কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ দেহাৱসান; দীৰ্ঘদিনে আক্ৰান্ত হৈ আছিল কৰ্কট ৰোগত
শেষ নিশ্বাস ত্যাগ কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাই। শুকুৰবাৰে বিয়লি ২বাজি ২০ মিনিটত মৃত্যুক সাৱটিলে গায়ত্ৰী হাজৰিকাই।
জানিব পৰা মতে প্ৰায় এবছৰে কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল বিশিষ্ট শিল্পীগৰাকী৷ মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল কণ্ঠশিল্পীগৰাকী।
দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগৰ সৈতে যুঁজি যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাই।সৰা পাতে পাতে গীতেৰে শ্ৰোতাৰ মন জয় কৰিছিল তেওঁ।
জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ ‘ৰত্নাকৰ’তো ‘ৰাতি ৰাতি’ শীৰ্ষক গীতটিৰ লগতে জুবিন গাৰ্গৰ কাঞ্চনজংঘাতো কণ্ঠদান কৰিছিল গায়ত্ৰী হাজৰিকাই। কণ্ঠশিল্পী গৰাকীৰ মৃত্যুত অসমৰ সংগীত জগতত শোকৰ ছাঁ পৰিছে।