শোকাৱহ ; কৰা নহ’ল সুখৰ সংসাৰ, প্ৰেমিকৰ সৈতে পলাই যাওঁতেই নিহত প্ৰমিকা
চিলাপথাৰত সংগঠিত হ’ল এক হৃদয়বিদাৰক ঘটনা।সুখৰসংসাৰ কৰিম বুলি প্ৰেমিকৰ সৈতে পলাই গৈছিল চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত দাম্বুক বলুকাগুৰি গাঁৱৰ জানমণি মেদক।
ভাঙিদিয়া গাঁৱৰ শচীন দলেৰ সৈতে জানমণি মেদকৰ আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক। দীৰ্ঘদিনীয়া প্ৰনয়ৰ অন্তত দেওবাৰে গোপনে বিয়া হোৱাৰ উদ্দেশ্যে এখন বাইকেৰে পলাই গৈছিল প্ৰেমিক যুগল।
কিন্তু নিশা প্ৰায় ১০ মান বজাত পুমি নামৰ গাওঁখনত দূৰ্ঘটনাগ্ৰস্ত হৈ থিতাতে নিহত হ’ল জানমণি। দুৰ্ঘটনাটোত গুৰুত্বৰ ভাৱে আহত হয় প্ৰেমিক শচিন।
বৰ্তমান ডিব্ৰুগড়ৰ এখন চিকৎসালয়ত চিকিৎসাধীন হৈ আছে প্ৰমিক শচিন দলে। সুখৰ সংসাৰ কৰাৰ পূৰ্বেই শেষ হৈ গ’ল দুয়োৰে সপোন।