জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ; শীঘ্ৰেই সাগৰৰ বুকুত ডুব যাব এইখন দেশ !

জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ

টুৱালু প্ৰশান্ত মহাসাগৰৰ এখন সৰু দ্বীপ ৰাষ্ট্ৰ । শেহতীয়াকৈ জলবায়ু পৰিৱৰ্তনৰ ভয়ানক বোজাৰ সন্মুখীন হৈছে এই দেশখন । এই দেশখনক এতিয়া সাগৰৰ বুকুত ডুব যোৱাৰ ভাবুকিৰ সন্মুখীন হৈছে । সেয়েহে এতিয়া আৰম্ভ হৈছে বিশ্বৰ প্ৰথম পৰিকল্পিত ৰাষ্ট্ৰীয় প্ৰব্ৰজন । ১৬ জুনত আৰম্ভ হোৱা ভিছা আবেদনত ৫,১৫৭ জন লোকে (জনসংখ্যাৰ প্ৰায় আধা) অষ্ট্ৰেলিয়াত আশ্ৰয়ৰ বাবে পঞ্জীয়ন কৰিছে ।

ইতিমধ্যে ১৮ জুলাইত আৱেদন প্ৰক্ৰিয়া বন্ধ হৈছে । প্ৰতি বছৰে টুৱালুৰ পৰা ২৮০ জন লোক অষ্ট্ৰেলিয়ালৈ যাব পাৰিব । জলবায়ু পৰিৱৰ্তনৰ ভয়ানক প্ৰভাৱৰ বাবেই এই সকলোবোৰ ঘটিছে ।

জলবায়ু পৰিৱৰ্তনৰ ভয়ানক প্ৰভাৱ-

অষ্ট্ৰেলিয়া আৰু হাৱাইৰ মাজত অৱস্থিত টুৱালু নটা নিম্নভূমিৰ এটল (প্ৰবাল প্ৰাচীৰে আগুৰি থকা দ্বীপ)ৰে গঠিত আৰু ইয়াৰ গড় উচ্চতা মাত্ৰ ৬ ফুট (২ মিটাৰ) । সৰ্বোচ্চ বিন্দুটো মাত্ৰ ১৫ ফুট (৪.৫ মিটাৰ) ।

বিগত ৩০ বছৰত সাগৰৰ জলপৃষ্ঠ ৬ ইঞ্চি (১৫ চেণ্টিমিটাৰ) বৃদ্ধি পাইছে । বিজ্ঞানীসকলে কৈছে যে ২০৫০ চনৰ ভিতৰত টুৱালুৰ আধা অংশ ডুব যাব । ২১০০ চনৰ ভিতৰত দেশখনৰ ৯০%তকৈ অধিক ভূমি নোহোৱা হৈ যাব পাৰে ।

ইয়াৰ লগতে ধুমুহা, বানপানী আৰু জোৱাৰ-ভাটাৰ ঢৌৱে টুৱালুক বিধ্বস্ত কৰি তুলিছে । সাগৰৰ নিমখীয়া পানী মিঠা পানীৰ কুঁৱাত প্ৰৱেশ কৰি খোৱাপানী আৰু শস্য নষ্ট কৰিছে । মানুহে নিজৰ শস্য মাটিৰ ওপৰলৈ তুলিবলৈ বাধ্য হৈছে, কিন্তু এই উপায় সদূৰ প্ৰসাৰী নহ’ব । নাছাৰ তথ্য অনুসৰি ২০৫০ চনৰ ভিতৰত ৬০% লোক বাস কৰা ফুনাফুটি (ৰাজধানী)ৰ আধা অংশ প্ৰতিদিনে পানীত ডুব যাব ।

অষ্ট্ৰেলিয়া-টুৱালু ফালেয়াপিলি ইউনিয়ন চুক্তি

এই ভয়াৱহ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ২০২৩ চনত অষ্ট্ৰেলিয়া আৰু টুৱালুৱে ২০২৪ চনৰ পৰা বলবৎ হোৱা ফালেয়াপিলি ইউনিয়ন চুক্তিত স্বাক্ষৰ কৰে । এয়া বিশ্বৰ প্ৰথমখন এনে চুক্তি, য’ত জলবায়ু পৰিৱৰ্তনৰ ফলত প্ৰভাৱিত এখন সমগ্ৰ দেশৰ প্ৰব্ৰজনৰ পৰিকল্পনা কৰা হৈছে ।

এই সন্ধিৰ অধীনত প্ৰতি বছৰে ২৮০ জন টুৱালুবাসীয়ে অষ্ট্ৰেলিয়ালৈ যাব পাৰিব । ১৬ জুনৰ পৰা ১৮ জুলাইলৈ ভিছাৰ বাবে পঞ্জীয়ন আৰম্ভ হৈছিল । প্ৰথম চাৰিদিনত ৩১২৫ জন লোকে আবেদন কৰিছিল । এই পৰ্যন্ত ৫,১৫৭ জন লোকে নিজৰ ভাগ্য চেষ্টা কৰিছে, যিটো দেশৰ জনসংখ্যাৰ প্ৰায় আধা (১১,০০০) ।

এই ভিছাৰ সহায়ত টুৱালুৰ লোকসকলে অষ্ট্ৰেলিয়াত থাকিব পাৰিব, কাম কৰিব পাৰিব, অধ্যয়ন কৰিব পাৰিব আৰু অষ্ট্ৰেলিয়াৰ নাগৰিকৰ দৰে স্বাস্থ্য আৰু শিক্ষাৰ সুবিধা লাভ কৰিব । যেতিয়াই মন যায় টুৱালুলৈ উভতি যাব পাৰিব, কিন্তু ডুব যোৱা দেশখনলৈ এইসকল লোক ঘূৰি যোৱাৰ আশা কমি আহিছে ।

অষ্ট্ৰেলিয়া চৰকাৰে কয় যে জলবায়ু পৰিৱৰ্তনে এই লোকসকলৰ জীৱন, নিৰাপত্তা আৰু ভৱিষ্যত ধ্বংস কৰি থকাৰ সময়তে এয়া “গৌৰৱেৰে প্ৰব্ৰজন”ৰ উপায় ।

জলবায়ু পৰিৱৰ্তনৰ ফলত টুৱালু ভয়ংকৰ সংকটৰ সন্মুখীন হৈছে । বৃদ্ধি পোৱা সাগৰৰ পানীয়ে কেৱল মাটি গিলি পেলোৱাই নহয়, মাছ ধৰাৰ দৰে জীৱিকাৰ উপায়ো ধ্বংস কৰিছে । সাগৰীয় জীৱ-জন্তু আৰু উপকূল সুৰক্ষিত কৰি ৰখা প্ৰবাল প্ৰাচীৰসমূহো মৃত্যুমুখত পৰিছে ।

লগে লগে দেশখনৰ মানুহে ঘৰ-বাৰী হেৰুৱাইছে । খাদ্য আৰু পানীৰ নাটনি গভীৰ হৈ পৰিছে । বিজ্ঞানীসকলে আশংকা কৰিছে যে ৮০ বছৰৰ পাছত টুৱালু সম্পূৰ্ণৰূপে বসবাস কৰিব নোৱাৰা হৈ পৰিব ।  

লগতে পঢ়ক : এছিয়াৰ আটাইতকৈ বয়সীয়াল হাতী বাৎসালা আৰু নাই; ১০০ বছৰতকৈয়ো অধিক বয়সত মৃত্যু

ইউৰোপীয় সংস্থাৰ দাবী : ২০২৪ চন হ’ব  ইতিহাসৰ আটাইতকৈ উষ্ণ বছৰ ! বিশ্বৰ উষ্ণতাই প্ৰথমবাৰৰ বাবে স্পৰ্শ কৰিব  এই স্তৰ…

জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ এতিয়া সমগ্ৰ বিশ্বতে ক্ৰমান্বয়ে দেখা পোৱা গৈছে । ইফালে ইয়াৰ মাজতে ইউৰোপৰ জলবায়ু পৰিৱৰ্তন সংস্থা কপাৰনিকাছে এক ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে । ২০২৪ বৰ্ষটো বিশ্বৰ ইতিহাসৰ আটাইতকৈ উষ্ণ বছৰ হিচাপে পৰিগণিত হ’ব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে । সংস্থাটোৱে কয় যে ২০২৪ চনটো অভিলেখৰ আটাইতকৈ উষ্ণ বছৰ হ’ব বুলি প্ৰায় নিশ্চিত । বিবৃতিটোত কোৱা হৈছে যে এয়া প্ৰথমবাৰৰ বাবে, য’ত গড় তাপমাত্ৰা প্ৰাক-ঔদ্যোগিক স্তৰৰ পৰা ১.৫ ডিগ্ৰী চেলছিয়াছতকৈ বেছি হ’ব ।

সংস্থাটোৱে জনোৱা মতে, এই বছৰ ইতিহাসৰ দ্বিতীয়টো উষ্ণ নৱেম্বৰ মাহ ৰেকৰ্ড কৰা হৈছে । ২০২৩ চনৰ নৱেম্বৰ মাহটো এতিয়াও ইতিহাসৰ আটাইতকৈ উষ্ণ নৱেম্বৰ । এইবাৰ নৱেম্বৰ মাহত পৃষ্ঠীয় বায়ুৰ উষ্ণতা আছিল ১৪.১০ ডিগ্ৰী চেলছিয়াছ, যিটো ১৯৯১ চনৰ পৰা ২০২০ চনলৈকে গড় উষ্ণতাতকৈ ০.৭৩ ডিগ্ৰী চেলছিয়াছ বেছি ।

গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে জড়িত আন এক অবাঞ্চিত অভিলেখো নৱেম্বৰ মাহত গঢ় লৈ উঠিছে । এই সময়ছোৱাত প্ৰাক-ঔদ্যোগিক সময়ৰ তুলনাত বিশ্বৰ গড় উষ্ণতা ১.৬২ ডিগ্ৰী চেলছিয়াছ বেছি হৈছে । কপাৰনিকাছ এজেন্সীৰ তথ্য অনুসৰি যোৱা ১৭ মাহৰ ভিতৰত এইটো ১৬সংখ্যক মাহ, যেতিয়া বিশ্বৰ গড় উষ্ণতা প্ৰাক-ঔদ্যোগিক যুগৰ তুলনাত ১.৫ ডিগ্ৰী চেলছিয়াছ বেছি হৈছে ।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ১৯০১ চনৰ পিছত ভাৰতৰ বাবে এইটো দ্বিতীয় উষ্ণ নৱেম্বৰ । এই সময়ছোৱাত গড় সৰ্বোচ্চ উষ্ণতা ২৯.৩৭ ডিগ্ৰী চেলছিয়াছ হয়, যিটো স্বাভাৱিকতকৈ ০.৬২ ডিগ্ৰী চেলছিয়াছ বেছি ।

২০২৪ চনৰ জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে বিশ্বৰ গড় উষ্ণতা ১৯৯১-২০২০ চনৰ উষ্ণতাতকৈ প্ৰায় ০.৭২ ডিগ্ৰী চেলছিয়াছ বেছি । একে সময়তে ২০২৩ চনৰ জানুৱাৰী-নৱেম্বৰৰ তুলনাত চলিত বৰ্ষৰ একে সময়ছোৱাত তাপমাত্ৰা ০.১৪ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে ।

১.৫০ ডিগ্ৰী চেলছিয়াছতকৈ অধিক হোৱাৰ সম্ভাৱনা-

ইউৰোপীয় সংস্থাটোৰ বিজ্ঞানীসকলে কয় যে ২০২৩ চনৰ তাপমাত্ৰা প্ৰাক-ঔদ্যোগিক স্তৰতকৈ ১.৪৮ ডিগ্ৰী চেলছিয়াছতকৈ বেছি আছিল, গতিকে ২০২৪ চনত বাৰ্ষিক উষ্ণতা ১.৫ ডিগ্ৰী চেলছিয়াছ বেছি হ’ব বুলি প্ৰায় নিশ্চিত ।