অৰুণাচল প্ৰদেশ চীনৰ… চাংহাই বিমানবন্দৰত নিৰ্যাতনৰ সন্মুখীন ভাৰতীয় মহিলা
চীনৰ বিমানবন্দৰত অৰুণাচল প্ৰদেশৰ মহিলাক নিৰ্যাতন
অৰুণাচল প্ৰদেশত জন্মগ্ৰহণ কৰা আৰু বৰ্তমান যুক্তৰাজ্যত বাস কৰা ভাৰতীয় মূলৰ মহিলা প্ৰেমা ৱাংজোম থংডকে চীনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । তেওঁ কয় যে চাংহাই পুডং বিমানবন্দৰৰ চীনা ইমিগ্ৰেশ্যন বিষয়াসকলে তেওঁৰ ভাৰতীয় পাছপ’ৰ্টক অস্বীকাৰ কৰি তেওঁক নিৰ্যাতন চলাইছিল । ১৮ ঘণ্টা ধৰি ডিটেনচনৰ দৰে অৱস্থাত ৰাখিছিল বুলিও মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে ।
যোৱা ২১ নৱেম্বৰত লণ্ডনৰ পৰা জাপানলৈ গৈ থকা প্ৰেমাই চাংহাইত তিনি ঘণ্টীয়া ট্ৰেনজিট ষ্টপ কৰিছিল । কিন্তু ইমিগ্ৰেচন কাউণ্টাৰত থকা বিষয়াসকলে তেওঁৰ পাছপ’ৰ্ট অবৈধ বুলি ঘোষণা কৰি স্পষ্টকৈ লিখিছিল, “অৰুণাচল প্ৰদেশ চীনৰ অংশ” ।
তদুপৰি মহিলাগৰাকীয়ে অভিযোগ কৰে যে, কেইবাজনো বিষয়া আৰু চাইনা ইষ্টাৰ্ণ এয়াৰলাইন্সৰ কৰ্মচাৰীয়ে তেওঁক লৈ হাঁহিছিল, উপহাস কৰিছিল, আনকি সুধিছিল যে, “আপুনি চাইনিজ পাছপ’ৰ্টৰ বাবে কিয় আবেদন নকৰে ?”
ট্ৰেনজিটৰ নামত হাৰাশাস্তি-
ট্ৰেনজিট হিচাপে আৰম্ভ হোৱা কথাটো ঘণ্টাৰ পিছত ঘণ্টা ধৰি চলি থকা সংগ্ৰামলৈ পৰিণত হ’ল । প্ৰেমাই দাবী কৰে যে তেওঁক উপযুক্ত তথ্য, পৰ্যাপ্ত খাদ্য, বিমানবন্দৰৰ মৌলিক সুবিধাসমূহৰ পৰা বঞ্চিত কৰা হৈছিল । তেওঁৰ পাছপ’ৰ্ট জব্দ কৰা হয় আৰু তেওঁক জাপানলৈ যোৱা পৰৱৰ্তী বিমানত উঠিবলৈ দিবলৈ অস্বীকাৰ কৰা হয়, যদিও তেওঁৰ হাতত বৈধ ভিছা আছিল ।
ট্ৰেনজিট এৰিয়াত আৱদ্ধ হৈ মহিলাগৰাকীয়ে নতুন টিকট ক্ৰয় কৰাত ব্যৰ্থ হয়, খাদ্য ক্ৰয় কৰিব পৰা নাছিল লগতে আন টাৰ্মিনেললৈয়ো যাব পৰা নাছিল । লগতে মহিলাগৰাকীয়ে অভিযোগ কৰে যে বিষয়াসকলে তেওঁক কেৱল চাইনা ইষ্টাৰ্ণতহে নতুন টিকট ক্ৰয় কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল, ইয়াৰ ইংগিত দিছিল যে তেওঁ তেনে কৰিলেহে তেওঁৰ পাছপ’ৰ্ট ঘূৰাই দিয়া হ’ব । ইয়াৰ ফলত যথেষ্ট আৰ্থিক লোকচান হৈছিল, বিমান, হোটেল আৰু অন্যান্য বুকিং বাতিল হৈছিল ।
পাছপ’ৰ্টৰ ব্যৱস্থা কৰে ভাৰতীয় বিষয়াই-
অৱশেষত ব্ৰিটেইনত থকা বন্ধু এজনৰ সহায়ত মহিলাগৰাকীয়ে ভাৰতীয় দূতাবাসৰ লগত যোগাযোগ কৰিবলৈ সক্ষম হয় । ভাৰতীয় বিষয়াসকলে গভীৰ নিশা বিমানবন্দৰত উপস্থিত হৈ তেওঁক পাছপ’ৰ্ট প্ৰদান কৰি জাপানলৈ পঠিয়াই । পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু সংশ্লিষ্ট কৰ্তৃপক্ষলৈ বিশদ অভিযোগ প্ৰেৰণ কৰি এই কাণ্ডক “ভাৰতৰ সাৰ্বভৌমত্ব আৰু অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ মৰ্যাদাৰ প্ৰত্যক্ষ অপমান” বুলি অভিহিত কৰে ।
ভাৰত চৰকাৰে চীনক এই বিষয়টো উত্থাপন কৰি সংশ্লিষ্ট বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰাৰ লগতে ভৱিষ্যতে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক এনে সমস্যাৰ পৰা ৰক্ষা কৰিবলৈ দাবী জনাইছে প্ৰেমাই ।
লগতে পঢ়ক : অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত আত্মঘাতী আক্ৰমণ; তিনি কামাণ্ডোৰ মৃত্যু