বিবাহপাশত আৱদ্ধ হ’ল দংগল খ্যাত জাইৰা ৱাছিম

বিবাহপাশত আৱদ্ধ হ’ল দংগল খ্যাত জাইৰা ৱাছিম

কেইবাবছৰ পূৰ্বে বলীউড এৰি যোৱা দংগল ফেম অভিনেত্ৰী জাইৰা ৱাছিমে বিবাহ পাশত আৱদ্ধ হয়। তেওঁ ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে এই তথ্য শ্বেয়াৰ কৰিছে।

হঠাৎ জাইৰাৰ বিয়াৰ পোষ্ট শ্বেয়াৰ কৰি সকলোকে আচৰিত কৰি দিছে।প্ৰাক্তন অভিনেত্ৰীগৰাকীয়ে দুখন ফটো শ্বেয়াৰ কৰিছে, ইয়াৰে এখনত তেওঁৰ নিকাহনামাত চুক্তি কৰা দেখা গৈছে, আৰু দ্বিতীয়খন ফটোত স্বামীৰ সৈতে চন্দ্ৰলৈ চাই আছে।

অৱশ্যে প্ৰাক্তন অভিনেত্ৰী গৰাকীয়ে স্বামীৰ নাম প্ৰকাশ কৰা নাই।এই বিশেষ দিনটোত জাইৰাই উজ্জ্বল ৰঙা লেহেংগা পিন্ধিছিল।ফটোদুখন শ্বেয়াৰ কৰি জাইৰাই কেপচনত লিখিছে যে ‘কুবুল হে’।

উল্লেখ্য যে, জাইৰা ৱাছিমে ২০১৯ চনত চলচ্চিত্ৰ জগত এৰি যোৱাৰ কথা ঘোষণা কৰিছিল,ইয়াৰ কেইবাটাও কাৰণ তেওঁ দাঙি ধৰিছিল।

য’ত তেওঁ কৈছিল যে তেওঁ নিজৰ কামত সুখী নহয় আৰু ধৰ্মৰ উদ্ধৃতি দি এই গ্লেমাৰ জগতখনৰ পৰা নিজকে আঁতৰাই ৰাখিছিল।

লগতে পঢ়ক: ‘কোনো পাৰ্টীৰ লগত সম্পৰ্ক নাই’; নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাক লৈ মুখখুলিলে মনোজ বাজপেয়ীয়ে