আপুনিও Ghibli ত বনাইছে নেকি ফটো? সাৱধান!ভূলটো নকৰিব এই কাম, সুৰক্ষিত হৈ নাথাকিবও পাৰে গোপনীয়তা

বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াত এআইৰ দ্বাৰা নিৰ্মিত ঘিবলী কাৰ্টুন ট্ৰেণ্ডিং হৈ আছে, য’ত মানুহে নিজৰ ব্যক্তিগত ফটো আপলোড কৰি এনিমেচনলৈ ৰূপান্তৰিত কৰিছে।

অৱশ্যে গোৱা আৰক্ষীয়ে এই ঘিবলী ট্ৰেণ্ডিং সন্দৰ্ভত ব্যৱহাৰকাৰীসকলক সাৱধান হ’বলৈ পৰামৰ্শ দিছে। আৰক্ষীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত পোষ্ট কৰি কয় যে সকলো এআই এপেই ব্যৱহাৰকাৰীৰ গোপনীয়তা সুৰক্ষিত নকৰে।

কোনো অচিনাকি AI এপত নিজৰ ব্যক্তিগত ফটো আপলোড কৰাৰ আগতে সাৱধানতা অৱলম্বন কৰিব লাগে।

এআই ভিত্তিক ইমেজ জেনেৰেচন এপসমূহে প্ৰায়ে ব্যৱহাৰকাৰীৰ ফটো আৰু ডাটা সংৰক্ষণ কৰে, যাৰ অপব্যৱহাৰ হ’ব পাৰে।

বহুতো বিনামূলীয়া এআই এপে ব্যৱহাৰকাৰীৰ ছবি তেওঁলোকৰ সন্মতি অবিহনে সংৰক্ষণ কৰিব পাৰে, তৃতীয় পক্ষক বিক্ৰী কৰিব পাৰে, বা ডিপফেকৰ দৰে বিপজ্জনক প্ৰযুক্তিত ব্যৱহাৰ কৰিব পাৰে।

এনে গোপনীয়তাৰ চিন্তাৰ বাবে গোৱা আৰক্ষীয়ে মানুহক কেৱল বিশ্বাসযোগ্য এআই এপ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে।

Ghibli কাৰ্টুন হৈছে এক বিশেষ এনিমেচন, যাক জাপানী এনিমেচন কিংবদন্তি হায়াও মিয়াজাকিয়ে জনপ্ৰিয় কৰিলে। এই শৈলীত নিৰ্মিত এআই-প’ৰ্ট্ৰেইট ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে।

OpenAI এ শেহতীয়াকৈ ChatGPT ৰ Jibli-শৈলী AI ইমেজ জেনেৰেটৰ মুকলি কৰাৰ পিছত এই ধাৰাটোৱে গতি লাভ কৰিছে।

মানুহে নিজৰ স্বাভাৱিক ফটোবোৰ এআই ব্যৱহাৰ কৰি হাস্যৰসময়ী কাৰ্টুনলৈ ৰূপান্তৰিত কৰি শ্বেয়াৰ কৰিছে। কিন্তু ইয়াৰ ফলত ডাটা চুৰি আৰু গোপনীয়তা ভংগৰ আশংকাও বৃদ্ধি পায়।

AI app ব্যৱহাৰ কৰাৰ আগতে এই সাৱধানতা সমূহ অৱলম্বন কৰক

কেৱল বিশ্বাসযোগ্য আৰু জনপ্ৰিয় AI এপ ব্যৱহাৰ কৰক।

এপটোৰ গোপনীয়তা নীতি ভালদৰে পঢ়ক আৰু তেওঁলোকে আপোনাৰ ডাটা কেনেকৈ ব্যৱহাৰ কৰিছে চাওক।

অজ্ঞাত বা নতুন AI ৱেবছাইটত নিজৰ ফটো আপলোড নকৰিব।

যদি কোনো এপে আপোনাৰ ফটোত অপ্ৰয়োজনীয় প্ৰৱেশৰ বাবে কয়, তেন্তে ইয়াক ব্যৱহাৰ নকৰিব।

এআই প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগে লগে মানুহে নিজৰ গোপনীয়তা আৰু ডিজিটেল সুৰক্ষাৰ প্ৰতি অধিক সতৰ্ক হোৱাৰ প্ৰয়োজন।

AI ভিত্তিক এপসমূহ ব্যৱহাৰ কৰাৰ সময়ত, নিশ্চিত কৰক যে আপোনাৰ ডাটা সুৰক্ষিত হৈ থাকে আৰু আপুনি কোনো ভুৱা বা সন্দেহজনক প্লেটফৰ্মৰ যাতে বলি নহয়।

‘এয়া জীৱনৰ অপমান…  এ আইয়ে সৃষ্টি কৰা ছবিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিলে ষ্টুডিঅ’ ঘিবলীৰ প্ৰতিষ্ঠাপকে

শেহতীয়াকৈ প্ৰায় প্ৰতিজন ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে ঘিবলী শৈলীত ছবি নিৰ্মাণৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে । মানুহে নিজাকৈ ঘিবলী ছবি তৈয়াৰ কৰি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । আজি এই শিল্পকলাক ইণ্টাৰনেটত জনপ্ৰিয় কৰি তোলাত ChatGPT, Google Gemini আৰু Meta AI ৰ দৰে AI সঁজুলিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । কিন্তু ঘিবলী আৰ্টৰ প্ৰতিষ্ঠাপকে এ আইয়ে সৃষ্টি কৰা ছবিক তীব্ৰ সমালোচনা কৰিছে আৰু ইয়াক জীৱনৰ অপমান বুলি অভিহিত কৰিছে ।

ঘিবলী আৰ্টৰ প্ৰতিষ্ঠাপক ‘মিয়াজাকি হায়াও’ কোন ?

আচলতে আজি ঘিবলী শিল্পক যাৰ বাবে জনা যায় তাৰ কৃতিত্ব ষ্টুডিঅ’ ঘিবলীলৈ যায় । ষ্টুডিঅ’ ঘিবলীয়েই এই শিল্পক ছবিত বন্দী কৰি বাস্তৱ জগতলৈ আনিছিল । ১৯৮৫ চনত জাপানত মিয়াজাকি হায়াও, ইছাও টাকাহাটা, টোছিঅ’ চুজুকি আৰু ইয়াছুয়োছি টোকুমাই এই ষ্টুডিঅ’টো প্ৰতিষ্ঠা কৰিছিল ।

জাপানীজ ‘এনিমে’ নামটো নিশ্চয় শুনিছে আৰু বহু কাৰ্টুনতো দেখিছে । ঘিবলী (Ghibli) হৈছে এক প্ৰকাৰৰ জাপানীজ শিল্প য’ত এনিমে চৰিত্ৰসমূহ ছবিত অংকন কৰা হয় । ষ্টুডিঅ’ ঘিবলীৰ আটাইতকৈ অনন্য কথাটো আছিল যে ইয়াৰ এনিমেটৰসকলে এই ছবিবোৰ কম্পিউটাৰ ব্যৱহাৰ নকৰাকৈ হাতেৰে সৃষ্টি কৰিছিল । ইয়াৰ পিছত এই ছবিবোৰ ক্ৰম অনুসৰি সজাই এনিমেচন সৃষ্টি কৰা হৈছিল । প্ৰায় ৪০ বছৰৰ পাছতো ষ্টুডিঅ’ ঘিবলীৰ এনিমেচনসমূহ হাতেৰে অংকন কৰি সৃষ্টি কৰা হয় ।

বৰ্তমান কম্পিউটাৰ ব্যৱহাৰ কৰি এনিমেচন তৈয়াৰ কৰা হৈছে, ইয়াৰ সহ-প্ৰতিষ্ঠাপক মিয়াজাকি হায়াওৱে আজিও হাতেৰে নিৰ্মিত এই শিল্পক জীয়াই ৰখাত অৰিহণা যোগাই আহিছে । এনিমেটেড ছবিৰ উপৰিও তেওঁ এজন মাংগা (Manga) শিল্পী, বিশেষকৈ ১৯৮২ চনৰ পৰা ১৯৮৪ চনলৈকে তেওঁ কাম কৰা মাংগা ধাৰাবাহিক ‘নাউচিকা অৱ দ্য ভেলী অৱ দ্য উইণ্ড’ৰ লগতে আন আন এনিমেটেড ছবি যেনে ‘হিকোটেই জিদাই’ আৰু ‘পৰ্কো ৰছ’পাৰ’ৰ বাবেও পৰিচিত ।

এ আইৰ ওপৰত কঠোৰ মিয়াজাকি-

বিগত কিছুদিনত ঘিবলীৰ ছবি ভাইৰেল হোৱাৰ পিছত এ আইৰ ওপৰত এনিমেটৰ মিয়াজাকি হায়াওৰ প্ৰতিক্ৰিয়াও ভাইৰেল হ’বলৈ ধৰে । তেওঁৰ এটা ভিডিঅ’ ইণ্টাৰনেটত বহুলভাৱে শ্বেয়াৰ কৰা হৈছে য’ত তেওঁক এ আই-জেনেৰেটেড এনিমেচনৰ প্ৰতি অতিশয় ক্ষুব্ধ হোৱা দেখা গৈছে । খবৰ অনুসৰি এই ভিডিঅ’টো ২০১৬ চনৰ য’ত তেওঁ এ আইক সমালোচনা কৰি কৈছে যে এয়া ‘জীৱনৰ অপমান’ আৰু তেওঁ এনে কন্টেন্ট চাবলৈ আগ্ৰহী নহয় ।

মিয়াজাকিয়ে কয়, “এনে বস্তু দেখি মই ৰোমাঞ্চিত হ’ব নোৱাৰো । এইবোৰ বনোৱা মানুহে বিষৰ অনুভৱ বুজি নাপায় । মই ইয়াৰ বাবে অত্যন্ত বিতৃষ্ণাত ভুগিছো আৰু মোৰ শিল্পত এই কৌশল কেতিয়াও গ্ৰহণ কৰিব নিবিচাৰো । মই ভাবো এইটো জীৱনৰ অপমান ।”