JEE Mains 2026: অক্টোবৰৰ পৰা আৰম্ভ হ’ব পাৰে পঞ্জীয়ন প্ৰক্ৰিয়া!  

JEE Mains 2026: অক্টোবৰৰ পৰা আৰম্ভ হ’ব পাৰে পঞ্জীয়ন প্ৰক্ৰিয়া!  

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অতি সোনকালে যুটীয়া প্ৰৱেশ পৰীক্ষা JEE Mains 2026 ৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সম্ভাৱনা আছে।

ইয়াৰ বাবে প্ৰাৰ্থীসকলে এনটিএ জেইইৰ অফিচিয়েল ৱেবছাইট www.jeemain.nta.nic.in ত আবেদন কৰিব লাগিব।

২০২৫ চনৰ ১৯ ​​অক্টোবৰত জাৰি কৰা চৰকাৰী জাননী অনুসৰি এইবাৰ জে ই ই মেইনছ পৰীক্ষা দুটা অধিবেশনত অনুষ্ঠিত হ’ব।

২০২৬ চনৰ ২১ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব প্ৰথম অধিবেশনৰ পৰীক্ষা।আনহাতে দ্বিতীয় অধিবেশনৰ পৰীক্ষা ১ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈ অনুষ্ঠিত হ’ব।

মুঠ প্ৰশ্নকাকত ২খন হ’ব। পেপাৰ ১ ত এন আই টি, আই আই টি, কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে চলি থকা কাৰিকৰী প্ৰতিষ্ঠান (চি এফ টি আই) আৰু ৰাজ্য চৰকাৰৰ পুঁজিৰে চলি থকা প্ৰতিষ্ঠানৰ আৰু বিশ্ববিদ্যালয়সমূহত অভিযান্ত্ৰিক স্নাতক (বি.ই)আৰু প্ৰযুক্তিবিদ্যাত স্নাতক (বি.টেক)যেনে ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে হ’ব।

পেপাৰ ২ত আৰ্কিটেকচাৰ শাখাত স্নাতক (বি.আৰ্চ) আৰু পৰিকল্পনা স্নাতক (বি.প্লেনিং) পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত কৰা হ’ব।

লগতে পঢ়ক: লাভজনক হৈ থকা নাই এই ১০ টা ডিগ্ৰী; ক্ৰমে হ্ৰাস পাইছে গুৰুত্ব