‘উষাই হিন্দু ধৰ্ম এৰি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিব লাগে’; জে ডি ভেন্সৰ মন্তব্যত তীব্ৰ সমালোচনা

জে ডি ভেন্সৰ মন্তব্যত তীব্ৰ সমালোচনা

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নী উষাক অন্য ধৰ্ম গ্ৰহণ কৰিবলৈ প্ৰেৰণা দিয়া বক্তব্য তেওঁৰ বাবে ব্যয়বহুল বুলি প্ৰমাণিত হৈছে।

জে ডি ভেন্সে ইয়াৰ এদিন আগতে ৰাজহুৱা অনুষ্ঠানত এই ইচ্ছা প্ৰকাশ কৰিছিল যে তেওঁ বিচাৰে যে তেওঁৰ পত্নী উষাই হিন্দু ধৰ্ম পৰিত্যাগ কৰি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰক।

ভেন্সে কৈছিল যে, মই আশা কৰোঁ উষাই এদিন এই কামটো কৰিব।” আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ এই বক্তব্যক তেওঁৰ পত্নী উষাৰ ওপৰত আন ধৰ্ম গ্ৰহণৰ হেঁচা হিচাপে দেখা গৈছে।তেওঁৰ বক্তব্যক লৈ ব্যাপক হুলস্থুলৰ সৃষ্টি হৈছে।

বহুতে উপ-ৰাষ্ট্ৰপতিগৰাকীক তীব্ৰ সমোলেচনা কৰি কৈছে যে, আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে তেওঁৰ পত্নীক ধৰ্মান্তৰ কৰিবৰ বাবে হেঁচা দিছে।

এগৰাকী উপ-ৰাষ্ট্ৰপতিৰ এনে মন্তব্য গ্ৰহণ যোগ্য নহয়।তাৰ উত্তৰত তেওঁ কয় যে, “তেওঁ (উষাই) নিজেই মোক বহু বছৰৰ আগতে মোৰ বিশ্বাসৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিবলৈ উৎসাহিত কৰিছিল”।

“তেওঁ খ্ৰীষ্টান নহয় আৰু ধৰ্মান্তৰিত হোৱাৰ কোনো উদ্দেশ্য নাই, কিন্তু আন্তঃধৰ্মীয় বিবাহ বা যিকোনো আন্তঃধৰ্মীয় সম্পৰ্কত বহু লোকৰ দৰে,মই আশাকৰোঁ এদিন তেওঁ মোৰ দৰেই কথাবোৰ চাব”।

“তথাপিও মই তেওঁক ভালপোৱা আৰু সমৰ্থন কৰি যাম। বিশ্বাস, জীৱন, আৰু সকলো কথা তেওঁৰ লগত কথা পাতি থাকিম, কিয়নো তেওঁৰ মোৰ পত্নী।তৃতীয়তে, এনে পোষ্টত খ্ৰীষ্টান বিৰোধী ধৰ্মান্ধতাৰ গোন্ধ ওলাইছে”।

“হয়, খ্ৰীষ্টানসকলৰ বিশ্বাস আছে। আৰু হয়, সেই বিশ্বাসবোৰৰ পৰিণতি আছে। তাৰে এটা হ’ল আমি সেইবোৰ আন মানুহৰ লগত শ্বেয়াৰ কৰিব বিচাৰো।এইটো সম্পূৰ্ণ স্বাভাৱিক,আৰু যিয়েই আপোনাক অন্য ধৰণে কোৱাৰ এজেণ্ডা থাকে।”   

লগতে পঢ়ক: “মই মোৰ পত্নী উষাই ‘হিন্দু ধৰ্ম’ এৰি ‘খ্ৰীষ্টান’ হোৱাটো বিচাৰো”; আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সেৰ বিস্ফোৰক মন্তব্য