অসম হ’ব দেশৰ নতুন ‘ছেমিকণ্ডাক্টৰ হাব’, নৱেম্বৰৰ পৰাই বিশ্ববজাৰলৈ যাব টাটাৰ চিপ
অসম এতিয়া দেশৰ ভিতৰতে অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি আৰু ভৱিষ্যতৰ ছেমিকণ্ডাক্টৰ উৎপাদনৰ এক অন্যতম কেন্দ্ৰ হিচাপে বিশ্বৰ দৰবাৰত জিলিকি উঠিছে
বিগত এটা দশকত অসমৰ বুকুলৈ আহিছে এক অভূতপূৰ্ব পৰিৱৰ্তন । এসময়ত কেৱল উগ্ৰপন্থী সমস্যাৰ বাবে চৰ্চাত থকা অসম এতিয়া দেশৰ ভিতৰতে অন্যতম দ্ৰুতগতিত বৃদ্ধ্ পোৱা অৰ্থনীতি আৰু ভৱিষ্যতৰ ছেমিকণ্ডাক্টৰ উৎপাদনৰ এক অন্যতম কেন্দ্ৰ হিচাপে বিশ্বৰ দৰবাৰত জিলিকি উঠিছে । নতুন দিল্লীত অনুষ্ঠিত ‘ৰিপাব্লিক চামিট ২০২৬’ত অংশগ্ৰহণ কৰি এই ঐতিহাসিক উন্নয়নৰ খতিয়ান দাঙি ধৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্ৰীগৰাকীয়ে সন্মিলনত ‘মেন অন এ মিছন’ শীৰ্ষক গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰি ৰাজ্যখনৰ ঔদ্যোগিক বিপ্লৱৰ এক ডাঙৰ ঘোষণা কৰে ।
নৱেম্বৰৰ পৰাই আৰম্ভ হ’ব অসমৰ চিপ ৰপ্তানি
অসমৰ বৰ্ধিত ঔদ্যোগিক পৰিৱেশৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰে । তেওঁ কয় যে টাটা ছেমিকণ্ডাক্টৰে অহা নৱেম্বৰ মাহৰ ভিতৰত গুৱাহাটীৰ পৰা ছেমিকণ্ডাক্টৰ চিপ ৰপ্তানি কৰিবলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে ।
তেওঁ কয়- “অহা নৱেম্বৰ মাহৰ ভিতৰত টাটা ছেমিকণ্ডাক্টৰে গুৱাহাটীৰ পৰা চিপ ৰপ্তানি প্ৰক্ৰিয়া আৰম্ভ কৰিব । প্ৰাৰম্ভিক পৰ্যায়ত আমি গুৱাহাটীৰ পৰা ৪৮ নিযুত অৰ্থাৎ ৪.৮ কোটি চিপ বিশ্বৰ বজাৰলৈ ৰপ্তানি কৰিবলৈ ওলাইছোঁ ।”
পূব আৰু উত্তৰ-পূব ভাৰতৰ হাতত অহা ২০ বছৰৰ নিয়ন্ত্ৰণ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘বিকশিত ভাৰত ২০৪৭’ৰ সপোনক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে । তেওঁৰ মতে, আগন্তুক দুটা দশক কেৱল পূব আৰু উত্তৰ-পূব ভাৰতৰ হ’ব । এই অঞ্চলটোৱে উদ্যোগ, গোলকীয় বাণিজ্য আৰু উদ্ভাৱনৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিব ।
অনুপ্ৰৱেশৰ বিৰুদ্ধে সতৰ্কতা আৰু সীমান্ত সুৰক্ষা
উন্নয়নৰ সমান্তৰালভাৱে ৰাজ্যখনৰ শান্তি-শৃংখলা বৰ্তাই ৰখাৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে বিশেষ জোৰ দিয়ে । অসমৰ ভৌগোলিক আৰু জনগাঁথনিগত সংবেদনশীলতাৰ কথা উল্লেখ কৰি তেওঁ স্পষ্ট কৰি দিয়ে যে উন্নয়নৰ বাবে শান্তি অতি জৰুৰী । ইয়াৰ বাবে সীমান্তৱৰ্তী ৰাজ্যসমূহত সন্তুলিত উন্নয়ন নিশ্চিত কৰাৰ লগতে অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে চৰকাৰে সদায় কঠোৰ আৰু নিৰন্তৰ সতৰ্কতা অৱলম্বন কৰি যাব ।
“আমি বঞ্চিত হৈছিলোঁ, এতিয়া ইতিবাচকতাৰ সময়”
ভাষণৰ শেষৰ ফালে মুখ্যমন্ত্ৰী শৰ্মাই অসমৰ জনসাধাৰণক অতীতৰ নেতিবাচকতা পৰিহাৰ কৰি এক গ্ৰহণযোগ্য আৰু আশাবাদী মনোভাৱ গঢ়ি তুলিবলৈ আহ্বান জনায় । “অতীতত আমি বহুখিনি লাভৰ পৰা বঞ্চিত হৈছিলোঁ । কিন্তু এতিয়া সময় সলনি হৈছে। আমাৰ মাজলৈ যেতিয়া সম্পূৰ্ণ ইতিবাচকতা আহিব, তেতিয়াই আমি দেশৰ অৰ্থনীতিৰ আটাইতকه উজ্জ্বল বিন্দু হৈ পৰিম আৰু ৰাষ্ট্ৰ নিৰ্মাণত সৰ্বোচ্চ অৱদান যোগাব পাৰিম,” বুলি তেওঁ মন্তব্য কৰে ।
লগতে পঢ়ক : গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ আৰম্ভ হ’ব পোনপটীয়া বিমান সেৱা