গৰিব ৰথ এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড; দাউ দাউ কৈ জ্বলি উঠিল কেইবাটাও ডবা
গৰিব ৰথ এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড
শনিবাৰে পুৱা পঞ্জাৱৰ অমৃতসৰৰ পৰা বিহাৰৰ ছাহৰছালৈ যোৱা গৰিব ৰথ এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
ঘটনাৰ কথা জানিব পাৰি যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়।তথ্য অনুসৰি পঞ্জাৱৰ ছিৰহিন্দ ৰে’ল ষ্টেচনত ১২২০৪ নম্বৰ অমৃতসৰ-ছহৰছা গৰিব ৰথ এক্সপ্ৰেছৰ ১৯ নম্বৰ ডবাত অগ্নিকাণ্ড সংঘটিত হয়।
ঘটনাৰ সময় পুৱা ৭:৩০ বজাত দাউ দাউ কৈল জ্বলি উঠিল ৰে’লখনৰ ৩ টাকৈ এচি ডবা।
প্ৰাথমিক তথ্য অনুসৰি লুধিয়ানাৰ কেইবাজনো ব্যৱসায়ী যাত্ৰা কৰি থকা ১৯ নম্বৰ ডবাত শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয়।লোকো পাইলট গৰাকীয়ে জৰুৰীকালীন ব্ৰেক লগাই ৰে’লখন ৰখাই দিলে।
লগে লগে ডবাত থকা যাত্ৰীসকলে ৰে’ল খনৰ পৰা নামি আহে।ঘটনাৰ ফলত কেইবাগৰাকীও যাত্ৰী আহত হৈছে বুলি জানিব পৰা গৈছে।
তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত ৰে’লৱে আৰু আৰক্ষীৰ দল উপস্থিত হয়।অৱশ্যে এঘণ্টাৰ ভিতৰতে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক: ৩২,০০০ ফুট উচ্চতাত সফলতাৰে পৰীক্ষা ডি আৰ ডি অ’ৰ মিলিটেৰী কম্বেট পেৰাচুট চিষ্টেমৰ