তমন্না ভাটিয়াই ৰেম্পত খোজ কাঢ়িছিল যিয়ে শ্ব’টোত ফেশ্বন আৰু গ্লেমাৰৰ ৰং যোগ কৰিছিল।

শ্ব’টোত তমন্নাই দুটা আচৰিত ড্ৰেছ পিন্ধি ৰেম্পত অতি লয়লাসে খোজ দিয়ে, য’ত সমসাময়িক ডিজাইন আৰু ভাৰতীয় পৰম্পৰাগত সাজ-পোছাকৰ এক অনন্য মিল আছিল। ৰাহুল মিশ্ৰই ডিজাইন কৰা আকৰ্ষণীয় ফুলৰ এম্ব্ৰয়ডাৰী গাউন পিন্ধি তমন্নাই ৰেম্পত খোজ দিছিল।

লগতে পঢ়ক: মধ্যপ্ৰদেশৰ পিছত দিল্লীতো এতিয়া কৰমুক্ত ‘তনভি দ্য গ্ৰেট’; মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ঘোষণা