চেম্পিয়নছ ট্ৰফীত কেনেকুৱা টিম ইণ্ডিয়াৰ প্ৰদৰ্শন…জানক এতিয়ালৈকে কোনে কোনে জয় কৰিছে এই ট্ৰফী

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ সূচী প্ৰকাশ কৰা হৈছে । পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত ৮টা দলে অংশগ্ৰহণ কৰিব । অৱশ্যে নিৰাপত্তাজনিত চিন্তাৰ বাবে ভাৰতীয় দলটোৱে নিজৰ সকলো মেচ ডুবাইত খেলিব । অহা ২৩ ফেব্ৰুৱাৰীত গ্ৰুপ ৰাউণ্ডত ভাৰতীয় ক্ৰিকেট দলে নিজৰ প্ৰধান প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে খেলিব । এইবাৰ চেম্পিয়নছ ট্ৰফীত মুঠ ১৫খন মেচ অনুষ্ঠিত হ’ব । যদি ভাৰতীয় দলটোৱে ফাইনেলত প্ৰৱেশ কৰে, তেন্তে ডুবাইত ৫খন মেচ অনুষ্ঠিত হ’ব । এই প্ৰতিযোগিতাখন আঠ বছৰৰ মূৰত অনুষ্ঠিত হৈছে । শেষবাৰৰ বাবে এই প্ৰতিযোগিতাখন ২০১৭ চনত অনুষ্ঠিত হৈছিল । তেতিয়া পাকিস্তানে ফাইনেলত টিম ইণ্ডিয়াক পৰাস্ত কৰিছিল । ১৯৯৮ চনত আৰম্ভ হৈছিল চেম্পিয়নছ ট্ৰফী ।

৯ মাৰ্চত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ ফাইনেল-

দলসমূহক দুটা গ্ৰুপত বিভক্ত কৰি ৰাউণ্ড ৰবিন মেচৰ পিছত প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব । ১৯ দিনীয়া প্ৰতিযোগিতাখন ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আৰু ৯ মাৰ্চত সমাপ্ত হ’ব । ভাৰতৰ সমান্তৰালকৈ গ্ৰুপ এত পাকিস্তান, বাংলাদেশ আৰু নিউজীলেণ্ড আছে । গ্ৰুপ বিত আফগানিস্তান, অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকা আছে ।

আই চি চি চেম্পিয়নছ ট্ৰফীত টিম ইণ্ডিয়াৰ প্ৰদৰ্শন-

আই চি চি চেম্পিয়নছ ট্ৰফীৰ আৰম্ভণি হৈছিল ‘আই চি চি নক আউট’ নামেৰে । তেতিয়া টিম ইণ্ডিয়াই প্ৰথমখন মেচতে অষ্ট্ৰেলিয়াক ৪৪ ৰানত পৰাস্ত কৰিছিল । ২০০২ চনত এই প্ৰতিযোগিতাত টিম ইণ্ডিয়া আৰু শ্ৰীলংকা যৌথভাৱে বিজয়ী হৈছিল । টিম ইণ্ডিয়াই ২০১৩ চনত ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফী লাভ কৰিছিল । দলটোৰ নেতৃত্বত আছিল মহেন্দ্ৰ সিং ধোনী । আনহাতে ২০১৭ চনত খেলা শেষৰখন চেম্পিয়নছ ট্ৰফীত ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে ১৮০ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । কিন্তু এই প্ৰতিযোগিতাৰ ইতিহাসত সৰ্বাধিক সফল দল হৈছে টিম ইণ্ডিয়া । ভাৰতে ২৯খন মেচ খেলি ১৮খন খেলত জয়লাভ কৰিছে । আনহাতে ৮খনত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে । ইয়াৰে তিনিখন মেচ নিৰ্ণায়ক হোৱা নাছিল ।

উল্লেখ্য যে, এতিয়ালৈকে কেৱল দুটা দলেহে দুবাৰকৈ এই ট্ৰফীৰ খিতাপ দখল কৰিছে । ভাৰতৰ লগতে অষ্ট্ৰেলিয়াই ২০০৬ আৰু ২০০৯ত এই খিতাপ দখল কৰিছিল ।

শেষবাৰ ফাইনেলত পৰাস্ত হৈছিল ভাৰত-

ভাৰতীয় দলটোৱে ২০১৩ চনত মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত চেম্পিয়নছ ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছিল । ২০০২ চনত দলটো যৌথ চেম্পিয়ন হোৱাৰ সময়ত সৌৰভ গাংগুলী দলটোৰ অধিনায়ক আছিল । ২০১৩ চনৰ পিছত ২০১৭ চনতো টিম ইণ্ডিয়াই খিতাপ মেচত প্ৰৱেশ কৰে । এইবাৰ দলটোৱে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল । বিৰাট কোহলীৰ দলটোৱে এইবাৰ সফলতা লাভ কৰিব নোৱাৰিলে আৰু সৰফৰাজ আহমেদৰ অধিনায়কত্বত পাকিস্তানে প্ৰথমবাৰৰ বাবে ফাইনেলত জয়লাভ কৰে ।

চেম্পিয়ন ট্ৰফী বিজয়ীৰ তালিকা-

১৯৯৮: দক্ষিণ আফ্ৰিকা

২০০০: নিউজীলেণ্ড

২০০২: শ্ৰীলংকা/ভাৰত (যৌথ বিজয়ী)

২০০৪: ৱেষ্ট ইণ্ডিজ

২০০৬: অষ্ট্ৰেলিয়া

২০০৯: অষ্ট্ৰেলিয়া

২০১৩: ভাৰত

২০১৭: পাকিস্তান

চেম্পিয়নছ ট্ৰফী ২০২৫: এই স্থানত হ’ব ভাৰতৰ মেচ, নিশ্চিত কৰিলে পাকিস্তানে

চেম্পিয়নছ ট্ৰফী ২০২৫ সন্দৰ্ভত লাহে লাহে সমগ্ৰ বিষয়বোৰ স্পষ্ট হৈ পৰিছে । ইয়াৰ পূৰ্বে আই চি চিয়ে আনুষ্ঠানিকভাৱে স্পষ্ট কৰি দিছিল যে প্ৰতিযোগিতাখনত ভাৰতৰ মেচসমূহ নিৰপেক্ষ স্থানত অনুষ্ঠিত হ’ব । আয়োজক পাকিস্তান ক্ৰিকেট ব’ৰ্ডক আই চি চিয়ে নিৰপেক্ষ স্থান বাছি ল’ব পাৰে বুলি জনাইছিল । এতিয়া পি চি বিয়ে স্পষ্ট কৰি দিছে যে চেম্পিয়নছ ট্ৰফীত ডুবাই হ’ব ভাৰতৰ নিৰপেক্ষ স্থান ।

পি চি বিৰ অধ্যক্ষ মহছিন নাকভিয়ে ২১ ডিচেম্বৰত পাকিস্তানত এমিৰেটছ ক্ৰিকেট ব’ৰ্ডৰ মুৰব্বী শ্বেইখ নাহিয়ান বিন মুবাৰক আল নাহিয়ানৰ সৈতে আই চি চি চেম্পিয়নছ ট্ৰফীৰ সূচী সন্দৰ্ভত বৈঠকত মিলিত হয় আৰু তেওঁলোকে একমতত উপনীত হোৱা বুলি বাতৰি প্ৰকাশ পাইছে ।

পি চি বিৰ মুখপাত্ৰ আমিৰ মিৰে এক বিবৃতিত কয় যে পাকিস্তানত দেওবাৰে পি চি বিৰ মুৰব্বী মহছিন নাকভি আৰু এমিৰেটছ ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ শ্বেখ মুবাৰক আল নাহিয়ানৰ মাজত হোৱা বৈঠকৰ পিছত আমি আই চি চিক জনাইছো যে ডুবাই নিৰপেক্ষ স্থান হ’ব ।

উল্লেখ্য যে ভাৰতৰ গ্ৰুপ ষ্টেজৰ তিনিওখন মেচ ডুবাইত অনুষ্ঠিত হ’ব । যদি টিম ইণ্ডিয়াই চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেল আৰু ফাইনেলত প্ৰৱেশ কৰে তেন্তে সেই মেচবোৰো ডুবাইত অনুষ্ঠিত হ’ব । ইফালে চেম্পিয়নছ ট্ৰফীৰ সূচী এতিয়াও আই চি চিয়ে প্ৰকাশ কৰা নাই ।

কিয় লোৱা হ’ল নিৰপেক্ষ স্থানৰ সিদ্ধান্ত ?

বি চি চি আইয়ে স্পষ্টভাৱে অস্বীকাৰ কৰিছিল যে টিম ইণ্ডিয়াই চেম্পিয়নছ ট্ৰফীৰ বাবে পাকিস্তান ভ্ৰমণ নকৰে । তেতিয়াৰ পৰাই নিৰপেক্ষ স্থান সন্দৰ্ভত আলোচনা তীব্ৰতৰ হৈ পৰিছিল আৰু তাৰ পিছত অৱশেষত আই চি চিয়ে সিদ্ধান্ত লয় যে মেন ইন ব্লু দলে প্ৰতিযোগিতাখনত নিজৰ মেচসমূহ নিৰপেক্ষ স্থানত খেলিব । এইবাৰ পাকিস্তানে আয়োজন কৰিছে চেম্পিয়নছ ট্ৰফী ।

ভাৰত নে পাকিস্তান, ক্ৰিকেটত কাৰ বাবে আশাপ্ৰদ আছিল ২০২৪; জানক দুয়োটা দলৰ পৰিসংখ্যা

ক্ৰিকেট খেলপথাৰত ভাৰত আৰু পাকিস্তান দলৰ মাজত সদায় কঠোৰ প্ৰতিযোগিতা চলি আহিছে । এইবাৰো (২০২৪) দুয়োটা দলৰ মুখামুখি হৈছিল, য’ত প্ৰতিবাৰৰ দৰেই ভাৰতে জয়লাভ কৰিছিল । ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ সময়ত দুয়োটা দল মুখামুখি হৈছিল । গতিকে ২০২৪ চনটো দুয়োটা দলৰ বাবে কেনেকৈ গ’ল জানক । দুয়োটা দলৰ ভিতৰত কোনটো দলৰ পৰিসংখ্যা ভাল ?

২০২৪ চনত ভাৰতীয় দল-

২০২৪ চনত টিম ইণ্ডিয়াই এটা ভাল বছৰ পাৰ কৰাৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল আই চি চি ট্ৰফী জয় কৰা । ভাৰতীয় দলটোৱে ২০২৪ চনৰ টি-২০ বিশ্বকাপত জয়লাভ কৰি ১১ বছৰীয়া আই চি চি ট্ৰফীৰ অপেক্ষাৰ অন্ত পেলাই । এই ক্ষেত্ৰত টিম ইণ্ডিয়াৰ বাবে এই বছৰটো অতি ভাল আছিল ।

এতিয়া এইবাৰ টিম ইণ্ডিয়াৰ পৰিসংখ্যাৰ কথা কবলৈ গলে, ভাৰতীয় দলটোৱে এইবাৰ মুঠ ২৬খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে, ইয়াৰে ২৪খন খেলত জয়লাভ কৰিছে দলটোৱে ।

এদিনীয়াঃ টি-২০ত দলটোৰ অভিলেখ এইবাৰ আকৰ্ষণীয় আছিল যদিও এদিনীয়া ক্ৰিকেটত মেন ইন ব্লুৰ বাবে এইটো আছিল এক বিপৰ্যয়জনক বছৰ । ২০২৪ চনত ভাৰতে মাত্ৰ তিনিখন এদিনীয়া খেল খেলিছিল, য’ত ভাৰতে এখনতো জয়ী হোৱা নাছিল । টীম ইণ্ডিয়াই ৩খন এদিনীয়া খেলৰ ভিতৰত ২ খন খেলত পৰাস্ত হয় আৰু বাকী ১খন মেচ ড্ৰ হৈছিল ।

টেষ্টঃ ২০২৪ চনত টিম ইণ্ডিয়াই মুঠ ১৫খন টেষ্ট খেলিবলগীয়া হৈছে, ইয়াৰে ১৪খন ইতিমধ্যে খেলিছে । ২৬ ডিচেম্বৰৰ পৰা মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বছৰৰ অন্তিমখন টেষ্ট খেলিব দলটোৱে । ১৪ খন টেষ্টত টিম ইণ্ডিয়াই ৮ খন জয় আৰু ৫ খনত পৰাস্ত হয় আৰু বাকী ১ খন ড্ৰ’ত শেষ হয় ।

২০২৪ চনত পাকিস্তান দলঃ

টি-২০ ইণ্টাৰনেশ্যনেলঃ পাকিস্তানে চলিত বৰ্ষত এতিয়ালৈকে ২৭ খন টি-২০ ইণ্টাৰনেশ্যনেল মেচ খেলিছে, ৯খন খেলত জয়ী আৰু ১৬খন মেচত পৰাস্ত হৈছে । বাকী এখন মেচ ড্ৰ হৈছিল ।

এদিনীয়াঃ ২০২৪ চনত পাকিস্তানে এতিয়ালৈকে ৮খন এদিনীয়া খেলিছে, ৬খনত জয়লাভ কৰিছে আৰু ২খনত পৰাস্ত হৈছে ।

টেষ্টঃ এই বছৰ এতিয়ালৈকে পাকিস্তানে ৬খন টেষ্ট খেলিছে, মাত্ৰ ২খন টেষ্টত জয়লাভ কৰিছে আৰু ৪খনত পৰাস্ত হৈছে ।

২০২৪ত ‘অৱসৰ একাদশ’ গঠন হৈছিল ভাৰতৰ !বিৰাট কোহলী আৰু ৰোহিত শৰ্মাকে ধৰি ১২ গৰাকী ক্ৰিকেটাৰৰ অৱসৰ

২০২৪ বৰ্ষটোৱে ভাৰতীয় ক্ৰিকেটলৈ কেতিয়াবা সুখৰ লগতে কেতিয়াবা কঢ়িয়াই আনিলে দুখ । ভাৰতীয় দলটোৱে এইবাৰ টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰি অনুৰাগীক সুখী কৰি তুলিছিল । কিন্তু এই বছৰটোত ভাৰতৰ ১২ গৰাকী তাৰকা খেলুৱৈয়ে ক্ৰিকেটৰ পৰা বিদায় লয় । এয়া তেওঁলোকৰ অনুৰাগীৰ তথা ভাৰতীয় ক্ৰিক্ৰেট জগতৰ বাবা দুখতকৈ কম নাছিল ।

বিৰাট কোহলী, ৰোহিত শৰ্মা, ৰবীন্দ্ৰ জাডেজা, শিখৰ ধাৱন আৰু অৱশেষত ৰবিচন্দ্ৰন অশ্বিনৰ দৰে তাৰকা খেলুৱৈয়ে অৱসৰ লোৱাত ভাৰতীয় অনুৰাগীসকলে আটাইতকৈ ডাঙৰ আঘাত লাভ কৰিলে । অৱশ্যে কোহলী, ৰোহিত আৰু জাডেজাই কেৱল টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা বিদায় লৈছে ।

বিশ্বকাপ জয়ৰ লগে লগে অৱসৰ লয় কোহলী-ৰোহিত-জাডেজাইঃ

চলিত বৰ্ষৰ জুন মাহত টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছিল ভাৰতীয় দলে । ২৯ জুনত অনুষ্ঠিত ফাইনেলত দক্ষিণ আফ্ৰিকাক ৭ ৰাণত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপত জয়লাভ কৰে দলটোৱে । বাৰ্বাডোছত অনুষ্ঠিত এই ফাইনেলত জয়লাভ কৰাৰ পিছত কোহলী আৰু ৰোহিতে টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে ।

এই ঘোষণাই অনুৰাগীসকলৰ মাজত জোকাৰণিৰ সৃষ্টি কৰিছিল । ইয়াৰ ঠিক পিছদিনা জাডেজায়ো অনুৰাগীক আচৰিত কৰি টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে । এইদৰে বিশ্বকাপ জয়ৰ আনন্দৰ সমান্তৰালকৈ অনুৰাগীসকলে তিনি তাৰকা খেলুৱৈৰ অৱসৰৰ দুখো লাভ কৰে ।

জন্মদিনত অনুৰাগীক দুখ দিলে কাৰ্তিকে-

১ জুনত ভাৰতীয় দলৰ তাৰকা উইকেটকীপাৰ বেটছমেন দীনেশ কাৰ্তিকেও অনুৰাগীক আচৰিত কৰে । কাৰ্তিকৰ জন্মদিনো আছিল ১ জুনত । জন্মদিনৰ উপহাৰ হিচাপে এই দিনটোতে অনুৰাগীক দুখ দিয়ে খেলুৱৈগৰাকীয়ে । এই দিনটোতে কাৰ্তিকে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে ।

কেৱল জুন মাহতে চাৰিজনকৈ খেলুৱৈয়ে অৱসৰ লোৱাৰ পাছত আগষ্ট মাহত ভাৰতীয় দলটোৱে আন এক আঘাতৰ সন্মুখীন হয় । তাৰকা ভাৰতীয় অ’পেনাৰ শিখৰ ধাৱানে ২৪ আগষ্টত আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি অনুৰাগীক আচৰিত কৰি তোলে । ২০১৩ চনত চেম্পিয়নছ ট্ৰফী জয় কৰা ভাৰতীয় দলৰ অংশ হিচাপেও ধাৱনে অংশ লৈছিল ।

অষ্ট্ৰেলিয়া ভ্ৰমণৰ ঠিক পূৰ্বে আন এক অৱসৰ-

বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণত থকা ভাৰতীয় দলটোৱে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অধীনত পাঁচখনীয়া খেলৰ টেষ্ট শৃংখলা খেলি আছে । এই শৃংখলাৰ ঠিক পূৰ্বে নৱেম্বৰ মাহত অভিজ্ঞ উইকেটকীপাৰ বেটছমেন ঋদ্ধিমান সাহাই ক্ৰিকেটৰ পৰা বিদায় লয় । বংগৰ এই ৪০ বছৰীয়া উইকেটকীপাৰগৰাকীয়ে ২০১০ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱাৰ পিছত ৪০খন টেষ্ট আৰু ৯খন এদিনীয়া খেল খেলিছে ।

এই সকলোবোৰৰ উপৰিও ভাৰতীয় দলৰ তাৰকা খেলুৱৈ কেদাৰ যাদৱ, বৰুণ এৰন, বৰিন্দৰ শ্ৰান, সিদ্ধাৰ্থ কৌল আৰু সৌৰভ তিৱাৰীয়েও তিনিওটা ফৰ্মেটকে বিদায় দিছে ।

বছৰৰ শেষ আৰু আটাইতকৈ ডাঙৰ আঘাত দিলে অশ্বিনে-

বছৰটো শেষ হবলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত তাৰকা স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনে ডাঙৰ আঘাত দিয়ে । বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ মাজতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় ল’লে এই ষ্টাৰ স্পীন অল-ৰাউণ্ডাৰগৰাকীয়ে ।

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত খেলা গাব্বা টেষ্ট ড্ৰ’ হোৱাৰ পিছতে বৃহস্পতিবাৰে (১৮ ডিচেম্বৰ) তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে । এনে পৰিস্থিতিত ২০২৪ চনত মুঠ ১২ গৰাকী ভাৰতীয় ক্ৰিকেটাৰে অৱসৰ গ্ৰহণ কৰে । এক প্ৰকাৰে এয়া ভাৰতৰ বাবে অৱসৰ একাদশ হৈ পৰিছে ।

এই ১২ জন ভাৰতীয়ই ২০২৪ চনত অৱসৰ গ্ৰহণ কৰে-

– কোহলী, ৰোহিত, জাডেজাৰ টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ পৰা অৱসৰ গ্ৰহণ

– আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অশ্বিনৰ অৱসৰ

– দীনেশ কাৰ্তিক, শিখৰ ধাৱন, কেদাৰ যাদৱ, ঋদ্ধিমান সাহা, বৰুণ এৰণ, বৰিন্দৰ শ্ৰাণ, সিদ্ধাৰ্থ কৌল আৰু সৌৰভ তিৱাৰীয়ে তিনিওটা ফৰ্মেটৰ পৰা বিদায় লয়

অৱসৰৰ পিছত চেন্নাইত উপস্থিত ৰবিচন্দ্ৰন অশ্বিন, উষ্ম আদৰণি জনালে অনুৰাগীয়ে

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ব্রিছবেন টেষ্টৰ পাছত ৰবিচন্দ্ৰন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লয় । ইয়াৰ পিছত ৰবি অশ্বিন আজি চেন্নাইত উপস্থিত হয় । অফ স্পীনাৰগৰাকীক চেন্নাইত অনুৰাগীয়ে উষ্ম আদৰণি জনায় । ছচিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে ৰবি অশ্বিনক আদৰণি জনোৱা এই ভিডিঅ’ । ইয়াৰ উপৰিও ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এই ভিডিঅ’ত ৰবি অশ্বিনক শুভেচ্ছা জনাইছে ।

‘মই নাভাবো ৰবি অশ্বিনৰ ক্ৰিকেটাৰ হিচাপে কোনো প্ৰকৃত ভৱিষ্যত আছে…’

ৰবি অশ্বিনে কয় যে মই আই পি এলত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিবলৈ ওলাইছো । যিমান দিন পাৰো খেলিবলৈ চেষ্টা কৰিছো…ক্ৰিকেটাৰ হিচাপে ৰবি অশ্বিনৰ সময় শেষ হোৱা বুলি মই নাভাবো । ভাৰতীয় ক্ৰিকেটাৰ হিচাপে মোৰ সময় শেষ হোৱা যেন অনুভৱ কৰোঁ, কিন্তু ক্ৰিকেটাৰ হিচাপে মোৰ মাজত এতিয়াও ক্ৰিকেট বাকী আছে ।

‘অৱসৰৰ চিন্তাটো মোৰ মনত বহুদিনৰ পৰাই চলি আছিল…’

ৰবি অশ্বিনে আৰু কয় যে যদি আপুনি অৱসৰৰ কথা সোধে তেন্তে সেয়া সদায় কঠিন । যদি আপুনি আপোনাৰ অৱসৰৰ বিষয়ে সিদ্ধান্ত লৈছে তেন্তে সেয়া সহজ নহয় । আপোনালোককে ধৰি বহু লোকৰ বাবে এইটো এটা আৱেগিক মুহূৰ্ত, কিন্তু মোৰ বাবে ই এক বৃহৎ সকাহ আৰু সন্তুষ্টিৰ বিষয় । ৰবি অশ্বিনে কয় যে অৱসৰৰ চিন্তা মোৰ মনত বহুদিন ধৰি চলি আছিল, কিন্তু সেয়া সহজ নাছিল । ব্রিছবেন টেষ্টৰ চতুর্থ দিনা অৱসৰৰ কথা ভাবি পঞ্চম দিনা ঘোষণা কৰিলোঁ ৷

২০২৪: টি-২০ত ভাৰতৰ বাবে স্বৰ্ণিম বছৰ…বাৰ্বাডোছত উৰিছিল ত্ৰিৰংগা

২০২৪ বৰ্ষটো শেষ হ’বলৈ মাত্ৰ কেইটামান দিন বাকী আছে । এই বছৰটো বহু দিশত স্মৰণীয় হ’ব য’ত ভাৰতে ক্ৰীড়াতো বহু কৃতিত্ব অৰ্জন কৰিছিল । প্ৰায় ছমাহ পূৰ্বে ২০২৪ চনৰ ৩০ জুনত ৰোহিত শৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে বাৰ্বাডোছত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ ফাইনেল মেচত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছিল ।

২০২৩ চনৰ এদিনীয়া বিশ্বকাপত পৰাজয়ৰ ছমাহৰ পিছত সফলতা-

ভাৰতে যোৱা বছৰ ঘৰুৱা ক্ষেত্ৰত এদিনীয়া বিশ্বকাপৰ চেম্পিয়ন হোৱাৰ পৰা বঞ্চিত হৈছিল যদিও এইবাৰ ভাৰত চেম্পিয়ন হ’ল আৰু আই চি চিৰ ট্ৰফী জয়ৰ ১১ বছৰীয়া খৰাং পৰিস্থিতিৰ অন্ত পেলায় । ইয়াৰ পূৰ্বে ভাৰতে ২০১৩ চনত চেম্পিয়নছ ট্ৰফী লাভ কৰিছিল । এই জয় ভাৰতৰ ক্ৰিকেট অনুৰাগী আৰু ভাৰতীয় দলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ । দলটোৰ অংশ হিচাপে থকা অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটছমেন বিৰাট কোহলীয়ে খিতাপ দখল কৰি টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ গ্ৰহণ কৰে । এই সিদ্ধান্তত অনুৰাগীসকলে দুখ প্ৰকাশ কৰিছিল, কিয়নো ৰোহিত আৰু বিৰাটক আৰু ভাৰতৰ হৈ টি-২০ খেলা দেখা নাযাব । কিন্তু তেওঁলোকে এই ফৰ্মেটৰ পৰা চেম্পিয়ন হিচাপে বিদায় লোৱাক লৈ সন্তুষ্টিৰ সৃষ্টি হৈছিল ।

১৭ বছৰৰ পিছত টি-২০ বিশ্বকাপ জয়-

২০২৪ চনক যেতিয়াই স্মৰণ কৰা হ’ব, তেতিয়াই ভাৰতৰ এই বিজয় সদায় প্ৰতিজন ভাৰতীয়ৰ অন্তৰত থাকিব । এই বছৰটোতে ভাৰতে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰে । ইয়াৰ পূৰ্বে ২০০৭ চনত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত দলটোৱে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছিল । সেই সময়তো ৰোহিত দলৰ অংশ আছিল । এইদৰে ভাৰতে ১৭ বছৰৰ পাছত টি-২০ বিশ্বকাপ জয় কৰে । কেৱল এয়াই নহয়, ভাৰতীয় দলে যিকোনো বিশ্বকাপৰ খিতাপ জয় কৰিবলৈ দীঘলীয়া ১৩ বছৰ সময় লাগিছিল কাৰণ ইয়াৰ পূৰ্বে ২০১১ চনত ৫০ অভাৰৰ বিশ্বকাপত জয়ী হৈছিল । ইয়াৰ লগে লগে টিম ইণ্ডিয়াই দুবাৰকৈ টি-২০ বিশ্বকাপ জয় কৰা তৃতীয়টো দল হিচাপে পৰিগণিত হয় । ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজ (২০১২, ২০১৬) আৰু ইংলেণ্ডে (২০১০, ২০২২) এই অভিলেখ গঢ়িছিল ।

ৰোমাঞ্চকৰ ফাইনেলত ভাৰতে জয়লাভ কৰে-

বাৰ্বাডোছত খেলা ৰোমাঞ্চকৰ ফাইনেলত টিম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাক ৭ ৰাণত পৰাস্ত কৰে । টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ পিছত ভাৰতে ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৭৬ ৰান সংগ্ৰহ কৰে । ইয়াৰ উত্তৰত দক্ষিণ আফ্ৰিকাৰ দলটোৱে ২০ অভাৰত ৮ উইকেটত ১৬৯ ৰান সংগ্ৰহ কৰে ।

১৭ নম্বৰ অভাৰত ভাৰতে খেলখন নিজৰ হাতলৈ আনে । ১৬ অভাৰৰ ভিতৰত দক্ষিণ আফ্ৰিকাই ৪ উইকেটত ১৫১ ৰান সংগ্ৰহ কৰিছিল । তাৰ পিছত মিলাৰ আৰু ক্লাচেন ক্ৰীজত আছিল । দক্ষিণ আফ্ৰিকাক শেষৰ ২৪টা বলত ২৬ ৰানৰ প্ৰয়োজন হৈছিল । পিছত ১৭ নং অভাৰত হাৰ্দিকে ক্লাচেনক আউট কৰি মাত্ৰ চাৰি ৰানহে দিয়ে । ১৮ নং অভাৰত বুমৰাহে জেন্সেনক আউট কৰি দুই ৰান দিয়ে । ১৯ অভাৰত অৰ্শদীপে ৪ ৰান দিয়ে । দক্ষিণ আফ্ৰিকাক শেষ অভাৰত ১৬ ৰানৰ প্ৰয়োজন হৈছিল । প্ৰথম বলত হাৰ্দিকে মিলাৰক আউট কৰে । দ্বিতীয় বলত ৰাবাদাই ৪ ৰান সংগ্ৰহ কৰে । তৃতীয় বলত ৰাবাদাই এটা চিংগল লয় । চতুৰ্থ বলত মহাৰাজে চিংগল লয় । পিছৰ বলটো ৱাইড হৈছিল । পঞ্চম বলত হাৰ্দিকে ৰাবাদাক আউট কৰে । শেষৰ বলত এটা ৰান আহিছিল আৰু ভাৰতে ৭ ৰানত জয়লাভ কৰে ।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কোন আছিল অশ্বিনৰ শেষ চিকাৰ ?  জানক কোনটো দলৰ বিৰুদ্ধে উইকেট লৈছিল তেওঁ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ৰবিচন্দ্ৰন অশ্বিনে । অশ্বিনে টিম ইণ্ডিয়াৰ হৈ অল ৰাউণ্ডাৰৰ ভূমিকা পালন কৰি আহিছে । টেষ্টৰ লগতে এদিনীয়া ক্ৰিকেটতো তেওঁ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত তৃতীয়খন টেষ্ট খেলৰ অন্তত অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে । কিন্তু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অশ্বিনৰ শেষ চিকাৰ কোন হ’ল জানেনে ?

অশ্বিনে অন্তিমখন এদিনীয়া মেচ চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছিল । এই মেচখন ২০২৩ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হৈছিল । শেষৰখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ ২০২২ চনত ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হৈছিল । শেষৰখন টেষ্টত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এডিলেইডত খেলিছিল অশ্বিনে । এই খেলখন চলিত বৰ্ষৰ ৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছিল ।

কোন আছিল অশ্বিনৰ শেষ আন্তঃৰাষ্ট্ৰীয় চিকাৰ-

এডিলেইডত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিমটো আন্তঃৰাষ্ট্ৰীয় উইকেট দখল কৰিছিল অশ্বিনে । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত খেলা দ্বিতীয়খন টেষ্টত তেওঁ মিচেল মাৰ্ছক আউট কৰে । প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াৰ হৈ বেটিং কৰিবলৈ আহিছিল মাৰ্ছ । ব্যক্তিগতভাৱে ৯ ৰানৰ স্ক’ৰত আউট হৈছিল তেওঁ । ঋষভ পন্টে এই কেচ লৈছিল । এই টেষ্টৰ পিছত ব্রিছবেনত খেলা নাছিল অশ্বিনে ৷ তেওঁ টিম ইণ্ডিয়াৰ মূল একাদশৰ অংশ নাছিল ।

অশ্বিনৰ নামত বহুতো অভিলেখ-

টেষ্টত সৰ্বাধিক প্লেয়াৰ অৱ দ্য ছিৰিজৰ বঁটা লাভ কৰা খেলুৱৈগৰাকী হৈছে অশ্বিন । ইয়াৰ লগতে টেষ্টত সৰ্বাধিক উইকেট লোৱাৰ ক্ষেত্ৰত তেওঁ ৭ম স্থানত আছে । ভাৰতীয় বলাৰৰ তালিকাত তেওঁ দ্বিতীয় স্থানত আছে । একেখন টেষ্ট ইনিংছত শতক অৰ্জন কৰাৰ লগতে ৫টা উইকেট দখল কৰিছে অশ্বিনে । টিম ইণ্ডিয়াৰ অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাইও এই অভিলেখ গঢ়িছে । অশ্বিনে টেষ্টত ৫৩৭টা আৰু এদিনীয়াত ১৫৬টা উইকেট দখল কৰিছে ।

অৱসৰৰ পিছত আৱেগিক হৈ পৰিল অশ্বিন; ৰোহিত আৰু কোহলীক কৰিলে আলিঙ্গন

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত খেলা তৃতীয় খন টেষ্ট মেচ অমীমাংসিত ভাৱে সমাপ্ত হৈছিল। কিন্তু তাৰ মাজতে আৰ. অশ্বিনে কৰা এটা ডাঙৰ ঘোষণাই সকলোকে আচৰিত কৰিছিল।

গাব্বাত তৃতীয় টেষ্ট সমাপ্ত হোৱাৰ লগে লগে অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনায়।অনিল কুম্বলে (৬১৯ উইকেট)ৰ পিছত, ৫৩৭ ৰাণৰ সৈতে ভাৰতৰ হৈ দ্বিতীয় সৰ্বাধিক উইকেট দখল কৰা অশ্বিনে ব্ৰিছবেনত তৃতীয় টেষ্ট খন ড্ৰ’ত সমাপ্ত হোৱাৰ পিছত অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে এক যুটীয়া সংবাদমেলত কয় যে তেওঁ বেছি সময় নল’ব।

ভাৰতীয় দলৰ ক্ৰিকেটাৰ হিচাপে এইটো তেওঁৰ অন্তিম দিন। তেওঁ কৈছিল যে “তেওঁ অনুভৱ কৰে যে তেওঁৰ মাজত এতিয়াও অলপ ক্ৰিকেট বাকী আছে, কিন্তু তেওঁ এতিয়া ইয়াক ক্লাব পৰ্যায়ত প্ৰদৰ্শন কৰিব বিচাৰে”।

অশ্বিনে আৰু কৈছিল যে “তেওঁৰ সমগ্ৰ কেৰিয়াটো যথেষ্ট উপভোগ কৰিছে। ৰোহিত আৰু আন খেলুৱৈসকলৰ সৈতে তেওঁৰ বহুতো স্মৃতি আছে। তেওঁ বিচিচিআই আৰু তেওঁৰ সহযোগী খেলুৱৈসকলকো ধন্যবাদ জনাইছিল”।

“এইটো তেওঁৰ বাবে এক আৱেগিক মুহূৰ্ত আৰু তেওঁ এতিয়া কোনো প্ৰশ্ন ল’ব নোৱাৰিব।তাৰ বাবে তেওঁ  সকলোৰে ওচৰত ক্ষমা বিচাৰে”।

ৰোহিতে অশ্বিনৰ প্ৰস্থানৰ পিছত কৈছিল যে আমি তেওঁৰ ইচ্ছাক সন্মান কৰা উচিত।আন্তৰ্জাতিক অৱসৰ ঘোষণাৰ পূৰ্বে  আৰ. অশ্বিনক ড্ৰেছিং ৰুমত বিৰাট কোহলীৰ সৈতে আৱেগিক হোৱা দেখা গৈছিল। এই সময়ছোৱাত, তেওঁ বিৰাট কোহলীকো চকুপানীৰ সৈতে সাৱটি ধৰিছিল।

অশ্বিনে বিশ্বৰ শীৰ্ষ দলসমূহৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন কৰিছিল। তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১১৫ টা টেষ্ট উইকেট আৰু ইংলেণ্ডৰ বিৰুদ্ধে ১১৪ টা উইকেট লৈ অৱসৰ গ্ৰহণ কৰিছিল।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা অশ্বিনৰ, গাব্বা টেষ্টৰ পিছতে ল’লে সিদ্ধান্ত

ভাৰতৰ প্ৰবীণ স্পানাৰ ৰবিচন্দ্ৰন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে । গাব্বা টেষ্টৰ পিছত সংবাদমেলত এই কথা তেওঁ ঘোষণা কৰে । অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে সংবাদমেলত উপস্থিত হৈ এই ঘোষণা কৰে অশ্বিনে । অৱসৰৰ পূৰ্বে অশ্বিনক বিৰাট কোহলীৰ সৈতে ড্ৰেছিং ৰুমত বহি থকা দেখা গৈছিল । এই সময়ত কোহলীয়ে তেওঁক সাৱটি ধৰাও পৰিলক্ষিত হয় । এডিলেইড দিবা-নৈশ টেষ্টত টিম ইণ্ডিয়াৰ অংশ আছিল অশ্বিন ।

৩৮ বছৰীয়া এই স্পীনাৰগৰাকীয়ে ভাৰতৰ হৈ বহু অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । টেষ্টত সৰ্বকালৰ আগশাৰীৰ উইকেট দখলকাৰীৰ ভিতৰত তেওঁ সপ্তম স্থানত আছে । ১০৬খন টেষ্টত অশ্বিনৰ ৫৩৭টা উইকেট আছে । তেওঁৰ শ্ৰেষ্ঠ বলিং হৈছে ৫৯ ৰানত ৭ উইকেট । এই সময়ছোৱাত তেওঁৰ গড় ২৪.০০ আৰু ষ্ট্ৰাইক ৰেট ৫০.৭৩ । অনিল কুম্বলেৰ পিছতে ভাৰতীয়ৰ ভিতৰত টেষ্ট ক্ৰিকেটত দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী অশ্বিন । কুম্বলেই তেওঁৰ নামত ৬১৯টা টেষ্ট উইকেট লাভ কৰিছিল । অশ্বিনৰ এই ঘোষণা আচৰিত কাৰণ ভাৰতৰ ভূমিত ভাৰতীয় স্পিন আক্ৰমণৰ শক্তি আছিল তেওঁ । অষ্ট্ৰেলিয়া ভ্ৰমণলৈ গৈ হঠাতে অৱসৰ লোৱাৰ সিদ্ধান্ত লোৱাটো আশ্চৰ্যকৰ ।

টেষ্টত অশ্বিনে ৩৭বাৰ পাঁচ উইকেট দখল কৰিছে, যিটো ভাৰতীয় যিকোনো বলাৰৰ সৰ্বাধিক । তাৰ পিছে পিছে আহে কুম্বলে । টেষ্টত ৩৫ বাৰ এটা ইনিংছত ৫টা উইকেট দখল কৰিছে কুম্বলেই । এটা ইনিংছত সৰ্বাধিক উইকেট দখল কৰাৰ অভিলেখ শ্ৰীলংকাৰ মুথিয়া মুৰালিধৰণৰ হাতত আছে । তেওঁ ৬৭ বাৰ এই কাম কৰিছিল । শ্বেন ৱাৰ্ণৰ সৈতে যৌথভাৱে দ্বিতীয় স্থানত আছে অশ্বিন ।

টেষ্ট ক্ৰিকেটত অশ্বিনৰ অভিলেখ-

বলিং- ১০৬খন টেষ্ট, ৫৩৭ উইকেট, ইনিংছত শ্ৰেষ্ঠ বলিং ৭/৫৯, মেচত শ্ৰেষ্ঠ বলিং ১৩/১৪০, গড় ২৪.০০

বেটিং- ১০৬খন টেষ্ট, ১৫১ ইনিংছ, ৩৫০৩ ৰান, সৰ্বোচ্চ ১২৪, গড় ২৫.৭৫

অশ্বিনৰ এদিনীয়া ক্ৰিকেটত অভিলেখ-

বলিং : ১১৬ খন মেচ, ১৫৬ টা উইকেট, শ্ৰেষ্ঠ বলিং ৪/২৫, গড় ৩৩.২০

বেটিং : ১১৬খন মেচ, ৬৩ টা ইনিংছ, ৭০৭ ৰান, সৰ্বোচ্চ ৬৫, গড় ১৬.৪৪

টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অশ্বিনৰ অভিলেখ-

বলিং : ৬৫ খন মেচ, ৭২ উইকেট, শ্ৰেষ্ঠ বলিং ৪/৮, ২৩.২২ গড়

বেটিং : ৬৫খন মেচ, ১৯ টা ইনিংছ, ১৮৪ ৰান, সৰ্বোচ্চ ৩১*, গড় ২৬.২৮

অশ্বিনৰ টেষ্ট শতক-

১০৩ ৰান বনাম ৱেষ্ট ইণ্ডিজ, মুম্বাই, ২০১১

১২৪ ৰান বনাম ৱেষ্ট ইণ্ডিজ, কলকাতা, ২০১৩

১১৩ ৰান বনাম ৱেষ্ট ইণ্ডিজ, নৰ্থ চাউণ্ড, ২০১৬

১১৮ ৰান বনাম ৱেষ্ট ইণ্ডিজ, ছেইণ্ট লুচিয়া, ২০১৬

১০৬ ৰান বনাম ইংলেণ্ড, চেন্নাই, ২০২১

১১৩ ৰান বনাম বাংলাদেশ, চেন্নাই, ২০২৪