‘স্পিনাৰসকলৰ বাবে আজি দিনটো ভাল নাছিল’ ; ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পিছত অধিনায়ক ছলমান আলী আগাৰ দুখ প্ৰকাশ…

ভাৰতীয় দলৰ হাতত শোচনীয় পৰাজয়ৰ পিছত পাকিস্তান দলৰ অধিনায়ক ছলমান আলী আগা হতাশ হোৱা দেখিবলৈ পোৱা গৈছিল।ছলমানে স্বীকাৰ কৰে যে দলটোৰ স্পিনাৰসকলে আশা কৰা ধৰণে প্ৰদৰ্শন কৰা নাছিল

আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ এক গুৰুত্বপূৰ্ণ খেলত ভাৰতে পাকিস্তানক ৬১ ৰানত পৰাস্ত কৰে।এই জয়েৰে ভাৰতীয় দলটোৱে ছুপাৰ-৮ স্থান লাভ কৰে।

দেওবাৰে (১৫ ফেব্ৰুৱাৰী) কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত এই মেচত ভাৰতীয় দলটোৱে পাকিস্তানক জয়ৰ বাবে ১৭৬ ৰানৰ লক্ষ্য বান্ধি দিছিল। এই ৰান খেদি খেদি পাকিস্তানী দলটোৱে ১৮ অভাৰত ১১৪ ৰান সংগ্ৰহ কৰি অল আউট হয়।

ভাৰতৰ বিৰুদ্ধে হাই ভল্টেজ মেচত পৰাস্ত হোৱাৰ পিছত পাকিস্তানৰ অধিনায়ক ছলমান আলী আগা হতাশ হোৱা দেখা গৈছিল।ছলমানে স্বীকাৰ কৰে যে দলটোৰ স্পিনাৰসকলে আশা কৰা ধৰণে প্ৰদৰ্শন কৰা নাছিল।

তেওঁ স্পষ্টকৈ কয় যে বলিং আৰু বেটিং দুয়োটা বিভাগতে অভাৱ দেখিবলৈ পোৱা গৈছিল। স্পিনাৰসকলৰ ওপৰত বিশ্বাস আছে, কিন্তু এই মেচখনত দলটোৱে কেইবাটাও গুৰুত্বপূৰ্ণ মুহূৰ্ত হেৰুৱালে।

ছলমান আলী আগাই আৰু কয় যে, আমাৰ স্পিনাৰসকলৰ বাবে আজি দিনটো ভাল নাছিল। যোৱা ছমাহত তেওঁলোকে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে,সেইবাবেই তেওঁলোকৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে।কিন্তু আজি আমি আমাৰ পৰিকল্পনা সঠিকভাৱে কাৰ্যকৰী কৰিব নোৱাৰিলোঁ।’

ছলমান আলী আগাই লগতে কয় যে, “প্ৰথম ইনিংছত উইকেটটো অলপ কঠিন আছিল, বলটো ৰৈ ৰৈ আহিছিল আৰু গ্ৰিপিংও কৰি আছিল।আমি ভাবিছিলো দ্বিতীয় ইনিংছত বেটিং সহজ হ’ব”।

“আমি পৰিস্থিতি চাই বল কৰা নাছিলো,যাৰ মূল্য দিব লগা হ’ল। টি-২০ ক্ৰিকেটত যদি আপুনি পাৱাৰপ্লেত তিনি-চাৰিটা উইকেট হেৰুৱায়, তেন্তে আপুনি গোটেই মেচখন খেদি ফুৰিব লাগে। আমি নিজে থিতাপি লৈ আৰু মেচখন গভীৰলৈ নিয়াৰ কোনো সুযোগ নিদিলে।’

ভাৰত-পাকিস্তানৰ খেলৰ হেঁচাক লৈ ছলমান আলী আগাই কয় যে, “এনে মেচত আৱেগ উচ্চ হৈ থাকে।কিন্তু আমি ইয়াক ভালদৰে চম্ভালিব লাগিব।আমি বহুবাৰ ডাঙৰ মেচ খেলিছো, গতিকে নিজকে সোনকালে নিয়ন্ত্ৰণ কৰিব লাগে।পৰৱৰ্তী মেচখনলৈ মাত্ৰ দুদিন বাকী।”

লগতে পঢ়ক: পাকিস্তানক ধূলিসাৎ কৰি ইতিহাস ৰচিলে টীম ইণ্ডিয়াই, সূৰ্য বাহিনীৰ সন্মুখত পাকিস্তানৰ আত্মসমৰ্পণ