গণৰাজ্য দিৱসত প্ৰদৰ্শিত হ’ব ভাৰতৰ শক্তি ! ফ্লাইপাষ্টত গৰজিব ৰাফেল আৰু চুখই-৩০

৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু সমগ্ৰ দেশ । পেৰেডত প্ৰদৰ্শিত হ’ব ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য, সামৰিক শক্তি, বৈজ্ঞানিক প্ৰগতি আৰু আত্মনিৰ্ভৰ ভাৰত ।

২৬ জানুৱাৰীত সমগ্ৰ দেশে অতি উৎসাহেৰে ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিবলৈ সাজু হৈছে । এই দিনটো ভাৰতৰ ইতিহাসত বিশেষ কাৰণ ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধান বলবৎ হৈছিল যিয়ে ভাৰতক সাৰ্বভৌম, গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰে । ই কেৱল ৰাষ্ট্ৰীয় উৎসৱ নহয়, সংবিধান, গণতন্ত্ৰ, নাগৰিক অধিকাৰৰ প্ৰতি সন্মানৰো প্ৰতীক ।

প্ৰতি বছৰৰ দৰেই এইবাৰো ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰ কৰ্তব্য পথত অনুষ্ঠিত হ’ব গণৰাজ্য দিৱসৰ বৃহৎ পেৰেড । এই পেৰেডত ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য, সামৰিক শক্তি, বৈজ্ঞানিক প্ৰগতি আৰু আত্মনিৰ্ভৰ ভাৰত প্ৰদৰ্শিত হ’ব ।

গণৰাজ্য দিৱস ২০২৬ৰ পেৰেডৰ সময় আৰু স্থান-

৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ নেতৃত্ব দিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । নতুন দিল্লীৰ কৰ্তব্য পথত অনুষ্ঠিত হ’ব এই পেৰেড । পুৱাৰে পৰা দৰ্শকৰ বাবে প্ৰৱেশ আৰম্ভ হ’ব । পুৱা ৯:৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই পেৰেড পুৱা ১০:৩০ বজাৰ পৰা দূৰদৰ্শন আৰু অন্যান্য সংবাদ মাধ্যমত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব । পুৱা ৭ বজাত সাধাৰণ ৰাইজৰ বাবে প্ৰৱেশদ্বাৰ মুকলি কৰা হ’ব ।

আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব বায়ুসেনাৰ ফ্লাইপাষ্ট আৰু ‘সিন্দুৰ’ ফৰ্মেচন-

ভাৰতীয় বায়ুসেনাৰ এক গ্ৰেণ্ড ফ্লাইপাষ্টৰ জৰিয়তে গণৰাজ্য দিৱস উদযাপনৰ সামৰণি পৰিব । এইবাৰ বায়ুসেনাই প্ৰদৰ্শন কৰিব বিশেষ ‘সিন্দুৰ’ ফৰ্মেচন, যিটো অপাৰেচন সিন্দুৰৰ সৈতে জড়িত যুদ্ধ বিমানৰ ওপৰত ভিত্তি কৰি গঠন কৰা হ’ব । এই গঠনে ভাৰতৰ বায়ু শক্তি, প্ৰযুক্তিগত সামৰ্থ্য আৰু প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতা প্ৰদৰ্শন কৰিব । এই ফ্লাইপাষ্টত ৰাফেল, চুখয়-৩০, মিগ-২৯, জাগুৱাৰৰ দৰে অত্যাধুনিক যুদ্ধ বিমান অন্তৰ্ভুক্ত কৰা হ’ব, যিয়ে দৰ্শকক দৰ্শনীয় আকাশী কৌশলেৰে ৰোমাঞ্চিত কৰিব ।

উন্নত আৰু বৈচিত্ৰ্যপূৰ্ণ ভাৰত প্ৰদৰ্শন-

গণৰাজ্য দিৱস পেৰেড ২০২৬ত মুঠ ৩০টা টেবলিও অন্তৰ্ভুক্ত কৰা হ’ব । ইয়াৰ ভিতৰত ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ টেবলিও  অন্তৰ্ভুক্ত হ’ব, আনহাতে ১৩টা বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰালয় আৰু সেৱাই উপস্থাপন কৰিব । এই টেবুলসমূহত অসমৰ টেৰাকোটা কলা, মণিপুৰৰ কৃষি প্ৰগতি, হিমাচল প্ৰদেশৰ দেৱভূমি পৰিচয়, ভাৰতীয় বায়ুসেনাৰ বিশেষ টেবুল আদি প্ৰদৰ্শন কৰা হ’ব । টেবুলসমূহৰ সামগ্ৰিক বিষয়বস্তু হৈছে “স্বাধীনতাৰ মন্ত্ৰ : বন্দে মাতৰম” আৰু “সমৃদ্ধিৰ মন্ত্ৰ: আত্মনিৰ্ভৰশীল ভাৰত ।”

২০২৬ বৰ্ষৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি-

এইবাৰ ইউৰোপীয় সংঘৰ শীৰ্ষ নেতৃত্বক ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে । ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ’ কোষ্টা আৰু ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্চুলা ভন ডেৰ লেয়েন এই অনুষ্ঠানত উপস্থিত থাকিব ।

ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা আৰম্ভ হ’ব এই অনুষ্ঠান-

গণৰাজ্য দিৱসৰ পৰম্পৰা অুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠানৰ আৰম্ভণি কৰি ব। ইয়াৰ পিছত তেওঁ কৰ্তব্য পথৰ চেলুটিং মঞ্চলৈ গৈ পেৰেড পৰিদৰ্শন কৰিব ।

সমাজৰ বিভিন্ন শ্ৰেণীৰ অংশগ্ৰহণ-

এইবাৰ গণৰাজ্য দিৱস উদযাপনত প্ৰায় ১০ হাজাৰ বিশেষ অতিথিয়ে অংশগ্ৰহণ কৰিব । ইয়াৰ ভিতৰত আছে পেৰা এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপৰ বিজয়ী, প্ৰাকৃতিক কৃষি চৰ্চা কৰা কৃষক, পি এম-স্মাইল আঁচনিৰ অধীনত পুনৰ সংস্থাপিত ব্যক্তি, গগণযান আৰু চন্দ্ৰযানৰ দৰে ইছৰোৰ মিছনত জড়িত বিজ্ঞানী ।

উল্লেখ্য যে, ২৫ জানুৱাৰীৰ সন্ধিয়া ৭ বজাত গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক সম্বোধন কৰিব । অল ইণ্ডিয়া ৰেডিঅ’ৰ সকলো ৰাষ্ট্ৰীয় নেটৱৰ্ক আৰু সকলো দূৰদৰ্শন চেনেলত প্ৰথমে হিন্দী আৰু তাৰ পিছত ইংৰাজীত সম্প্ৰচাৰ কৰা হ’ব এই ভাষণ । আঞ্চলিক ভাষাতো এই ভাষণ সম্প্ৰচাৰ কৰা হ’ব ।

লগতে পঢ়ক : ভাৰতত উপস্থিত ইউৰোপীয় আয়োগৰ অধ্যক্ষ, মুক্ত বাণিজ্য আৰু প্ৰতিৰক্ষা চুক্তিত লাগিব মোহৰ